জন্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ) বাতিল আৰু ৰাজ্যখনৰ ৰাজ্যৰ মৰ্য্যাদা কৰ্তনৰ পিছতে অসমতো পৃথক বড়োলেণ্ড গঠনৰ দাবী জনাইছে বিভিন্ন বড়ো সংগঠনে।
আনহাতে, বড়োসকলৰ এই ‘পৃথক বড়োলেণ্ড’ দাবীলৈ নৈতিক সমৰ্থন জনাই কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাক স্বায়ত্তশাসিত ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ দাবী তোলে ট্ৰাইবেল সংঘই।
অসমৰ বি পি এফ দলৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে কালি ৰাজ্যসভাত জন্মু আৰু কাশ্মীৰৰ দৰেই অসমকো দ্বিখণ্ডিত কৰি বড়োলেণ্ডক কেন্দ্ৰ শাসিত অঞ্চল ঘোষণাৰ দাবী তুলিছিল।
ইয়াত বল পাই আজি এখন সংবাদমেল দি পৃথক বড়োলেণ্ডৰ দাবী তুলিলে নিখিল বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি(পি) আৰু পীপ’ল জইণ্ট একশ্যন কমিটিয়ে।
আজিৰ সংবাদমেলত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে পৃথক বড়োলেণ্ডৰ দাবী তুলি কয়, “আমাক বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে ক্ষমতালৈ আহিলে বড়োসকলৰ সমস্যা সমাধান কৰা হ’ব। কিন্তু যোৱা ৫ বছৰে বড়োসকলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে একো নকৰিলে। কাশ্মীৰত যদি হিংসাত্মক কাৰ্য্যসূচী হোৱাৰ কাৰণে কেন্দ্ৰ শাসিত অঞ্চল বা পৃথক ৰাজ্য গঠন কৰিবলৈ ওলাইছে, বড়োলেণ্ড আন্দোলনটোও সুকীয়া নহয়। বড়োলেণ্ড আন্দোলনতো পাঁচ হাজাৰতকৈ অধিক চহিদ হ’ল আৰু ২০ হাজাৰতকৈ অধিক নিৰ্দোষী লোক জেলত যাব লগীয়া হ’ল।”
ইপিনে, ‘বড়ো-অবড়ো শব্দটো কেতিয়াও ব্যৱহাৰ কৰিব নালাগে’ বুলি মন্তব্য কৰি তেওঁ কয়, “আমি সকলো একতাৰে থকাটো বিচাৰো। অসমীয়া ভাষা অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডতো ব্যৱহাৰ হয়। পৃথক বড়োলেণ্ড হ’লেও আমি অসমীয়া ভাষাটো ব্যৱহাৰ কৰিম, ইয়াতো অসমীয়া ভাষাটো চৰকাৰী ভাষা হ’ব।”
আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি এন ডি এফ বি(প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে “বড়োসকলৰ বাবে পৃথক বড়োলেণ্ড নিদিয়ালৈকে আন্দোলন চলি থাকিব” বুলি ঘোষণা কৰে।
“আমি সুখী হৈছো, ভাৰত চৰকাৰে কাশ্মীৰক দুভাগ কৰি কেন্দ্ৰ শাসিত অঞ্চল গঠন কৰিলে। ভাৰতৰ অন্য বহু প্ৰান্তত সুকীয়া ৰাজ্য গঠনৰ বাবে আন্দোলন চলি আছে। সেইবিলাকত সু-শাসনৰ ব্যৱস্থা নাই বা অৰ্থনৈতিক ক্ষেত্ৰত পাৰ্থক্য থকাৰ কাৰণে সেই দাবীসমূহ উত্থাপন হৈছে”, বসুমতাৰীৰ মন্তব্য।
ইপিনে, অসমৰ বড়োসকলো বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি অভিযোগ তুলি বসুমতাৰীয়ে কয়, “অসমৰ উত্তৰ অঞ্চল বিশেষকৈ বড়ো অধ্যুষিত অঞ্চলত ৰাজ্য চৰকাৰে ভালদৰে চোৱা-চিতা কৰা নাই। গতিকে পৃথক ৰাজ্যৰ দাবীত পূৰ্বৰে পৰা আন্দোলন চলি আহিছে। এই দীৰ্ঘদিনীয়া দাবী কেন্দ্ৰীয় চৰকাৰে পূৰণ কৰিব লাগে আৰু বড়োলেণ্ডক সুকীয়া ৰাজ্যৰ মৰ্য্যদা প্ৰদান কৰিব লাগে।”
আনহাতে, ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে ‘পৃথক বড়োলেণ্ড’ দাবীৰ প্ৰতি নৈতিক সমৰ্থন আগ বঢ়ায়।
নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত খাখলাৰীয়ে কয়, “সংবিধানত সৰু সৰু ৰাজ্য গঠনৰ ব্যৱস্থাটো আছেই, মই ভাবো বড়োলেণ্ড সমস্যাটোৰ ৰাজনৈতিকভাৱে এক নিগাজি সমাধান হ’ব লাগে। তাত তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰটো নিহিত হৈ আছে। ট্ৰাইবেল সংঘ হিচাপে পোনপটীয়াকৈ একো সিদ্ধান্ত লোৱা নাই, কিন্তু নৈতিক সমৰ্থন আছে”।
ইপিনে, কাৰ্বি-আংলং আৰু উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ সমস্যাবোৰৰো স্থায়ী সমাধান হ’ব লাগে বুলি মন্তব্য কৰি খাখলাৰীয়ে কয়, “সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ এক সমাধান হ’ব লাগে, কাৰ্বি আংলং উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ অনুচ্ছেদ ২২৪(ক)ৰ অধীনৰ স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীটো পূৰণ কৰিব লাগে।”