• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০১০ চনৰ বিধি এতিয়াও এৰা নাই এ পি এচ চিয়ে– এফ এ আই অ’ এ পি এচ চি

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 27, 2019 9:13 pm
APSC still following rules of 2010: FAIOAPSC

গুৱাহাটী প্ৰে’ছ ক্লাবত এফ আই অ’ এ পি এচ চিৰ শনিবাৰৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

341
VIEWS
Share on FacebookShare on Twitter

ফাইট এগে’নষ্ট ইনজাষ্টিচ অৱ এ’ পি এচ চি নামৰ সংস্থাটোৰমতে, “পূৰ্বৰ ২০১০ৰ বিধি প্ৰত‍্যাহাৰ কৰিও আজিকোপতি ২০১০ বিধিৰেই (অসম লোকসেৱা) আয়োগে পৰীক্ষা অনুষ্ঠিত কৰি আহিছে”।

তেওঁলোকে কয় যে “দুৰ্নীতিৰ মহানায়ক ৰাকেশ পালৰ গ্ৰেপ্তাৰৰ পিছত ভবা হৈছিল যে সমান্তৰালভাৱে এক অনিয়মমুক্ত আৰু বিশৃংখলতাবিহীন ব্যৱস্থাৰে আয়োগে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব। কিন্তু বাস্তৱ ক্ষেত্ৰত যেন তাৰ বিপৰীত ছবিহে দৃশ্যমান হৈছে।”

তেওঁলোকৰ মতে, তাৰেই যেন এক চূড়ান্ত নিদৰ্শন- সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাৰম্ভিক) পৰীক্ষা ২০১৮।

“য’ত মাত্ৰ প্ৰাৰম্ভিক পৰ্য্যায়তেই আয়োগে বিভিন্ন অনিয়মেৰে পৰীক্ষা অনুষ্ঠিত কৰিছিল।”

এই সন্দৰ্ভত আদালতক সম্পূৰ্ণ মিছা প্ৰতিশ্ৰুতি দি অসম লোকসেৱা আয়োগে পৰীক্ষা অনুষ্ঠিত কৰিছিল বুলিও তেওঁলোকে অভিযোগ কৰে।

ইয়াৰোপৰি সৰ্বমুঠ ৫২টা প্ৰশ্নত গ্ৰে’ছ মাৰ্ক দি আয়োগে অভিলেখ ৰচিলে বুলিও তেওঁলোকে দাবী কৰে।

সংগঠনটোৱে উল্লেখ কৰা অনিয়মবোৰ–

# ১৩ মাৰ্চ, ২০১৯ত আয়োগে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰথমখন বাচনি তালিকা প্ৰকাশ কৰে য’ত ৩৩৬১জন প্ৰাৰ্থী বাচনিভুক্ত হৈছিল। কিন্তু প্ৰকৃততে এই তালিকাখন আয়োগে সীমাহীন ত্ৰুটিপূৰ্ণ প্ৰশ্নোত্তৰেৰে পৰীক্ষণ প্ৰস্তুত কৰা হৈছিল। যিটো আয়োগৰ প্ৰথমটো অনিয়ম আছিল।

# সকলোকে আচৰিত কৰি আয়োগে ১৩ মাৰ্চ, ২০১৯ত এখন অতিৰিক্ত অৰ্থাৎ একে পৰীক্ষাৰ ২য়খন তালিকা নিজাববীয়াকৈ পুনৰ সত‍্যতা নিৰূপণৰ ব্যৱস্থা হাতত লৈ আয়োগৰ প্ৰায় ৯৪ টা ভুল প্ৰশ্নোত্তৰ শুদ্ধ কৰি প্ৰস্তুত কৰে। যিটো সমগ্ৰ ভাৰতৰ পৰীক্ষা ব্যৱস্থাতেই বিৰল।

# আয়োগৰ অন্তিম আৰু আটাইতকৈ বিস্ফোৰক অনিয়ম হ’ল, ন‍্যায়ালয়কো কথা দি কথা ৰাখিব নোৱৰা আয়োগে আমাৰ লেখ আবেদন (নং WP-civil-1998/ 17)ৰ ৰায়ৰ ভিত্তিত আদালতকো প্ৰকৃততে মিছা প্ৰতিশ্ৰুতি দি পৰীক্ষা অনুষ্ঠিত কৰিলে। ই আদালত অৱমাননা নহয়নে?

তেওঁলোকৰ মতে, তেওঁলোকৰ লেখ আবেদনখনৰ ভিত্তিত যোৱা ৩০/০৩/২০১৮ তাৰিখেই ২০১০ৰ বিধিখন প্ৰত‍্যাহাৰ কৰি ০১/০৪/২০১৯ তাৰিখে নতুন কাৰ্য্যপ্ৰক্ৰিয়া বলৱৎ কৰিলে যদিও আজিকোপতি কিন্তু পূৰ্বৰ ২০১০ৰ বিধিৰেই পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।

আয়োগৰ এই “নীতিক প্ৰত‍্যাহবান জনাই” সংস্থাটোৰ হৈ প্ৰাঞ্জল কুমাৰ শৰ্মা আৰু অন্যান্যই গুৱাহাটী উচ্চ ন‍্যায়ালয়ত এখন লেখ আবেদন (নং WP-C-4600/19) দাখিল কৰিছে।

তেওঁলোকৰ মতে, সেই আবেদনৰ “গুৰুত্বপূৰ্ণ শুনানি” অহা ৮ আগষ্টত হ’ব।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd