• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামৰণি পৰিল লিডু শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 24, 2019 10:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিডু শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিৱেশন আৰু কলাগুৰু বিষ্ণু ৰাভা দিৱস তিনিদিনীয়া কাৰ্যসূচীৰে মনবাহাদুৰ গুৰুং সমন্বয় ক্ষেত্ৰ (লিডু ৰেলৱে ৰঙ্গমঞ্চ)ত দেওবাৰে সফলতাৰে সামৰণি পৰে।

প্ৰথমদিনা কাৰ্যসূচী অনুসৰি পুৱা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙৰ উপস্থিতিত শিক্ষাবিদ সোমেশ্বৰ নেওগে সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰাৰ পিছতে শাখাটোৰ ৫২ বছৰ সম্পন্ন হোৱা উপলক্ষে সমসংখ্যক পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

Apply Now

তাৰপাছতে ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত সৃষ্টিমূলক নৃত্য  বিষ্ণু ৰাভাৰ কবিতা আবৃতি প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি ৪ বজাত লিডু হিন্দু মিলন মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শাখাৰ সাধাৰণ  সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ লগতে এখন ১১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। সন্ধিয়া ৮ বজাত নৱল কিশোৰ বুঢ়াগোঁহাই সত্যেন বৰাৰ পৰিচালনাত পাটকাই নাট্য গোষ্ঠীয়ে নিবেদন কৰে ৰূপকোঁৱৰ  জ্যোতি প্ৰসাদ আগৰৱালাৰ নাট ৰূপালীম।

পিছদিনা দিনৰ ১১ বজাত নৱীন লেখক-লেখিকা আৰু শিল্পীৰ অন্তৰঙ্গ অনুষ্ঠান ৰামধেনু অনুষ্ঠিত হয়। যুৱ সাহিত্যিক ৰাজীৱ নিংখীয়ে উদ্বোধন কৰা অনুষ্ঠানটোত দিহানাম, সত্ৰীয়া নৃত্য, বিহু আদি বিভিন্ন অনুষ্ঠান পৰিবেশিত হয়। তাৰপাছতে মহিলা লেখিকা আৰু শিল্পীৰ অন্তৰঙ্গ অনুষ্ঠান আকাশ অনুষ্ঠিত হয়৷

অন্তিম দিনা দিনৰ ১১ বজাত লিডু শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভানেত্ৰী দিপালী বৰপূজাৰী সিনহাক সু-সজ্জিত বাহনত উঠাই অনুষ্ঠানস্থলীৰ পৰা একুৰি সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে ৰাষ্ট্ৰীয় ঘাই পথেদি এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

আনহাতে  সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য ব্যাখ্যাত শাখাৰ এটা আটকধুনীয়া ভৱন নিৰ্মাণৰ প্ৰস্তুতি চলাই থকাৰ কথা ব্যক্ত কৰাৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই  প্ৰধানমন্ত্ৰী খনিজ খাদান যোজনা আচঁনিৰ জৰিয়তে ২৫ লক্ষ টকা আৱন্তন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি ৰাইজক জানিবলৈ দিয়ে।

সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসমৰ জাতীয় জীৱনলৈ অসম সাহিত্য সভাই আগবঢ়াই অহা অৱদানৰ কথা ব্যক্ত কৰে৷ সভাখনত তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি গিৰীশ সন্দিকৈ, তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভাপতি ৰঞ্জিত দত্ত, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি খৃষি দাসে অংশগ্ৰহণ কৰি বক্তব্য ডাঙি ধৰে।

উক্ত সভাতে গীতা দেৱী নেওগ আৰু অমৰজ্যোতি ফুকনৰ সম্পাদনাত প্ৰকাশিত শাখাৰ পত্ৰিকা নৱ নিবাৰ্চিত সভানেত্ৰী বৰপূজাৰীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। নিশা বাপী চৰকাৰৰ দ্বাৰা পৰিচালিত আমৰাও মানুষ নামৰ বাংলা নাট মঞ্চস্থ কৰা হয়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd