• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীৰ বিবৃতিত ভয়াবহ তথ্য; দেশৰ প্ৰদূষিত ৩৫১ খন নদীৰ ভিতৰত ৪৪ খন অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2019 12:47 pm
River Pollution

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1.2k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাৱেড়েকাৰে শুকুৰবাৰে লোকসভাৰ মজিয়াত উত্থাপন কৰা এক প্ৰতিবেদনত অসমৰ নদ-নদীত প্ৰদূষণৰ মাত্ৰা ভয়ংকৰ হাৰত বৃদ্ধি পোৱাৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ ৩৫১ খন প্ৰদূষিত নদীৰ ভিতৰত অসমৰ ৪৪ খন নদীয়ে স্থান লাভ কৰে। এই পৰিসংখ্যাই মাত্ৰ ডেৰ বছৰৰ ভিতৰত অসমৰ ১৬ খন নদী নতুনকৈ প্ৰদূষণৰ কবলত পৰাৰ অতি ভয়াবহ তথ্য উদঙাই দিছে।

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

লোকসভাৰ প্ৰশ্নোত্তৰ কালত জাৱড়েকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশৰ ভিতৰত মাহাৰাষ্ট্ৰত প্ৰদূষিত নদ-নদীৰ সংখ্যা সৰ্বাধিক আৰু মহাৰাষ্ট্ৰৰ পাছতে অসমে স্থান লাভ কৰে।

প্ৰকাশ জাৱড়েকাৰে প্ৰদান কৰা বিবৃতিত প্ৰকাশ পোৱা অনুসৰি প্ৰদূষিত নদীৰ তালিকাত থকা অসমৰ নদীসমূহৰ নাম তলত উল্লেখ কৰা হ’ল-

ব্ৰহ্মপুত্ৰ, ভৰলু, বৰছলা, দীপৰ বিল(জলাশয়), ডিগবৈ, পঞ্চনৈ, কমলপুৰ, পাগলাদিয়া, খৰছং, বৰৈ, বৰাক, বেগা, বেঁকী, বগীনদী, ভোগদৈ, বৰবিল, বৰদৈবাম বুঢ়াদিহিং, ধনশিৰি, দিখৌ, ডিক্ৰং, দিপলাই, দিছাং, গাভৰু, হলুদুঙা, জীয়াভৰলী, জাঁজি, কলং, কপিলী, কিলিং, কঁহৰা, কুলশী, মালিনী, মৰাভৰলী, পুঠিমাৰি, ৰঙানদী, চামগুৰি, শিলসাঁকো, সোণকোষ, সোণাই আৰু টেঙা নৈ।

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

উল্লেখযোগ্য যে, ২০১৭ চনৰ লোকসভাৰ তথ্যত প্ৰকাশ কৰা তথ্যত অসমৰ ২৮ খন নদী প্ৰদূষিত নদীৰ তলিকাত আছিল কিন্তু উদ্বেগজনকভাৱে মাত্ৰ ডেৰবছৰৰ ভিতৰত নতুনকৈ আৰু ১৬ খন নদীৰ নাম ইয়াৰ লগত জড়িত হোৱা তথ্যই অসমৰ নদীসমূহত প্ৰদূষণৰ ভয়াবহতাৰ ছবিখন ডাঙি ধৰিছে।

এনেদৰে অসমৰ জন-জীৱনৰ আয়ুস ৰেখা স্বৰূপ নদীসমূহত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পালে অদূৰ ভবিষ্যতে অসমৰ খোৱা পানীৰ উৎস তথা পনীত বাস কৰা জীৱকূললৈ সংকত নামি অহাটো নিশ্চিত।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd