• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বছেৰেকীয়া দুৰ্য্যোগৰূপী বানত ককবকাই আছে অসমৰ দুই লক্ষাধিক লোক

অনুপ শৰ্মা by অনুপ শৰ্মা
July 10, 2019 8:48 pm
Assam flood: 3 died, over two lakh affected

গুৱাহাটীত বুধবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ জোখা অৱস্থাত জল সম্পদ বিভাগৰ কৰ্মী। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নিৰাময়হীন বছেৰেকীয়া দুৰ্য্যোগৰূপী বানৰ কবলত পৰিছে ৰাজ্যৰ ১১খন জিলাৰ ২ লাখতকৈয়ো অধিক লোক।

বানপানী আৰু নেৰানেপেৰা বৰষুণৰ লগতে হোৱা ভূমিস্খলনত বুধবাৰ-পৰ্য্যন্ত প্ৰাণ হেৰুৱাইছে তিনিজনকৈ লোকে।

Apply Now

ধেমাজি আৰু গোলাঘাটৰ দুজন ব্যক্তিয়ে বানত প্ৰাণ হেৰুওৱাৰ বিপৰীতে গুৱাহাটীত হোৱা ভূমিস্খলনত নিহত হৈছে এজন লোক।

অসম ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বুধবাৰলৈকে অসমৰ বান আক্ৰান্ত জিলাকেইখনৰ ৫৩০খন গাওঁ পানীত ডুবিছে।

“ধেমাজি, লখিমপুৰ, বিশ্বনাথ, দৰং, বৰপেটা, নলবাৰী, চিৰাং, গোলাঘাট, মাজুলী, যোৰহাট আৰু ডিব্ৰুগড় জিলাৰ ২৪টা ৰাজহ চক্ৰৰ ৫৩০খন গাওঁ বানত আক্ৰান্ত হৈছে,” প্ৰাধিকৰণৰ বিষয়াই জনায়।

তেওঁ লগতে জনাই যে চলিত বানত ৰাজ্যৰ মুঠ ২,০৭,০৯৮গৰাকী লোক আক্ৰান্ত হৈছে।

বিস্তীৰ্ণ খেতিভূমি পানীৰ তলত ডুব গৈছে। অধিক পানীৰ ফলত বান নোহোৱা অঞ্চলৰ খেতিপথাৰতো এতিয়ালৈকে ভূঁই ৰোৱা আৰম্ভই কৰিব পৰা নাই বহু খেতিয়কে। মানুহৰ লগতে গৰু-ছাগলী আদি পশুধনৰো আলাই-আথানি হৈছে।

ৰাজ্যিক দুৰ্য্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে ধেমাজি, লখিমপুৰ, গোলাঘাট আৰু যোৰহাট জিলাত ১৩টা আশ্ৰয় শিবিৰ আৰু ১০টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে।

কিন্তু বিভাগীয় তথ্য মতে, বৃহৎসংখ্যক আক্ৰান্ত লোক থকা অৱস্থাত কেৱল ২৪৯গৰাকী লোকহে বুধবাৰলৈকে আশ্ৰয় শিবিৰত আছে।

ইফালে ব্ৰহ্মপুত্ৰকে ধৰি অসমৰ বহুকেইখন নদী বৰ্তমান বিপদসীমাৰ ওপৰেৰে বৈ আছে।

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে, যোৰহাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে শিৱসাগৰত দিখৌ, গোলাঘাটত ধনশিৰি, শোণিতপুৰত জীয়া ভৰলী আৰু বৰপেটাত বেঁকী নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত।

বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফক নিয়োগ কৰা হৈছে।

বান পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে ঢাল খোৱাৰ আশংকা কৰা হৈছে।

ন ন অঞ্চল প্লাৱিত হোৱাৰ খবৰ আহি থকাৰ সময়তে বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি উত্তৰ-পূবত আৰু অধিক বৰষুণৰ আগজাননী দিছে।

অনুপ শৰ্মা

অনুপ শৰ্মা

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd