• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি ভাৰত-নিউজিলেণ্ডৰ ছেমি ফাইনেল; কিৱিৰ পক্ষত ইতিহাস কিন্তু ভাৰতৰ পক্ষত ফৰ্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2019 1:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আই চি চি ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড। মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া এই বহু প্ৰতিক্ষিত মেচখনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে বিৰাট বাহিনী।

চলিত বিশ্বকাপত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ভাৰত আৰু নিউজীলেণ্ড। কিয়নো বৰষুণে বিধি পথালি দিয়া বাবে বাতিল হৈছিল গ্ৰুপ পৰ্যায়ৰ মেচখন। যাৰ বাবে দুয়োটা দলে ভগাই লৈছিল ১-১ পইণ্ট।

Apply Now

উল্লেখ্য যে চলিত বিশ্বকাপৰ পইণ্টছ তালিকাৰ শীৰ্ষত থকা ভাৰতে গ্ৰুপ পৰ্যায়ত ৯খন খেলৰ ভিতৰত ৭খনত জয়লাভ কৰিছে। ইয়াৰে এখনত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল টীম ইণ্ডিয়া।

ইফালে পইণ্টছ তালিকাৰ চতুৰ্থ স্থানত থকা নিউজীলেণ্ডে ৯খন খেলৰ ভিতৰত ৫খনত জয়লাভ আৰু তিনিখনত পৰাজিত হৈছিল। ভাৰত আৰু নিউজীলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈছিল।

চলিত বিশ্বকাপত দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিটো দলকে শলঠেকত পেলোৱা ভাৰত আজিৰ মেচখনতো ফেভাৰিট হিচাপে আখ্যা পাইছে। কিয়নো পাঁচটাকৈ শতকেৰে চলিত বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা ৰোহিত শৰ্মা, অধিনায়ক বিৰাট কোহলিৰ দৰে বেটছমেনেৰে ভৰি আছে ভাৰতীয় বেটিং লাইন আপ। তদুপৰি ভাৰতীয় দলত আছে ডেথ বলিং স্পেচিয়েলিষ্ট বুমৰাহ।

কিন্তু নিউজিলেণ্ডৰ বিপক্ষে বিশ্বকাপ ক্ৰিকেটৰ ইতিহাস সন্তোষজনক নহয় ভাৰতৰ। এই পৰ্যন্ত দুয়োটা দলে বিশ্বকাপ ক্ৰিকেটত মুখামুখি হৈছে ৮বাৰ। ইয়াৰে ৩খনত ভাৰত আৰু ৪খনত বিজয়ৰ শেষ হাঁহি মাৰিছে নিউজীলেণ্ডে। এখন মেচ পৰিত্যক্ত। বিশ্বকাপ ক্ৰিকেটৰ ইতিহাস কিৱিৰ পক্ষত থাকিলেও বৰ্তমান ফৰ্ম আছে ভাৰতৰ পক্ষত।

আনহাতে আই চি চি ইভেণ্টত নিউজীলেণ্ডে বহুবাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে যদিও সফলতা লাভৰ বিশেষ উদাহৰণ নাই। বিগত বিশ্বকাপত দলটোৱে ঘৰৰ মাটিত খেলি ফাইনেললৈ অগ্ৰসৰ হৈছিল যদিও চেম্পিয়ন হোৱাৰ আশা ভংগ কৰিছিল অষ্ট্ৰেলিয়াই। তদুপৰি এইবাৰৰ বিশ্বকাপত অধিনায়ক কেন উইলিয়ামছনক বাদ দি কোনো এজন বেটছমেনৰে বেটত ৰান নাই।

লক্ষ্যণীয়ভাৱে ক্ৰিকেটপ্ৰেমী সকলে এখন হাইভল্টেজ মেচ উপভোগ কৰিব বুলি আশা কৰি আছে যদিও বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্যই স্বাভাৱিকতে নিৰাশ কৰিছে সকলোকে। বতৰ বিজ্ঞানৰ তথ্য অনুসৰি আজি মানচেষ্টাৰত প্ৰৱল বৰষুণৰ সম্ভাৱনা আছে।

অৱশ্যে বৰষুণ হ’লেও চিন্তাৰ কোনো কাৰণ নাই। কিয়নো নক–আউট মেচৰ বাবে আই চি চিয়ে ৰাখিছে ৰিজাৰ্ভ ডে’। এনে অৱস্থাত ছেমি ফাইনেল আৰু ফাইনেল মেচৰ দিনা বৰষুণ হ’লে পৰৱৰ্তী দিনটোত পুনৰ মেচ অনুষ্ঠিত হ’ব।

আনহাতে যদি ৰিজাৰ্ভ ডে’ৰ দিনাও বৰষুণ হয় তেন্তে গ্ৰুপ পৰ্যায়ৰ প্ৰদৰ্শনৰ সহায়ত ভাৰতে ফাইনেলত প্ৰৱেশ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd