• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তলৰ পৰা দেশৰ তৃতীয় ৰাজ্যলৈ ‘অধোগামী অসম’: সোণোৱাল চৰকাৰক সমালোচনা অখিল গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 1, 2019 7:59 pm
01-07-19 Guwahati- Akhil Gogoi press conference Quoting NITI aayog report, Akhil Gogoi slams Sonowal government

সোমবাৰে গুৱাহাটীত সংবাদমেলত অখিল গগৈ। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিতি আয়োগৰ শেহতীয়া এক প্ৰতিবেদনত অসম তলফালৰ পৰা দেশৰ তৃতীয় ৰাজ্যলৈ “অধোগামী” হোৱা বুলি উল্লেখ কৰি অখিল গগৈয়ে সোণোৱাল চৰকাৰক কঠোৰ সমালোচনা কৰিছে।

সোমবাৰে গুৱাহাটীত এক সংবাদমেলত তেওঁ কয় যে ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰি তোলাৰ শ্ল’গান দিয়াৰ বিপৰীতে অসম এতিয়া কেৱল চিণ্ডিকেটত শ্ৰেষ্ঠ ৰাজ্যত পৰিণত হৈছে।

নিতি আয়োগৰ বহনক্ষম বিকাশ লক্ষ্য প্ৰতিবেদন ২০১৮ (Sustainable Development Goal Report 2018)ত বিভিন্ন ক্ষেত্ৰত অসমৰ “পুতৌ”জনক স্থানক লৈ সোণোৱাল চৰকাৰক অখিল গগৈয়ে সমালোচনা কৰিছে।

“নিতি আয়োগে এই প্ৰতিবেদনত ১৪টা বিশেষ খণ্ডত দেশখনৰ প্ৰতিখন ৰাজ্যৰ গুণগত অৱস্থান নিৰূপণৰ চেষ্টা কৰিছে আৰু এই ১৪টা খণ্ডৰ ১৩টাতেই অসমৰ অৱস্থান তালিকাৰ শেষত দেখা গৈছে। উদাহৰণ স্বৰূপে, বহনক্ষম উন্নয়নৰ সূচাংকত ২৯খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ২৭। অৰ্থাৎ উন্নয়নৰ ক্ষেত্ৰত অসমে ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত শেষৰ ফালৰ পৰা তৃতীয় স্থান অধিকাৰ কৰি বদনাম কঢ়িয়াই আনিছে। দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত অসমৰ স্থান ১৭তম, ক্ষুধাহীনতাত ১৪তম, স্বাস্থ্য খণ্ডত ২৮তম, শিক্ষা খণ্ডত ১৭তম, লিংগ সমতাত ১৯তম, বিশুদ্ধ খোৱাপানী তথা অনাময়ত ২৬তম, শক্তিখণ্ডত ২৮তম, কাম আৰু অৰ্থনৈতিক প্ৰগতিত ১৫তম, উদ্যোগ আৰু আন্তঃগাঁথনিত ১৬তম, বহনক্ষম নগৰ আৰু জনজীৱনত ২২তম আৰু শান্তি আৰু ন্যায় প্ৰদানত ২৮তম,” নিতি আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে সংগঠনটোৰ বিবৃতিত প্ৰকাশ।

আনহাতে প্ৰতিবেদনখনত পৰিৱেশ সুৰক্ষা  (লাইফ অন লেণ্ড)ৰ ক্ষেত্ৰত অসমে দেশৰ শ্ৰেষ্ঠ ৰাজ্যৰ স্থান পোৱাটোকো কৃষক মুক্তিৰ নেতাজনে “বিভ্ৰান্তিকৰ” আখ্যা দিছে। “অসমৰ ঐতিহ্য বহনকাৰী পাটকাই পৰ্বত কয়লা মাফিয়াই খান্দি শেষ কৰি দিব ধৰিছে, তেনে ক্ষেত্ৰত এনে তথ্য বিভ্ৰান্তিকৰ,” গগৈৰ মত।

সংগঠনটোৱে লগতে কয় যে ভাৰত চৰকাৰৰ প্ৰতিখন প্ৰতিবেদনতে দিনে দিনে অসমৰ স্থান অতি দুখজনকভাৱে ধৰা পৰাৰ বিপৰীতে বিজেপি চৰকাৰ আৰু দলে উন্নয়নৰ ফটাঢোল বজাই অসম ৰজনজনাই ফুৰিছে।

“মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ মুখত আখৈ ফুটাদি ফুটিয়েই আছে অসমক শ্ৰেষ্ঠ ৰাজ্য কৰাৰ দম্ভ। মুখেৰে সাত হাল বায়, কিন্তু বিজেপি চৰকাৰখনে বাস্তৱত একো কৰিব পৰা নাই। অসমৰ বিজেপি মন্ত্ৰী-সাংসদে ভিক্ষাৰ জোলোঙালৈ দিল্লীলৈ গৈছে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথকেইটাকে বনাব পৰা নাই। অসমত চৰকাৰ এতিয়া দেউলিয়া। এই কথা লুকুৱাবলৈ ধৰ্মীয় মেৰুকৰণ কৰিবৰ চেষ্টা কৰিছে,” অখিল গগৈয়ে কয়।

“অসম শ্ৰেষ্ঠ এতিয়া কেৱল চিণ্ডিকেটত। কয়লা, চুপাৰি আৰু গৰু চিণ্ডিকেটত শ্ৰেষ্ঠ” বুলি উল্লেখ কৰি গগৈয়ে কয়, “মুখ্য মন্ত্ৰীয়ে কাছাৰৰ কয়লা কেলেংকাৰিৰ চি বি আই তদন্ত ঘোষণা কৰিছিল। কিন্তু এতিয়ালৈকে চি বি আয়ে তদন্ত নকৰিলে। তাৰ অৰ্থই হ’ল মুখ্য মন্ত্ৰীয়ে চি বি আই তদন্ত বিচৰা নাই।”

টেট উত্তীৰ্ণ শিক্ষকসকলক লৈ চৰকাৰৰ স্থিতিক সমালোচনা কৰি গগৈয়ে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী
জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm
পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd