ডুমডুমা ৰাজহুৱা বাছ আস্থানৰ সন্মুখত বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিলে চুতীয়া ছাত্ৰ সন্থাই। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী জনায় সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে সন্থাটোৰ কেইবাটাও আঞ্চলিক সমিতিয়ে জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে চুতীয়া জনগোষ্ঠীৰ লগতে মৰাণ, মটক, আহোম, কোঁচ-ৰাজবংশী, আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ছয় জনগোষ্ঠীয় সংগঠনে বাৰম্বাৰ দাবী জনায় অহাৰ পাছতো এইক্ষেত্ৰত চৰকাৰে বৰ্তমানলৈকে কোনো গুৰুত্ব প্ৰদান কৰা নাই।
সংগঠনটোৱে অভিযোগ উত্থাপন কৰি কয় যে বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও শাসনলৈ অহাৰ পিছত জনজাতিকৰণ প্ৰসংগটো অসম্ভৱ বুলিহে উল্লেখ কৰিলে।
তাৰোপৰি শেহতীয়াকৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ওপৰত নতুনকৈ মডেলিটি প্ৰস্তুত কৰি পুনৰ পাঁচ বছৰ অতিবাহিত কৰিবলৈ বিচৰা বুলি অভিযোগ উত্থাপন কৰি ডুমডুমাত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰে ।
লগতে অতি শীঘ্ৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াতকৈও জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।