• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত সাংসদ তপন গগৈক ৰাজহুৱা সম্বৰ্ধনা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 30, 2019 7:50 pm
IMG-20190630-WA0075

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ শিৱসাগৰ জিলা সমিতিয়ে আজি শিৱসাগৰ চহৰৰ যুৱদলত যোৰহাট লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ তপন কুমাৰ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি সাংসদ গগৈয়ে কয় যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিতে লোকসভা এলেকা উন্নয়ন পুঁজিৰে একোটাকৈ ৰাজহুৱা সম্পদ গঢ়ি তোলা হ’ব।

লোকসভা সমষ্টিটোৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে সাংসদ পুঁজিৰ আবন্টন দিয়া হ’ব বুলিও গগৈয়ে ভাষণ প্ৰসংগত জানিবলৈ দিয়ে। লোকসভাৰ মজিয়াখন এখন বিশাল সাগৰ বুলি উল্লেখ কৰি তেওঁক লোকসভালৈ নিৰ্বাচিত কৰি পঠোৱাৰ বাবে যোৰহাট লোকসভা সমষ্টিবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক দিনত সকলোৰে পৰা পৰামৰ্শ বিচৰাৰ লগতে গঠনমূলক সমালোচনাৰো পোষকতা কৰে সাংসদগৰাকীয়ে।

Apply Now

শিৱসাগৰ জিলা বিজেপিৰ সভানেত্ৰী সুৰভী ৰাজকুৱঁৰীয়ে আদৰণী ভাষণ আগবঢ়োৱা সম্বৰ্ধনা সভাৰ আঁত ধৰে জিলা বিজেপিৰ সাধাৰণ সম্পাদক তন্ময় শইকীয়াই। সম্বৰ্ধনা সভাত শিৱসাগৰ জিলা বিজেপিৰ তৰফৰ পৰা সাংসদগৰাকীক এখন সঁফুৰা, সম্বৰ্ধনা পত্ৰ, জাপি, চেলেং আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনয়।

ইয়াৰ উপৰি শিৱসাগৰ জিলা মহিলা মৰ্চা, জিলা যুৱ মৰ্চা, জিলা অ বি চি মৰ্চা, জিলা অনুসূচিত জাতি মৰ্চা, জিলা কৃষাণ মৰ্চা, জিলা চাহ মৰ্চাৰ লগতে বিজেপিৰ আমগুৰি মণ্ডল, গৌৰীসাগৰ মণ্ডল, নাজিৰা মণ্ডল, শিমলুগুৰি মণ্ডল, ডিমৌ মণ্ডল, শিৱসাগৰ মণ্ডল, খেলুৱা মণ্ডল বিজেপি আৰু পঞ্চায়ত সমিতিৰ উপৰি জিলা পৰিষদৰ তৰফৰ পৰাও নৱ নিৰ্বাচিত সাংসদগৰাকীক সম্বৰ্ধনা জনোৱা হয়।

শিৱসাগৰ জ্যেষ্ঠ নাগৰিক সমিতি, সন্মিলিত গণশক্তি দলৰ শিৱসাগৰ জিলা সমিতিৰ লগতে মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টি এম পি কে আৰু এম এম কেয়ো সাংসদগৰাকীক সম্বৰ্ধনা জনায়। সভাত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা এ পি ডি চি এলৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত, মহিলা মৰ্চাৰ ৰাজ্যিক কোষাধ্যক্ষা দিপীকা কাকতি দুৱৰীকে ধৰি বহু সংখ্যক বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd