• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যান-বাহন কিনি চলোৱাতো সহজ কথা নহ’ব সাধাৰণ মানুহৰ বাবে : কেইবাগুণো বৃদ্ধি পাব গাড়ী পঞ্জীয়নৰ মাচুল

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2019 12:40 pm
-traffic-08-dna

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

5.1k
VIEWS
Share on FacebookShare on Twitter

অতিশীৰ্ঘে নতুন বাহন পঞ্জীয়ন কৰাৰ সময়ত আপুনি অতিৰিক্ত ৪,৪০০ টকা আৰু পঞ্জীয়ন নবীকৰণৰ বাবে অতিৰিক্ত ৯,৪০০ টকা ভৰিব লগা হ’ব। বৰ্তমান বাহনৰ পঞ্জীয়ন আৰু নবীকৰণ কৰাৰ মাচুল হ’ল ৬০০ টকা।

কেন্দ্ৰীয় মন্ত্ৰণালয়ে ডিজেল আৰু পেট্ৰ’ল চালিত গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে আৰু ইলেক্ট্ৰিক বাহনৰ প্ৰসাৰ বৃদ্ধি কৰাৰ বাবে গাড়ীৰ পঞ্জীয়ন মাচুল বৃদ্ধি কৰা বুলি ধাৰণা কৰা হৈছে।

দুচকীয়া বাহনৰ নতুন পঞ্জীয়নৰ ক্ষেত্ৰত পূৰ্বৰ ৫০ টকাৰ পৰিবৰ্তে নতুন পঞ্জীয়ন মাচুল হ’ব ১,০০০ টকা আৰু নবীকৰণৰ বাবে মাচুল হ’ব ২০০০ টকা।

কেবৰ ক্ষেত্ৰত নতুন পঞ্জীয়ন আৰু নবীকৰণৰ মাচুল হ’ব বৰ্তমানৰ ১,০০০ টকাৰ পৰিৱৰ্তে ক্ৰমে ১০,০০০ আৰু ২০,০০০ টকা।

পৰম্পৰাগত ইন্ধনেৰে পথত চলাচল কৰা যান-বাহনৰ ক্ষেত্ৰত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আমদানিকৃত বাহনৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্য ৫,০০০ টকাৰ পৰিবৰ্তে ৪০,০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে খচৰা অধিসূচনাত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।

আমদানিকৃত মটৰ চাইকেলৰ বাবে পঞ্জীয়ন মূল্য বৰ্তমানৰ ২,৫০০ টকাৰ পৰিৱৰ্তে ২০,০০০ টকালৈ বৃদ্ধি পাব। আগন্তুক ৪০-৪৫ দিনৰ ভিতৰত চূড়ান্ত মাচুল সম্বন্ধে ঘোষণা কৰাৰ পূৰ্বে বিভিন্ন অংশীদাৰি গোটৰ প্ৰতিক্ৰিয়া পৰ্যালোচনা কৰা হ’ব বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।

ইলেক্ট্ৰিক আৰু বেটাৰী চালিত বাহনৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্যৰ বিশেষ ৰেহাইৰ বাবে মন্ত্ৰণালয়ে ইতিমধ্যে এটা খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰিছে। তাৰোপৰি, পুৰণি বাহনৰ সলনি নতুন বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত পঞ্জীয়ন মূল্য বিনামূলীয়া কৰাৰো যো-জা চলোৱা হৈছে।

আনহাতে, ট্ৰাক, বাছ আদিকে ধৰি বাণিজ্যিক বাহনসমূহৰ নবীকৰণ মাচুল ২৭ গুণ বৃদ্ধি কৰাৰ বাবে চিন্তা চৰ্চা কৰি থকা হৈছে যাতে মানুহে ১৫ বছৰ হোৱাৰ পাছত পুৰণি গাড়ীখন সলনি কৰি নতুন গাড়ী ক্ৰয় কৰে।

পেট্ৰ’ল আৰু ডিজেল চালিত বাহনসমূহৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ অন্তৰালত বাহনৰ ফিটনেছ পৰীক্ষা আৰু ১৫ বছৰতকৈ পুৰণা বাহনৰ ক্ষেত্ৰত বছৰত দুবাৰকৈ পৰীক্ষা কৰাৰ প্ৰস্তাব লোৱা হৈছে।

মন্ত্ৰণালয়ে বাহনৰ মেনুৱেল আৰু স্বয়ংক্ৰিয় ফিটনেছ টেষ্টৰ মাচুল বৃদ্ধি কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰিছে। ১৫ বছৰ পুৰণি বাহনৰ গৰাকীয়ে নতুন ফিটনেছ প্ৰমাণপত্ৰ লাভ কৰাত ব্যৰ্থ হ’লে প্ৰতিদিনে অতিৰিক্ত ৫০ টকাকৈ আদায়  দিব লাগিব।

ৰাজহুৱা যান-বাহনসমূহক প্ৰতিবন্ধী ফ্ৰেইণ্ডলি কৰাৰ অৰ্থে ফিটনেছ পৰীক্ষা কৰা এজেঞ্চিসমূহে বাহনখনত প্ৰতিবন্ধী ফ্ৰেইণ্ডলি ব্যৱস্থাসমূহ যেনে হুইল চেয়াৰ উঠাব পৰা সুবিধা, প্ৰতিবন্ধীক অগ্ৰাধিকাৰ দিয়া আদি উপলব্ধ হয় নে নহয় পৰীক্ষা কৰিব।

 

Recent News

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd