মহানগৰীৰ কালাপাহাৰত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডই আতংকিত কৰি তুলিছে অঞ্চলটোৰ জনসাধাৰণক। দিন দুপৰতে অহা এটা অস্ত্ৰধাৰী ডকাইতৰ দলে কালাপাহাৰস্থিত এম. কে. জুৱেলাৰী নামৰ প্ৰতিষ্ঠানখনত লুট-পাত চলায়।
ঘটনা বিৱৰণী অনুসৰি, শুকুৰবাৰে বিয়লি ৩ বাজি ১৫ মিনিটত মূৰত হেলমেট পৰিহিত তিনিজনীয়া ডকাইতৰ দল এটাই চোকা অস্ত্ৰ আৰু পিষ্টল দেখুৱাই প্ৰতিষ্ঠানখনৰ প্ৰায় সকলোবোৰ সামগ্ৰী লুটি নিয়ে। প্ৰায় ১০ মিনিটৰ ভিতৰতে এটা ব্যস্ত অঞ্চলত সমগ্ৰ জুৱেলাৰীখন লুট-পাত চলাই উধাও হয় ডকাইতৰ দলটো।
আনহাতে, জুৱেলাৰীখনত থকা প্ৰায় ৩৫ টা সোণৰ আ-অলংকাৰৰ চেট ডকাইতৰ দলটোৱে লৈ যায় বুলি জানিব পৰা গৈছে, যাৰ মূল্য কেইবা লক্ষাধিক হ’ব বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
তদুপৰি, জুৱেলাৰীখনৰ চি চি টিভি কেমেৰা পৰ্য্যন্ত ভাঙি থৈ যায় ডকাইতৰ দলটোৱে।
ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ফটাশিল আৰক্ষীৰ লগতে চি আই ডিৰ এটা দল। ডকাইতে জুৱেলাৰীখনৰ চি চি টিভি কেমেৰাটো ভাঙি পেলায় যদিও পূৰ্বৰ ভিজুৱেলখিনি সংগ্ৰহ কৰিছে আৰক্ষীয়ে।
বাতৰি লিখা পৰলৈ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ডকাইতিৰ লগত জড়িত এজনো ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।