মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত বিজ্ঞান আৰু প্ৰযুক্তি তথা তথ্য প্ৰযুক্তি বিভাগৰ কাম-কাজ পৰ্যালোচনা কৰে। সোণোৱালে লগতে এই বিভাগ দুটাৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয় সমূহৰো পৰ্যালোচনা কৰে।
বিজ্ঞান আৰু প্ৰযুক্তিক জনসাধাৰণৰ ওচৰ-চপাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক সমাজৰ পৰা অন্ধবিশ্বাস ইত্যাদিৰ দৰে কু-সংস্কাৰ সমূহ আঁতৰ কৰিৰ দিশত অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক জড়িত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে বিদ্যালয় পৰ্যায়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান মানসিকতা শক্তিশালীভাৱে গঢ় ল’ব পাৰে।
এই দিশত মুখ্য মন্ত্ৰীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান সন্মত মানসিকতা গঢ় দিয়াৰ দিশত অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে দায়বদ্ধতাৰে উপযুক্ত পৰিবেশ সৃষ্টি কৰিব লাগিব
ৰাজ্যখনৰ জৈৱ বিবিধতাৰ দিশত থকা প্ৰাচুৰ্যতা সম্পৰ্কে যুৱ প্ৰজন্মৰ মাজত উপযুক্ত সজাগতাৰ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলক জড়িত কৰাই বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে এই সম্পৰ্কত তৃণমূল পৰ্যায়ত উপযুক্ত সজাগতা সৃষ্টিৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।
বৈঠকত মুখ্য মন্ত্ৰীয়ে বিভাগটোৱে বঙাইগাঁও আৰু ওদালগুৰি জিলাত ৫ মেট্ৰিকটন বহন ক্ষমতাৰ সৌৰ শক্তি চালিত শীতল ভৰাল স্থাপনৰ দৰে লোৱা পদক্ষেপৰ শলাগ লয়। মুখ্য মন্ত্ৰীয়ে কৃষকৰ সহায়ক হোৱাকৈ এনেকুৱা সুবিধা ৰাজ্যখনৰ আৰু অধিক ঠাইত স্থাপনৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।
‘মুখ্য মন্ত্ৰী সমগ্ৰ উন্নয়ন যোজনা’ৰ পৰা এনেকুৱা শীতল ভৰাল প্ৰকল্প স্থাপনৰ দিশত ৰাজ সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক ৰাজ্যখনৰ কৃষকসকলে যাতে কৃষিখণ্ডত শেহতীয়া প্ৰযুক্তি প্ৰয়োগৰ দিশত আগ্ৰহান্বিত হয় এই দিশত অনুপ্ৰেৰণা প্ৰদানৰ বাবে ৰাজ্যখনৰ প্ৰগতিশীল কৃষকৰ সৈতে কৃষি বিজ্ঞানী আৰু উদ্ভাৱকৰ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।
সোণোৱালে শক্তিৰ উৎপাদন বৃদ্ধিৰ বাবে ভাসমান এছ পি ভি পাৱাৰ প্লাণ্ট ব্যৱহাৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে তথ্য আৰু প্ৰযুক্তি বিভাগক ৰাজ্যিক চাইবাৰ সুৰক্ষা নীতি ৰূপায়ন দ্ৰুততৰ কৰাৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে। এই নীতিত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী নিৰ্দেশাৱলী অন্তৰ্ভূক্ত কৰাৰ দিশটোৰ ওপৰতো আলোচনা হয়।
বৈঠকত ভিলেজ ন’লেজ চেণ্টাৰ স্থাপনৰ বাবে চলোৱা প্ৰক্ৰিয়াৰ নিবিদা আহ্বান, আসাম ফাইবাৰ নেট প্ৰকল্পৰ শেহতীয়া স্থিতি, পেঞ্চনাৰ সকলৰ তথ্যৰ ডিজিটাইজেশ্বন, বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডত ৰাজ্যখনৰ যুৱক-যুৱতীৰ নিয়োগ সৃষ্টি ইত্যাদি বিষয় সমূহৰ ওপৰতো আলোচনা কৰা হয়।
মুখ্য মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, মু্খ্য মন্ত্ৰীৰ সচিব সঞ্চয় লোহিয়া, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব বিনোদ ছেচান, এমট্ৰ’নৰ পৰিচালন সঞ্চালক এম কে যাদৱৰ লগতে অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।