• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাশ্মীৰে দিছে বল : অসমক দ্বি-খণ্ডিত কৰি পৃথক বড়োলেণ্ডৰ দাবীত সংবাদমেল এবছু, এন ডি এফ বি(প্ৰ)ৰ

পৃথক বড়োলেণ্ড’লৈ নৈতিক সমৰ্থন আগ বঢ়ালে ট্ৰাইবেল সংঘই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 6, 2019 9:36 pm
Bodoland-750x375

এখন সুকীয়া বড়ো ৰাজ্যৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী। ফাইল ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জন্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য সংবিধানৰ ৩৭০ অনুচ্ছেদ আৰু ৩৫ (এ) বাতিল আৰু ৰাজ্যখনৰ ৰাজ্যৰ মৰ্য্যাদা কৰ্তনৰ পিছতে অসমতো পৃথক বড়োলেণ্ড গঠনৰ দাবী জনাইছে বিভিন্ন বড়ো সংগঠনে।

আনহাতে, বড়োসকলৰ এই ‘পৃথক বড়োলেণ্ড’ দাবীলৈ নৈতিক সমৰ্থন জনাই কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাক স্বায়ত্তশাসিত ৰাজ্য হিচাপে স্বীকৃতি দিয়াৰ দাবী তোলে ট্ৰাইবেল সংঘই।

Apply Now

অসমৰ বি পি এফ দলৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে কালি ৰাজ্যসভাত জন্মু আৰু কাশ্মীৰৰ দৰেই অসমকো দ্বিখণ্ডিত কৰি বড়োলেণ্ডক কেন্দ্ৰ শাসিত অঞ্চল ঘোষণাৰ দাবী তুলিছিল।

ইয়াত বল পাই আজি এখন সংবাদমেল দি পৃথক বড়োলেণ্ডৰ দাবী তুলিলে নিখিল বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি(পি) আৰু পীপ’ল জইণ্ট একশ্যন কমিটিয়ে।

আজিৰ সংবাদমেলত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে পৃথক বড়োলেণ্ডৰ দাবী তুলি কয়, “আমাক বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে ক্ষমতালৈ আহিলে বড়োসকলৰ সমস্যা সমাধান কৰা হ’ব। কিন্তু যোৱা ৫ বছৰে বড়োসকলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে একো নকৰিলে। কাশ্মীৰত যদি হিংসাত্মক কাৰ্য্যসূচী হোৱাৰ কাৰণে কেন্দ্ৰ শাসিত অঞ্চল বা পৃথক ৰাজ্য গঠন কৰিবলৈ ওলাইছে, বড়োলেণ্ড আন্দোলনটোও সুকীয়া নহয়। বড়োলেণ্ড আন্দোলনতো পাঁচ হাজাৰতকৈ অধিক চহিদ হ’ল আৰু ২০ হাজাৰতকৈ অধিক নিৰ্দোষী লোক জেলত যাব লগীয়া হ’ল।”

ইপিনে, ‘বড়ো-অবড়ো শব্দটো কেতিয়াও ব্যৱহাৰ কৰিব নালাগে’ বুলি মন্তব্য কৰি তেওঁ কয়, “আমি সকলো একতাৰে থকাটো বিচাৰো। অসমীয়া ভাষা অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডতো ব্যৱহাৰ হয়। পৃথক বড়োলেণ্ড হ’লেও আমি অসমীয়া ভাষাটো ব্যৱহাৰ কৰিম, ইয়াতো অসমীয়া ভাষাটো চৰকাৰী ভাষা হ’ব।”

আনহাতে, উক্ত সংবাদমেলত উপস্থিত থাকি এন ডি এফ বি(প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে “বড়োসকলৰ বাবে পৃথক বড়োলেণ্ড নিদিয়ালৈকে আন্দোলন চলি থাকিব”  বুলি ঘোষণা কৰে।

“আমি সুখী হৈছো, ভাৰত চৰকাৰে কাশ্মীৰক দুভাগ কৰি কেন্দ্ৰ শাসিত অঞ্চল গঠন কৰিলে। ভাৰতৰ অন্য বহু প্ৰান্তত সুকীয়া ৰাজ্য গঠনৰ বাবে আন্দোলন চলি আছে। সেইবিলাকত সু-শাসনৰ ব্যৱস্থা নাই বা অৰ্থনৈতিক ক্ষেত্ৰত পাৰ্থক্য থকাৰ কাৰণে সেই দাবীসমূহ উত্থাপন হৈছে”, বসুমতাৰীৰ মন্তব্য।

ইপিনে, অসমৰ বড়োসকলো বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি অভিযোগ তুলি বসুমতাৰীয়ে কয়, “অসমৰ উত্তৰ অঞ্চল বিশেষকৈ বড়ো অধ্যুষিত অঞ্চলত ৰাজ্য চৰকাৰে ভালদৰে চোৱা-চিতা কৰা নাই। গতিকে পৃথক ৰাজ্যৰ দাবীত পূৰ্বৰে পৰা আন্দোলন চলি আহিছে। এই দীৰ্ঘদিনীয়া দাবী কেন্দ্ৰীয় চৰকাৰে পূৰণ কৰিব লাগে আৰু বড়োলেণ্ডক সুকীয়া ৰাজ্যৰ মৰ্য্যদা প্ৰদান কৰিব লাগে।”

আনহাতে, ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে ‘পৃথক বড়োলেণ্ড’ দাবীৰ প্ৰতি নৈতিক সমৰ্থন আগ বঢ়ায়।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত খাখলাৰীয়ে কয়, “সংবিধানত সৰু সৰু ৰাজ্য গঠনৰ ব্যৱস্থাটো আছেই, মই ভাবো বড়োলেণ্ড সমস্যাটোৰ ৰাজনৈতিকভাৱে এক নিগাজি সমাধান হ’ব লাগে। তাত তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰটো নিহিত হৈ আছে। ট্ৰাইবেল সংঘ হিচাপে পোনপটীয়াকৈ একো সিদ্ধান্ত লোৱা নাই, কিন্তু নৈতিক সমৰ্থন আছে”।

ইপিনে, কাৰ্বি-আংলং আৰু উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ সমস্যাবোৰৰো স্থায়ী সমাধান হ’ব লাগে বুলি মন্তব্য কৰি খাখলাৰীয়ে কয়, “সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ এক সমাধান হ’ব লাগে, কাৰ্বি আংলং উত্তৰ-কাছাৰ পাৰ্বত্য জিলাৰ অনুচ্ছেদ ২২৪(ক)ৰ অধীনৰ স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীটো পূৰণ কৰিব লাগে।”

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা! অৰুণাচলত প্ৰথমবাৰৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰৰ বৈঠক

September 8, 2026 8:36 am
একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

একাপ ‘নীলা চাহ’ৰ চমৎকাৰ: ডায়েবেটিছ নিয়ন্ত্ৰণৰ পৰা মানসিক চাপ দূৰ কৰালৈকে, কেনেকৈ বনাব এই বিশেষ পানীয়?

September 8, 2026 7:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

September 8, 2026 10:06 am
মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

মল্লিকাৰ্জুন খাৰ্গেৰ ভাষণস্থলীৰ ‘শুদ্ধিকৰণ’: নিৰপেক্ষ তদন্তৰ আশ্বাসৰ পিছত আৱেদন খাৰিজ উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ

September 8, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd