• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ দলৰ মাজুলী ভ্ৰমণ : উপায়ুক্ত কাৰ্যালয়ত বৈঠক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 21, 2019 5:48 pm
ASDMA team visits Majuli

শুকুৰবাৰে মাজুলীৰ উপায়ুক্ত কাৰ্য্যালয়ত বৈঠকৰ ছবি। নৰ্থ-ইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমিকম্প, বান আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মাজুলীৰ শিশুসকলক বিপৰ্যয়ৰ পৰা সুৰক্ষিত কৰিব পৰাকৈ তেওঁলোকক মানসিক ভাৱে সাজু কৰি তুলিবলৈ বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে। এই সন্দৰ্ভত যাৱতীয় প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে প্ৰাধিকৰণৰ আন্তঃবিভাগীয় দল এটাই শুকুৰবাৰে মাজুলী ভ্ৰমণ কৰে।

মাজুলী জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ সহযোগত ইতিমধ্যে জিলাখনৰ চাৰিখন বিদ্যালয়ক ‘শিশু অনুকূল স্থান’  হিচাপে বাচনি কৰি প্ৰাধিকৰণে অহা ১ জুলাইৰ পৰা নদীদ্বীপ জিলাখনত দুৰ্যোগকালীন শিশু সুৰক্ষা ব্যৱস্থাপনা পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে।

Apply Now

ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপ সঞ্চালক তপন কলিতা, এএছডিএমএ-ৰ প্ৰকল্প প্ৰৱন্ধক মুক্তাৰাম ডেকা, মৃদুস্মিতা বৰা, স্বাস্থ্য পৰামৰ্শদাতা ড০ অভিজিত বসু, ইউনিচেফৰ কাৰিকৰী পৰামৰ্শদাতা অমলজিৎ ভৰালী আৰু শিশু-যতন বিশেষজ্ঞ নিশান্ত বৰগোহাঁইক লৈ গঠিত দলটোৱে এই সন্দৰ্ভত বৃহস্পতিবাৰে পুৱা মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে এখন বৈঠকত মিলিত হয়।

মাজুলীৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত চিন্ময় নাথৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকখনত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অচ্যুৎ বৰুৱা, শিশু উন্নয়ন বিষয়া নিৰঞ্জন শইকীয়া, মহকুমা স্বাস্থ্য বিষয়া ডাঃ বিমল পেগু, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা নৱ বৰগোহাঁই, ডিডিএমএ-ৰ প্ৰকল্প বিষয়া দিব্যজ্যোতি শইকীয়াৰ উপৰি একাধিক পঞ্চায়ত প্ৰতিনিধি, চাৰিখন হাইস্কুলৰ প্ৰধান শিক্ষক আৰু ধেমাজিত শিশুৰ অধিকাৰ সুৰক্ষা বিষয়ক কামকাজত জৰিত হৈ থকা এন জি অ’ আৰভিচিৰ কাৰ্যকৰ্তা লোহিত গোস্বামীয়ে এএছডিএমএ-ৰ দলটোৰ সৈতে আলোচনাত ভাগ লয়।

উল্লেখ্য যে জিলা প্ৰশাসন আৰু ডিডিএমএৰ জৰিয়তে ইতিমধ্যে বানৰ কবলত পৰাৰ সৰ্বাধিক আশংকা থকা মাজুলীৰ চাৰিটা এলেকাক সামৰাকৈ কৰতিপাৰ হাইস্কুল, ৰতনপুৰ মিৰি গাৰ্লছ হাইস্কুল, কঢ়ালগাওঁ বাপুজী হাইস্কুল আৰু জোনাকী হাইস্কুলক শিশু অনুকূল স্থান হিচাপে চিহ্নিত কৰি শিশুসকলক প্ৰাকৃতিক দুৰ্যোগৰ পৰিৱেশ-পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ খেলা-ধূলা আৰু আগতীয়া প্ৰশিক্ষণৰদ্বাৰা মানসিকভাৱে সাজু কৰোৱাৰ ব্যৱস্থা কৰিছে দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে। ডিডিএমএ আৰু জিলাখনৰ শিক্ষা, স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে এই শিশু অনুকূল স্থানকেইটা পৰিচালনাত এএছডিএমএ-ক সহযোগ কৰিব। এই বৈঠকৰ পাছতে এএছডিএমএ-ৰ দলটোৱে দুপৰীয়া শিশু অনুকূল স্থান হিচাপে জাননী জাৰি কৰা জোনাকী হাইস্কুলৰ লগতে আন দুখন বিদ্যালয় পৰিৰ্শন কৰি এই দুৰ্যোগকালীন শিশু সুৰক্ষা ব্যৱস্থাপনা কাৰ্যকৰী কৰাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ বুজ লয়।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

Stay Connected

  • 117k Fans

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd