• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেল; কিৱিৰ পক্ষত ইতিহাস কিন্তু ভাৰতৰ পক্ষত ফৰ্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2019 1:31 pm
8.7k
VIEWS
Share on FacebookShare on Twitter

আজি আই চি চি ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড। মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া এই বহু প্ৰতিক্ষিত মেচখনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে বিৰাট বাহিনী।

চলিত বিশ্বকাপত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড। কিয়নো বৰষুণে বিধি পথালি দিয়া বাবে বাতিল হৈছিল গ্ৰুপ পৰ্যায়ৰ মেচখন। যাৰ বাবে দুয়োটা দলে ভগাই লৈছিল ১-১ পইণ্ট।

উল্লেখ্য যে চলিত বিশ্বকাপৰ পইণ্টছ তালিকাৰ শীৰ্ষত থকা ভাৰতে গ্ৰুপ পৰ্যায়ত ৯খন খেলৰ ভিতৰত ৭খনত জয়লাভ কৰিছে। ইয়াৰে এখনত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল টীম ইণ্ডিয়া।

ইফালে পইণ্টছ তালিকাৰ চতুৰ্থ স্থানত থকা নিউজীলেণ্ডে ৯খন খেলৰ ভিতৰত ৫খনত জয়লাভ আৰু তিনিখনত পৰাজিত হৈছিল। ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈছিল।

চলিত বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিটো দলকে শলঠেকত পেলোৱা ভাৰত আজিৰ মেচখনতো ফেভাৰিট হিচাপে আখ্যা পাইছে। কিয়নো পাঁচটাকৈ শতকেৰে চলিত বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মা, অধিনায়ক বিৰাট কোহলিৰ দৰে বেটছমেনেৰে ভৰি আছে ভাৰতীয় বেটিং লাইন আপ। তদুপৰি ভাৰতীয় দলত আছে ডেথ বলিং স্পেচিয়েলিষ্ট বুমৰাহ।

কিন্তু নিউজিলেণ্ডৰ বিপক্ষে বিশ্বকাপ ক্ৰিকেটৰ ইতিহাস সন্তোষজনক নহয় ভাৰতৰ। এই পৰ্যন্ত দুয়োটা দলে বিশ্বকাপ ক্ৰিকেটত মুখামুখি হৈছে ৮বাৰ। ইয়াৰে ৩খনত ভাৰত আৰু ৪খনত বিজয়ৰ শেষ হাঁহি মাৰিছে নিউজীলেণ্ডে। এখন মেচ পৰিত্যক্ত। বিশ্বকাপ ক্ৰিকেটৰ ইতিহাস কিৱিৰ পক্ষত থাকিলেও বৰ্তমান ফৰ্ম আছে ভাৰতৰ পক্ষত।

আনহাতে আই চি চি ইভেণ্টত নিউজীলেণ্ডে বহুবাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে যদিও সফলতা লাভৰ বিশেষ উদাহৰণ নাই। বিগত বিশ্বকাপত দলটোৱে ঘৰৰ মাটিত খেলি ফাইনেললৈ অগ্ৰসৰ হৈছিল যদিও চেম্পিয়ন হোৱাৰ আশা ভংগ কৰিছিল অষ্ট্ৰেলিয়াই। তদুপৰি এইবাৰৰ বিশ্বকাপত অধিনায়ক কেন উইলিয়ামছনক বাদ দি কোনো এজন বেটছমেনৰে বেটত ৰান নাই।

লক্ষ্যণীয়ভাৱে ক্ৰিকেটপ্ৰেমী সকলে এখন হাইভল্টেজ মেচ উপভোগ কৰিব বুলি আশা কৰি আছে যদিও বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্যই স্বাভাৱিকতে নিৰাশ কৰিছে সকলোকে। বতৰ বিজ্ঞানৰ তথ্য অনুসৰি আজি মানচেষ্টাৰত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে।

অৱশ্যে বৰষুণ হ’লেও চিন্তাৰ কোনো কাৰণ নাই। কিয়নো নক–আউট মেচৰ বাবে আই চি চিয়ে ৰাখিছে ৰিজাৰ্ভ ডে’। এনে অৱস্থাত ছেমি ফাইনেল আৰু ফাইনেল মেচৰ দিনা বৰষুণ হ’লে পৰৱৰ্তী দিনটোত পুনৰ মেচ অনুষ্ঠিত হ’ব।

আনহাতে যদি ৰিজাৰ্ভ ডে’ৰ দিনাও বৰষুণ হয় তেন্তে গ্ৰুপ পৰ্যায়ৰ প্ৰদৰ্শনৰ সহায়ত ভাৰতে ফাইনেলত প্ৰৱেশ কৰিব।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd