• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NH-52 (B) ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চৰ সংবাদমেল : নেতৃত্ব বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা বুলি অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2019 8:48 pm
Press Meet

গ্ৰেটাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত "NH 52 (B) ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চ, ডিব্ৰুগড়-শিৱসাগৰ"ৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় জিলাত নিৰ্মাণৰত ৰাষ্ট্ৰীয় ঘাইপথ NH 52 (B)-ৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণ নোপোৱা ক্ষতিগ্ৰস্ত ৰাইজক সফল সংগ্ৰামৰ জৰিয়তে ক্ষতিপূৰণ দিবলৈ চৰকাৰক বাধ্য কৰা সংগ্ৰামৰ নেতৃত্ব বহন কৰা বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উঠিছে।

আজি গ্ৰেটাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি এই অভিযোগ আনিছে NH 52 (B) ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চই।

Apply Now

সংবাদমেলখনত যৌথ মঞ্চই দাবী কৰে, নিজে ক্ষতিগ্ৰস্ত নোহোৱা সত্ত্বেও শইকীয়াই ক্ষতিগ্ৰস্তসকলৰ অনুৰোধত সংগ্ৰামখনক সবল আৰু সফল নেতৃত্বৰে আগুৱাই নিছিল, যাৰ ফলত চৰকাৰে প্ৰথমে অনিচ্ছুক হোৱাৰ পিছতো সকলো ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিবলৈ বাধ্য হৈছিল।

মঞ্চখনৰ মতে, উচিত ক্ষতিপূৰণ লাভৰ ক্ষেত্ৰত দুৰ্ভগীয়া ৰাইজে উৱাদিহ নাপাইহে চি পি আই (এম এল)-ৰ নেতা বলীন্দ্ৰ শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাষ চাপিছিল আৰু সৰ্বসন্মতিক্ৰমে ক্ষতিগ্ৰস্ত ৰাইজে “NH 52 (B) ক্ষতিগ্ৰস্ত সুৰক্ষা সমিতিৰ যৌথ মঞ্চ, ডিব্ৰুগড়-শিৱসাগৰ” গঠন কৰে।

২০১৪ চনত প্ৰতিষ্ঠা লাভ কৰা এই মঞ্চই বলীন্দ্ৰ শইকীয়াৰ নেতৃত্বত ৭০ কি: মি: জোৰা পদযাত্ৰা, ৩৫০ ঘণ্টীয়া অৱস্থান ধৰ্মঘট, ৭০০ ঘণ্টীয়া অৱস্থান ধৰ্মঘট, অনশন আদিকে ধৰি চাৰি বছৰীয়া এক আপোচবিহীন সংগ্ৰাম চলাই নিয়ে আৰু শেষত চৰকাৰে ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিয়ে।

কিন্তু শেহতীয়াকৈ শইকীয়াৰ বিৰুদ্ধে ইতিমধ্যে ক্ষতিপূৰণ পোৱা টিংখাং থানাৰ অন্তৰ্গত ১ নং নাচনী গাঁৱৰ বিকাশ গগৈ নামৰ এজন ক্ষতিগ্ৰস্তই ক্ষতিপূৰণ উলিয়াই দিয়াৰ বিনিময়ত শইকীয়াই তেওঁৰ পৰা চেক যোগে এক লাখ টকা লোৱা বুলি অভিযোগ আনে। কেৱল অভিযোগ অনাই নহয়, বিকাশ গগৈয়ে শইকীয়াৰ বিৰুদ্ধে এই সন্দৰ্ভত টিংখাং আৰক্ষী চকীত এখন এজাহাৰ দিয়ে।

এজাহাৰখনৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪০৯/৪২০ ধাৰাত ১৯৩/১৯ নম্বৰত বলীন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰা হৈছে।

যৌথ মঞ্চখনে আজি সংবাদমেলত বিকাশ গগৈৰ অভিযোগ ভিত্তিহীন তথা উদ্দেশ্য প্ৰণোদিত বুলি দাবী কৰে। মঞ্চৰ বিষয়ববীয়াসকলে ইয়াৰ আঁৰত ৰাজনৈতিক অংক থকা বুলিও দাবী কৰে। বিধায়ক বিমল বৰালৈ ষড়যন্ত্ৰৰ আঙুলি টোঁৱাই মঞ্চই।

“এই অভিযোগৰ দ্বাৰা বলীন্দ্ৰ শইকীয়াৰ দৰে সংগ্ৰামী নেতাক সাধাৰণ ৰাইজৰ পৰা বিচ্ছিন্ন কৰাৰ লেতেৰা ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ আছে আৰু এই ষড়যন্ত্ৰৰ পিছফালে বিধায়ক বিমল বৰা জড়িত আছে”, সংবাদমেলত মঞ্চই কয়।

মঞ্চখনৰ দাবী :

মল বৰা বিধায়ক হোৱাৰ আগৰে পৰাই কোম্পানিৰ হৈ ওকালতি কৰিছিল আৰু কেতিয়াও আন্দোলনত সহযোগিতা কৰা নাছিল। আনকি বিধায়ক হৈ তেওঁ পুলিচ লগাই ৰাস্তাৰ কাম আৰম্ভ কৰাত ৰাইজে তেওঁৰ বাসগৃহ ঘেৰাও কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল।

তাৰ পিছত ৰাজগড়ত তিনিজন ক্ষতিগ্ৰস্তই কৰা অনশন কাৰ্যসূচীৰ খবৰ ল’বলৈও অহা নাছিল। ওলোটাই সপ্তম দিনাখন তেওঁ পুলিচ প্ৰশাসনৰ সহযোগত অনশনকাৰীসকলক গ্ৰেপ্তাৰ কৰাইছিল।

কিন্তু আন্দোলন সফল হোৱা দেখি তাৰ কৃতিত্ব ল’বলৈ তেওঁ বিচাৰি ফুৰিছে আৰু সেয়ে আন্দোলনৰ মূল নেতৃত্বৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰোৱাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

‘সৰকে চুনৰ’ৰ পিছত ‘পুতলা বিমান’ বিতৰ্ক; নোৰাৰ বিৰুদ্ধে ৩ কোটি টকাৰ মানহানিৰ গোচৰ

September 8, 2026 3:04 pm
হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

লোভেই পাপ, পাপেই মৃত্যু! অত্যধিক ভাড়াৰ লালসাত অতিৰিক্ত মহলা সজাৰ বাবেই হ’ল দিল্লীৰ কৰুণ দুৰ্ঘটনা

September 8, 2026 3:36 pm
নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

নিজৰ ঘৰৰ সন্মুখতেই প্ৰাণ কাঢ়িলে মণিপুৰী শিল্পীৰ: ৰাজধানীৰ বুকুত নিৰাপত্তাহীনতাত উত্তৰ-পূবৰ লোক!

September 8, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd