ভূমিকম্প, বান আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মাজুলীৰ শিশুসকলক বিপৰ্যয়ৰ পৰা সুৰক্ষিত কৰিব পৰাকৈ তেওঁলোকক মানসিক ভাৱে সাজু কৰি তুলিবলৈ বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে। এই সন্দৰ্ভত যাৱতীয় প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে প্ৰাধিকৰণৰ আন্তঃবিভাগীয় দল এটাই শুকুৰবাৰে মাজুলী ভ্ৰমণ কৰে।
মাজুলী জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সহযোগত ইতিমধ্যে জিলাখনৰ চাৰিখন বিদ্যালয়ক ‘শিশু অনুকূল স্থান’ হিচাপে বাচনি কৰি প্ৰাধিকৰণে অহা ১ জুলাইৰ পৰা নদীদ্বীপ জিলাখনত দুৰ্যোগকালীন শিশু সুৰক্ষা ব্যৱস্থাপনা পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে।
ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপ সঞ্চালক তপন কলিতা, এএছডিএমএ-ৰ প্ৰকল্প প্ৰৱন্ধক মুক্তাৰাম ডেকা, মৃদুস্মিতা বৰা, স্বাস্থ্য পৰামৰ্শদাতা ড০ অভিজিত বসু, ইউনিচেফৰ কাৰিকৰী পৰামৰ্শদাতা অমলজিৎ ভৰালী আৰু শিশু-যতন বিশেষজ্ঞ নিশান্ত বৰগোহাঁইক লৈ গঠিত দলটোৱে এই সন্দৰ্ভত বৃহস্পতিবাৰে পুৱা মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়।
মাজুলীৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত চিন্ময় নাথৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকখনত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অচ্যুৎ বৰুৱা, শিশু উন্নয়ন বিষয়া নিৰঞ্জন শইকীয়া, মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিমল পেগু, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা নৱ বৰগোহাঁই, ডিডিএমএ-ৰ প্ৰকল্প বিষয়া দিব্যজ্যোতি শইকীয়াৰ উপৰি একাধিক পঞ্চায়ত প্ৰতিনিধি, চাৰিখন হাইস্কুলৰ প্ৰধান শিক্ষক আৰু ধেমাজিত শিশুৰ অধিকাৰ সুৰক্ষা বিষয়ক কামকাজত জৰিত হৈ থকা এন জি অ’ আৰভিচিৰ কাৰ্যকৰ্তা লোহিত গোস্বামীয়ে এএছডিএমএ-ৰ দলটোৰ সৈতে আলোচনাত ভাগ লয়।
উল্লেখ্য যে জিলা প্ৰশাসন আৰু ডিডিএমএৰ জৰিয়তে ইতিমধ্যে বানৰ কবলত পৰাৰ সৰ্বাধিক আশংকা থকা মাজুলীৰ চাৰিটা এলেকাক সামৰাকৈ কৰতিপাৰ হাইস্কুল, ৰতনপুৰ মিৰি গাৰ্লছ হাইস্কুল, কঢ়ালগাওঁ বাপুজী হাইস্কুল আৰু জোনাকী হাইস্কুলক শিশু অনুকূল স্থান হিচাপে চিহ্নিত কৰি শিশুসকলক প্ৰাকৃতিক দুৰ্যোগৰ পৰিৱেশ-পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ খেলা-ধূলা আৰু আগতীয়া প্ৰশিক্ষণৰদ্বাৰা মানসিকভাৱে সাজু কৰোৱাৰ ব্যৱস্থা কৰিছে দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে। ডিডিএমএ আৰু জিলাখনৰ শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে এই শিশু অনুকূল স্থানকেইটা পৰিচালনাত এএছডিএমএ-ক সহযোগ কৰিব। এই বৈঠকৰ পাছতে এএছডিএমএ-ৰ দলটোৱে দুপৰীয়া শিশু অনুকূল স্থান হিচাপে জাননী জাৰি কৰা জোনাকী হাইস্কুলৰ লগতে আন দুখন বিদ্যালয় পৰিৰ্শন কৰি এই দুৰ্যোগকালীন শিশু সুৰক্ষা ব্যৱস্থাপনা কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ বুজ লয়।