• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে গুৱাহাটী প্ৰেছ ক্লাৱত চি পি আই (এম-এল)ৰ সংবাদমেল

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 22, 2019 9:20 pm
FJIMG_20190722_121420(1)

চি পি আই (এম-এল)ৰ সংবাদমেল

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বানপানী আৰু গৰাখহনীয়াক লৈ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰে চি পি আই (এম-এল)য়ে।

সংগঠনটোৰ অভিযোগ অনুসৰি কেন্দ্ৰ চৰকাৰৰ বৈষম্য আৰু ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবেই বান সমস্যা গভীৰ হৈছে ।

চি পি আই (এম-এল)ৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মাই জনোৱা মতে,  ‘অসমৰ বানপানী সমস্যাতকৈ নমামী উৎসৱক চৰকাৰে বেছি গুৰুত্ব দিছে। বানপানীৰ লগতে গৰাখনীয়া ৰাজ্যৰ বাবে এক গভীৰ সমস্যা হৈ পৰিছে যদিও চৰকাৰে ইয়াৰ সমাধানৰ বাবে কোনো আঁচনি গ্ৰহণ কৰা নাই’।

আনহাতে,  দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বিগত ৫ বছৰত খহনীয়াৰ গ্ৰাসত ১১ লাখ বিঘাতকৈ বেছি উৰ্বৰ ভূমি নদীত জাহ গৈছে।

অসমৰ মুঠ ২৩ খন জিলাত ৫ বছৰত খহনীয়াৰ বাবে ৮৬, ৫৬১ গৰাকী লোক ভূমিহীন হৈছে।

চৰকাৰে ২০১৫ চনৰ পৰা ২০১৮ চন পৰ্যন্ত ছিঙা মথাউৰিৰ ৬০ শতাংশই মেৰামতি কৰা নাই। অসমৰ ৪৩২ টা মথাউৰিৰ ৩০০ টা মথাউৰিহে সুকলমে আছে কিন্তু চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই আৰু পুঁজিও মোকোলাই দিয়া নাই বুলি শৰ্মাই কয় ।

তদুপৰি, ২৭ খন জিলাৰ ৩৭০৫ খন গাঁৱৰ প্ৰায় ৪৯ লাখ লোক এতিয়াও বানত আক্ৰান্ত হৈ আছে। চৰকাৰৰ মতে ৭৫৫ টা আশ্ৰয় শিবিৰ আৰু বান সাহায্য শিৱিৰত ডেৰ লাখতকৈ অধিক বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে।

বান সাহায্যৰ পৰ্যাপ্ত পুঁজি আছে বুলি চৰকাৰে দাবী কৰিছে কিন্তু বানপীড়িতই সাহায্য লাভ কৰা নাই এই অভিযোগ শৰ্মাৰ।

চৰকাৰলৈ সংগঠনটোৱে সংবাদমেলৰ পৰা দাবী জনাই যে বানপানীৰ স্থায়ী সমস্যা সমাধানৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ অসমে পাবলগীয়া পুঁজি মোকোলাই দিলেই নহব বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বিশেষ পেকেজ ঘোষণা কৰিব লাগিব ।

অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয় তেনেহলে বানপানীকো অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি সংবাদমেলত দাবী উত্থাপন কৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ৰিলিফ মেনুৱল অনুসৰি সকলো বানাক্ৰান্তকে যথাযথভাৱে ক্ষতিপূৰণ আদায় দিব লাগে বুলি চি পি আই (এম-এল)য়ে দাবী জনায়। এই ক্ষেত্ৰত এন জি অ বিলাকে ভাল পদক্ষেপ লৈছে বুলি সংগঠনটোৱে কয়।

ম্যাদ উকলা মথাউৰি আৰু অকাৰ্য্যকৰী মথাউৰি পুনৰ নিৰ্মাণ কৰিব লাগে লগতে বানত বিধস্ত হোৱা শস্য ভূমিকে ধৰি বানপীড়িত অঞ্চলৰ ভূমিৰ খাজনা পাঁচ বছৰলৈ ৰেহাই দিব লাগে আৰু বানপীড়িত অঞ্চলৰ চৰকাৰী -ব্যক্তিগত সকলো ধৰণৰ কৃষি ঋণ ৰেহাই দিব লাগে আৰু পুনৰ খেতিৰ বাবে উপযুক্ত কঠিয়া তথা বীজ বিনামূলীয়াকৈ যোগান ধৰিব লাগে।

বান সমস্যাক লৈ হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু সকলো বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰি ক্ষুদ্ধ বান্ধ তথা জলসিঞ্চনৰ আঁচনি গ্ৰহণ কৰিব লাগে বুলিও সংবাদমেলত সম্পাদকগৰাকীয়ে মন্তব্য কৰে।

সংবাদমেলত চি পি আই (এম এল)ৰ অসম ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মা, কেন্দ্ৰীয় নিয়ন্ত্ৰণ আয়োগৰ সদস্য ধীৰাজ দাস, অসম ৰাজ্যিকৰ সদস্য পংকজ কুমাৰ দাস উপস্থিত থাকে।

 

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd