অসমৰ ছিনিয়ৰ ক্ৰিকেট দলৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক ৰঞ্জি ছিজনৰ বাবে অসম ক্ৰিকেট সন্থাই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন উইকেটৰক্ষক বেটছমেন অজয় ৰাত্ৰাক প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।
১৮খন আন্তঃৰাষ্ট্ৰীয় মেচৰ অভিজ্ঞতা থকা ৰাত্ৰাই ইয়াৰ পূৰ্বে ২০১৭ বৰ্ষত অসম অনূৰ্ধ্ব ১৯ দলৰো প্ৰশিক্ষক আছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০২ চনত ৱেষ্ট ইণ্ডিজৰ বিপক্ষে খেলা শতকীয় (১১৫ অপঃ) ইনিংছটোৰ জৰিয়তে ৰাত্ৰাই সৰ্বকনিষ্ঠ উইকেটৰক্ষক বেটছমেনৰ অভিলেখ গঢ়িছিল।
ভাৰতৰ হৈ ৬খন টেষ্ট আৰু ১২ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে ৰাত্ৰাই। তেওঁ টেষ্টত সৰ্বমুঠ ১৬৩ ৰান আৰু এদিনীয়াত মুঠ ৯০ ৰান সংগ্ৰহ কৰিছিল।
আনহাতে হাৰিয়ানাৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত খেলা ৯৯ খন মেচত সংগ্ৰহ কৰিছে ৪০২৯ ৰান। য’ত আছে ৮টা শতক আৰু ১৭টা অৰ্ধশতক।
উল্লেখ্য যে অসমৰ মুখ্য প্ৰশিক্ষক হোৱাৰ আগ্ৰহ প্ৰকাশ কৰাৰ তালিকাত ৰাত্ৰাৰ উপৰি আছিল ভাৰতীয় দলৰ প্ৰাক্তন বাওঁহতীয়া বেটছমেন দীনেশ মংগিয়া, ছৈৰাজ বহুতলে, শিৱ সুন্দৰ দাস, বৰ্তমানৰ প্ৰশিক্ষক ছৈয়দ জাকাৰিয়া জুফ্ৰিৰ উপৰি বহু কেইজন প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ।
আনহাতে আগন্তুক ছিজনৰ বাবে মুখ্য প্ৰশিক্ষকৰ উপৰি অসম ক্ৰিকেট সন্থাই শুভদীপ ঘোষক ফিল্ডিং প্ৰশিক্ষক, অৰ্লেন কোঁৱৰক বলিং প্ৰশিক্ষক আৰু ৰাজেশ বৰাক কনছালটেণ্ট হিচাপে নিযুক্তি দিছে।