• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ স্পৰ্শকাতৰ তথ্য ৰাজহুৱা; চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিব দেৱব্ৰত শইকীয়া

চূড়ান্ত এন আৰ চি প্ৰকাশ নোহোৱা পৰ্য্যন্ত স্পৰ্শকাতৰ তথ্য ৰাজহুৱা নকৰিবলৈ নিৰ্দেশ আছিল উচ্চতম ন্যায়ালয়ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 2, 2019 5:33 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ নকৰা পৰ্য্যন্ত ইয়াৰ গুৰুত্বপূৰ্ণ তথ্য কাকো নিদিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ থকাৰ পিছতো খোদ ৰাজ্য চৰকাৰেই সেই তথ্য ৰাজহুৱা কৰি এই নিৰ্দেশ উলংঘা কৰিছে।

চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ আনিছে বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই।

Apply Now

“ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি থকাৰ মাজতে ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰিছে”, ২ জুলাইত নতুন বিধায়ক আৱাসত এখন সংবাদমেল সম্বোধন কৰি শইকীয়াই কয়।

তেওঁ অসম চৰকাৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননাৰ অভিযোগ আনি উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথাও ঘোষণা কৰে।

“উচ্চতম ন্যায়ালয়ৰ এটা ৰায় আছিল যে, উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে ন্যায়পালিকা, বিধানমণ্ডল বা কাৰ্য্যপালিকাই প্ৰতীক হাজেলাই যিখিনি ছেনছিটিভ নথি-পত্ৰ বা কাগজ দিছে সেইখিনি কোনেও যাতে ব্যৱহাৰ নকৰে। আনকি কেন্দ্ৰীয় চৰকাৰৰ এটৰ্নি জেনেৰেলে উচ্চতম ন্যায়ালয়ত আৱেদন জনাইছিল যদিও আদালতে তেওঁলোকক সেইখিনি তথ্য দিয়াৰ পৰা বিৰত আছিল”, সংবাদমেলত শইকীয়াৰ দাবী।

উল্লেখযোগ্য যে, ১ জুলাইত বিধানসভাত অসম চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এন আৰ চিৰ কিছুমান অতি স্পৰ্শকাতৰ তথ্য ৰাজহুৱা কৰিছিল।

“কোন জিলাত কিমান শতাংশ লোকে চূড়ান্ত খচৰাত নাম উঠাব পৰা নাই, সেই গোটেইখিনি তথ্য কালি বিধানসভাত দাঙি ধৰা হৈছিল, যিটো উচ্চতম ন্যায়ালয়ৰ উক্ত নিৰ্দেশনাৰ অৱমাননা”, বিৰোধী দলপতিজনে কয়।

শইকীয়াই লগতে কয়, “এই বিষয়ে উচ্চতম ন্যায়ালয়ক অৱগত কৰা হ’ব। অসম চৰকাৰে সৰ্বোচ্চ ন্যায়পালিকাৰ নিৰ্দেশকো অৱমাননা কৰিছে। গতিকে অসম চৰকাৰৰ বিৰুদ্ধে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে ল’বলৈ আহ্বান জনাম”।

অৱশ্যে, কেতিয়া তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব সেই কথা জনোৱাৰ পৰা বিৰত থাকে।

আনহাতে, উক্ত সংবাদমেলতে ‘শুদ্ধ এন আৰ চি সকলোৱে বিচাৰিছে’ বুলি উল্লেখ কৰি তেওঁ কয় “কিন্তু বিভিন্ন মহলে ইয়াত বিধি-পথালি দিবলৈ বিচাৰি আছে। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে জনাইছে যে ২৭ শতাংশ এন আৰ চি পুনৰীক্ষণ হৈছে, যিটো ২০ শতাংশতকৈ ৭ শতাংশ বেছি, তেনেস্থলত যেতিয়া কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহে বা কাৰোবাৰ নথি-পত্ৰ শুদ্ধ নহয়, তেতিয়াহে তেওঁৰ পুনৰীক্ষণৰ দৰকাৰ হয়।”

“যিহেতু ইতিমধ্যে ২৭ শতাংশৰ পুনৰীক্ষণ হৈ গ’ল, সেয়েহে ইয়াক আৰু অধিক বিলম্ব কৰি দীৰ্ঘদিনীয়া সমস্যাক ৰাজনীতি কৰিবলৈ কোনেও যাতে অযথা ব্যৱহাৰ নকৰে, তাৰ বাবেই বিৰোধী দলে সদনত বক্তব্য ৰাখিছো”, শইকীয়াৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd