• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বাজেট ২০১৯-২০: কাৰ কি প্ৰতিক্ৰিয়া?

কল্পজ্যোতি শইকীয়া/ এন ই নাও নিউজ by কল্পজ্যোতি শইকীয়া/ এন ই নাও নিউজ
July 5, 2019 9:19 pm
Union Budget 2019-20: Reactions

বাজেট দাখিলৰ প্ৰাক্ মুহূৰ্তত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন। ফাইল ফটো : আজটকৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদীৰ প্ৰধান মন্ত্ৰিত্বৰ দ্বিতীয়খন চৰকাৰৰ প্ৰথমখন বাজেট কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে দাখিল কৰাৰ পিছতে বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

বাজেটক লৈ চৌদিশে চলিছে চৰ্চা। কোনো যদি এই বাজেটক লৈ সুখী, আন কোনোৱে আকৌ বাজেটখন ‘আঁসোৱাহপূৰ্ণ’ আখ্যা দিছে।

Apply Now

 

সৰ্বানন্দ সোণোৱাল, মুখ্য মন্ত্ৰী, অসম

বাজেটত খেতিয়কৰ বাবে অধিক গুৰুত্ব দিয়া হৈছে তথা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে। মুঠৰ ওপৰত এই বাজেটৰ দ্বাৰা আগন্তুক দিনত ভাৰতবৰ্ষক আগুৱাই নিবলৈ লক্ষ্য স্থিৰ কৰা হৈছে। ২০২৪-২৫ চনলৈকে ভাৰতৰ অৰ্থনীতি পাঁচ ত্ৰিলিয়নলৈকে নিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই বাজেটৰ পৰা ভাৰতৰ সকলো শ্ৰেণীৰ ৰাইজ লাভান্বিত হ’ব।

 

ৰিপুণ বৰা, সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ সমিতি

বাজেটখন ৰাইজৰ বাবে একো উপকাৰ সাধন কৰিব নোৱাৰা বাজেট। প্ৰথমৰ পৰা শেষলৈকে বাজেটখন শুনিলো। ইয়াত কেৱল আলংকাৰিক শব্দ আৰু সুন্দৰ ভাষা প্ৰয়োগৰ বাহিৰে এই বাজেটত একোৱেই নাইকিয়া। ২০২৪-২৫ চনৰ ভিতৰত ভাৰতবৰ্ষৰ অৰ্থনীতি ৫ ত্ৰিলিয়ন ডলাৰলৈকে লৈ যাব বুলি উল্লেখ কৰিছে যদিও ইয়াৰ কোনো ৰ’ড মেপ দিয়া নাই। এই লক্ষ্যত কেনেদৰে উপনীত হ’ব তাৰ কোনো লক্ষ্য দিয়া নাই।

ক্লীন ৰিভাৰত কেৱল গংগাৰ নাম উল্লেখ কৰিছে, অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীয়ে কি অপৰাধ কৰিলে?

বেংকৰ কোটি কোটি টকা আত্মসাৎ কৰি পলাই থকা অপৰাধীক ধৰাৰ কোনো কথা বাজেটত উল্লেখ নাই। যুৱকসকলৰ উন্নতিৰ কথা কোৱা হৈছে, কিন্তু নিবনুৱা যুৱকক সংস্থাপনৰ কোনো কথা বাজেটত উল্লেখ নাই। কেৱল গৱেষণাৰ কথাহে উল্লেখ কৰিছে আৰু উচ্চ শিক্ষাৰ কথা কৈছে। উজ্বলা যোজনাৰ যোগেদি ৭ কোটি লোকক ৰন্ধন গেছৰ সংযোগ দিয়াৰ কথা বাৰেপতি উল্লেখ কৰিছে যদিও এই সংযোগ দিয়াৰ পাছত ব্যৱহৃত হৈ আছে নে নাই সেই কথা উল্লেখ কৰা নাই।

মহিলাৰ শক্তিৰ কথা উল্লেখ কৰিলে যদিও চাকৰি সুৰক্ষা, ধৰ্ষণ, অত্যাচাৰ ইত্যাদি বিষয়ৰ ওপৰত বাজেটত একো উল্লেখ নকৰিলে।

বাজেটখনত দুখীয়া লোকৰ বাবে একো নতুনত্ব নাই তথা আশাৰ কোনো সঞ্চাৰ নাই।

 

তপন গগৈ, সাংসদ, যোৰহাট

এই বাজেটৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোক উপকৃত হ’ব। যোৱা বছৰতকৈ প্ৰায় ১২ হাজাৰ কোটি টকা বেছিকৈ অনুমোদন দিছে। এই বাজেটৰ জৰিয়তে অসমৰ ৰাইজে সু-ফল পাবলৈ সক্ষম হ’ব।

 

প্ৰদ্যুৎ বৰদলৈ, সাংসদ, নগাওঁ

কেৱল প্ৰধান মন্ত্ৰীক ভাল লগাবলৈ এই বাজেট দাখিল কৰা হৈছে। অধ্যক্ষৰ পিনে চকু দিয়াৰ সলনি বিত্ত মন্ত্ৰীয়ে বেছিভাগ সময় প্ৰধান মন্ত্ৰীৰ ফালে লক্ষ্য কৰি থাকিল।

কৃষিক্ষেত্ৰৰ সমস্যা, খেতিয়কৰ দুৰৱস্থা আৰু কৰ্মহীনতাকে ধৰি একো গুৰুতৰ বিষয়কে বাজেটখনে নুচুলে। এই বাজেট কৰ্পৰে’টক ভাল লগোৱা বাজেট।

ভাৰতক ২০২৫ চনৰ ভিতৰত ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি কৰিবলৈ হ’লে আমাৰ অৰ্থনৈতিক প্ৰগতিৰ হাৰ ৮ শতাংশ নহয়, ১২ শতাংশ হ’ব লাগিব।

সাধাৰণ লোকক কিবা এটা দিয়াৰ সলনি চৰকাৰে পে’ত্ৰল আৰু ডিজেলৰ ওপৰত অতিৰিক্ত এটকা মাচুল আৰোপ কৰিছে।

 

পল্লৱ লোচন দাস, সাংসদ, তেজপুৰ

যোগাযোগ আৰু পৰ্য্যটন বিভাগত অত্যধিক গুৰুত্ব দিয়া হৈছে। পৰ্য্যটন ক্ষেত্ৰত অধিক গুৰুত্ব দিলে উত্তৰ-পূবত এই ক্ষেত্ৰত উন্নতি কৰাৰ যথেষ্ট সুযোগ আছে।

 

অতুল বৰা, সভাপতি, অগপ

বাজেট জনমুখী আৰু গ্ৰামাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালীকৰণৰ লক্ষ্যৰে প্ৰস্তুত কৰা।

 

সংগীতা দাস, যুটীয়া সম্পাদক, এছ এফ আই, অসম

বাজেটত সমতা দেখিবলৈ পোৱা নগ’ল। বিজেপি চৰকাৰে সমতাৰ কথা কৈছিল যদিও বাজেটত সেই সমতাৰ কথা দেখিবলৈ পোৱা নগ’ল। কৃষিপ্ৰধান দেশ ভাৰতত কৃষকৰ আৰ্থিক সংকট, ঋণৰ সমস্যা, ইত্যাদিৰ সমাধানৰ বাবে কোনো বিশেষ পদক্ষেপ বাজেটত দেখিবলৈ পোৱা নগ’ল। কেৱল বাজেটত লিখিছে কৃষকসকল দেশৰ সম্পদ, কিন্তু এই দেশৰ সম্পদক ৰক্ষণাৱেক্ষণ দিব লাগে তাৰ কোনো কথা বাজেটত উল্লেখ নকৰিলে। নিৱনুৱা যুৱকক সংস্থাপন, ছাত্ৰসকলৰ নতুন আৰ্থিক নীতি কেনেকৈ কাৰ্য্যকৰী কৰিব সেই বিষয়েও উল্লেখ নাই বাজেটত।

কল্পজ্যোতি শইকীয়া/ এন ই নাও নিউজ

কল্পজ্যোতি শইকীয়া/ এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd