• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনত মানুহ আৰু বান্দৰৰ খচ্চৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2019 5:04 pm
Human-monkey: American-Spanish biologists claim success in creating chimera in China

প্ৰতীকী ছবি। সৌজন্য-- chimpplanet.blogspot.com

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ এটা গৱেষণাগাৰত বিশ্বত প্ৰথমবাৰৰ বাবে মানুহ আৰু বান্দৰৰ খচ্চৰ জীৱ (chimera) সৃষ্টিত কাৰিকৰী আৰু পৰীক্ষামূলকভাৱে সফল হৈছে এদল বিজ্ঞানী।

গৱেষণাটো চীনত হৈছে যদিও ইয়াত জৰিত আছে এমেৰিকা আৰু স্পেইনৰ জীৱ বিজ্ঞানীৰ দল।

Apply Now

গৱেষণাত জৰিত স্পেইনৰ মুৰ্চিয়া কেথলিক ইউনিভাৰ্চিটিৰ জীৱ বিজ্ঞানী নুনেজৰ মতে, গৱেষণাটোৰ ফল অতি “প্ৰতিশ্ৰুতিসম্পন্ন”।

গৱেষণাটোৰ নেতৃত্ব দিয়া স্পেনিশ্ব জীৱ বিজ্ঞানী জুৱান কাৰ্ল’চ ইজপিচুজাই ২০১৭ চনত প্ৰথমবাৰৰ বাবে মানুহ আৰু গাহৰিৰ খচ্চৰ সৃষ্টি কৰিছিল।

কিন্তু আগৰটোতকৈ চীনত চলা প্ৰকল্পটো তেওঁলোকৰ মতে বেছি সফল।

গৱেষণাটো এতিয়ালৈকে গৱেষণা পত্ৰত আনুষ্ঠানিকভাৱে প্ৰকাশ পোৱা নাই বাবে বিজ্ঞানীৰ দলটোৱে এতিয়াই সকলো কথা ৰাজহুৱা কৰিব খোজা নাই।

এই গৱেষণাৰ মতলব কি? বিজ্ঞানীসকলৰ ঘোষিত উদ্দেশ্য হৈছে— মানুহৰ অংগ সংৰোপণৰ বাবে, যেনে ধৰক—বৃক্ক বা যকৃত– অংগ আহৰণ।

কেনেকৈ এই কাম কৰা হয়?

প্ৰথমে বান্দৰৰ ভৰূণটোৰ জেনেটিক প্ৰগ্ৰেমিং কৰা হয়। যেনেকে— ধৰক চৰাইৰ এটা ভৃণৰ পৰা ডেউকা ওলাবলৈ প্ৰাকৃতিকভাৱে নিৰ্দিষ্ট (programmed) হৈ থাকে। মানুহৰ ভৰি-হাতেই ওলায়, চৰাইৰ ডেউকাই ওলায়…ইত্যাদি। কিন্তু বিজ্ঞানীৰ দলটোৱে বান্দৰৰ ভৃণটোত স্বাভাৱিকভাৱে বান্দৰৰ অংগ (যেনে—বান্দৰৰ বৃক্ক বা যকৃত আদি) সৃষ্টি কৰিব পৰা জীনসমূহ “নিষ্ক্ৰিয়” (deactivate) কৰিছে।

এই নিজৰ মতন কৰি লোৱা ভৃণটো (programmed embryo)ত যিকোনো মানৱ অংগ সৃষ্টি কৰিব পৰা মানৱ কাণ্ড কোষ (stem cell) ইঞ্জেক্ত কৰা হৈছে।

ফলত এই চিমেৰা বা খচ্চৰ জীৱ– মানৱ কোষযুক্ত বান্দৰ– সৃষ্টি কৰিব পৰা যায়। আৰু তাৰ দেহত বিকাশ হয় মানৱ অংগ।

ইয়াত কিছুমান আশংকাও আছে। যেনে—

ক) খচ্চৰটোৰ মগজুত যদি মানৱ কাণ্ড কোষে মানৱ নিউৰন সৃষ্টি কৰে? তেতিয়া তাৰ মানৱ “চেতনা” সৃষ্টি নহ’বনে?

খ) যদি কাণ্ড কোষে স্পাৰ্ম কোষ সৃষ্টি কৰে? তেতিয়া সৃষ্ট “খচ্চৰ”ৰ পৰা মানুহ জন্মসাধ্য হ’ব নেকি?

এনে আশংকাৰ বিপৰীতে বিজ্ঞানী দলটোৰ মতে, “মানৱ কোষ যদি মগজুলৈ যায়, সি নিজে নিজে ধ্বংস হ’ব।” অৰ্থাৎ, তাক তেনেকৈ প্ৰগ্ৰেম কৰা হৈছে।

মানৱ কোষেৰে বান্দৰ সৃষ্টি চূড়ান্ত হোৱাৰ আগতে গৱেষণাটো ৰখাই থোৱা হৈছে।

জীৱ বিজ্ঞানীসকলে সাধাৰণতে এনে পৰীক্ষাত “১৪ দিন”ৰ সীমা মানি চলে। দুসপ্তাহতকৈ কম সময়ত ভৃণটোত মানুহৰ স্নায়ুতন্ত্ৰ গঢ় ল’ব নোৱাৰে।

এমেৰিকা আৰু স্পেইনত এনে গৱেষণাত বাধা থকা বাবে গৱেষককেইজনে চীনত এই গৱেষণাটো কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd