জাপান, চীন, ফ্ৰান্স, থাইলেণ্ড, ৰোমানিয়া, ৰাৱাণ্ডা, উগাণ্ডা, ইথিওপিয়া, কেনিয়া, উজবেকিস্তান, বাংলাদেশ, পাৰাগুৱে, উৰুগুৱে আৰু তুৰ্কীকে ধৰি ৬৫ খন বিদেশী ৰাষ্ট্ৰৰ ভ্ৰমণকাৰী প্ৰতিনিধি বৰ্গই কেন্দ্ৰীয় চিল্ক বোৰ্ডৰ সহযোগত বিটিচি প্ৰশাসনে মুগা আৰু পাট পলুৰ বিকাশ আৰু ৰপ্তানি মানৰ মুগা চিল্ক উৎপাদনৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বাবে প্ৰশংসা কৰে।
বৃহস্পতিবাৰে বিভিন্ন ৰাজ্যৰ ১০০ তকৈয়ো অধিক প্ৰতিনিধিৰ সৈতে এই প্ৰতিনিধি দলটোৱে ওদালগুৰি জিলাৰ সাপখাটিত থকা জিলা ৰেচম কাৰ্যালয় পৰিদৰ্শন কৰে আৰু দেশৰ ভিতৰুৱা অঞ্চলত ৰেচমৰ বিকাশ আৰু প্ৰম’চনৰ বাবে গ্ৰহণ কৰা এই কৃষি ভিত্তিক পামৰ বাবে কৰ্তৃপক্ষক প্ৰশংসা কৰে।
জাপানৰ গৱেষক বিজ্ঞানী মাক্তো কিউচুয়ে নৰ্থ ইষ্ট নাওৰ আগত কয় যে এই দেশত প্ৰাকৃতিক ধৰণে পাট পলু পালনৰ প্ৰক্ৰিয়াটোৱে তেওঁক অতি আনন্দিত কৰিছে।
তেওঁ জনায় যে জাপানেও উন্নত উৎপাদনৰ বাবে প্ৰাকৃতিক ধৰণেৰে পাট আৰু মুগা পলু পালন কৰে।
ৰোমানিয়াৰ আন এগৰাকী বিজ্ঞানী ডেনিয়েল ডেজওয়াৰুৱে পলু পালনৰ ক্ষেত্ৰত প্ৰাকৃতিক পদ্ধতিৰ লগত বৈজ্ঞানিক পদ্ধতিৰ সংমিশ্ৰণৰ বাবে ওদালগুৰিত গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়।
‘’ভাৰত নিশ্চিতভাৱে মুগা আৰু পাট উৎপাদনৰ ক্ষেত্ৰত অতি শীঘ্ৰেই এখন আগশাৰীৰ দেশত পৰিগণিত হ’ব,’’-ডেনিয়েলে কয়।
ফ্ৰান্সৰ ৰেচম বিজ্ঞানী হট যোচেও ওদালগুৰিৰ ৰেচম কাৰ্যালয়ত পাট আৰু মুগা পলু পালনৰ মানদণ্ডক প্ৰশংসা কৰে আৰু আশা কৰে যে বিটিচি প্ৰশাসনে এই শৃংখলা অব্যাহত ৰাখিলে স্বাৱলম্বী হ’বলৈ সক্ষম হ’ব।
ইয়াৰ পূৰ্বে বিদেশী তথা ভাৰতীয় প্ৰতিনিধিসকলক বিটিচি বিধানসভাৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী, বিটিচিৰ সচিব ৰবিনছন মুছাহাৰী, বিটিচিৰ ৰেচম বিভাগৰ সঞ্চালক যোগেশ দেউৰী, ওদালগুৰি জিলাৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালক হৰকান্ত হাজৰিকাই পৰম্পৰাগত ‘আৰণি’ আৰু ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়।
স্থানীয় শিল্পীসকলে লগতে প্ৰতিনিধিসকলৰ আগত লোকনৃত্য বিহু, বাগৰুম্বা আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে।