আজি গুৱাহাটীৰ পৰা ৰাওনা হয় প্ৰথমটো হজযাত্ৰীৰ দল। হাজী মুছফিৰ খানাত হজযাত্ৰীসকলক বিদায় জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।
আজি হজযাত্ৰীসকলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে হজ কমিটীৰ অধ্যক্ষ ৰঞ্জিত দত্তই। বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰথমখন হজযাত্ৰীৰ বিমান মদিনালৈ দুপীৰায় ২.১৫ বজাত উৰা মাৰে। বিমানবন্দৰত অসম চৰকাৰ তথা বিমানবন্দৰ কৰ্তৃপক্ষই হজযাত্ৰীৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে এইবছৰ উত্তৰ–পূবৰ পৰা হজলৈ যাব মুঠ ৩,৫৯৪ জন যাত্ৰী। অসমৰ পৰা ৩,৫১৫ গৰাকী, মেঘালয়ৰ পৰা ৫৫ গৰাকী, নাগালেণ্ডৰ পৰা ২২ গৰাকী আৰু অৰুণাচলৰ পৰা যাব ৪গৰাকী যাত্ৰী। হজযাত্ৰীসকলৰ ভিতৰত আছে ২,৪৩২ গৰাকী পুৰুষ আৰু ১,১৬২ গৰাকী মহিলা।
আনহাতে গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক হজ সমিতিয়ে আজি অঞ্চলটোৰ ৯ গৰাকী হজযাত্ৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।
কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমিতিৰ সভাপতি আলহাজ ছোহৰাব আলীৰ সভাপতিত্বত আনুষ্ঠিত সভাখনত জোনাব আজিজৰ ৰহমান, আলহাছ আনোৱাৰ হুছেইন, মনোৱাৰ খান, ফৰিৰুদ্আদিন চাহাব, আব্দুল মজিদ খান, আফৰুজা ৰহমান, আবজান নেচা, মৰিয়ম বেগম আাৰু কুলজান বিবিক অনুষ্ঠানিকভাৱে সম্বোধন জনায় ৷
অনুষ্ঠানৰ আতঁ ধৰে সমিতিৰ সম্পাদক আকবৰ আলীয়ে। সভাত অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে প্ৰায় ডেৰ শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে।