• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

সৰ্বভাৰতীয় ভূমি অধিকাৰৰ আন্দোলন

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
August 10, 2019 7:01 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৩ বৰ্ষত যেতিয়া কংগ্ৰেছ চৰকাৰৰ আমোলত পূৰ্বৰ ভূমি অধিগ্ৰহণ আইনখনৰ ঠাইত নকৈ ভূমি অধিগ্ৰহণ আইনখন প্ৰণয়ন কৰা হৈছিল তেতিয়া সৰ্বস্তৰত মূলতঃ দুটা প্ৰশ্ন উত্থাপিত হৈছিল—

  • এনেধৰণৰ ভূমি অধিকাৰ আইনৰ জৰিয়তে যিসকলৰ পৰা ভূমি অধিগ্ৰহণ কৰা হ’ব সেইসকলক উপকাৰ কৰিবলৈ বিচৰা হৈছে নে প্ৰকৃতপক্ষে কৰ্প’ৰেট আৰু কোম্পানীবোৰে যাতে সুকলমে ভূমি পাব পাৰে তাৰহে ব্যৱস্থা কৰা হৈছে?
  • ক্ষতিপূৰণ প্ৰদানৰ পৰিমাণ বহুগুণে বঢ়াই দি ভূমিক পূৰ্ণ পৰ্যায়ৰ পণ্যলৈ পৰিণত কৰি ভাৰত চৰকাৰে ভূমিহীনক ভূ-প্ৰদান কৰাৰ যিবোৰ কল্যাণকামী আঁচনি বা বিধি প্ৰণয়ন কৰিছিল সেইবোৰ কবৰ দিব বিচাৰিছে নেকি?

কংগ্ৰেছ চৰকাৰৰ আমোলত ভূমি অধিগ্ৰহণৰ দিশত আনিব খোজা এনে সংস্কাৰবোৰে এক নতুন ৰূপ পৰিগ্ৰহণ কৰিলে মোডী চৰকাৰৰ আমোলত।

Apply Now

বিশেষকৈ ৰাষ্ট্ৰীয় প্ৰয়োজনত, স্মাৰ্ট চিটি নিৰ্মাণ আদি বিষয়ত যেতিয়া মোডী চৰকাৰে অধ্যাদেশ আনি হ’লেও বলপূৰ্বকভাৱে ভূমি অধিগ্ৰহণৰ দিশত আগবাঢ়িল আৰু ভাৰতবৰ্ষৰ বহু প্ৰান্তত (বিশেষকৈ ঝাৰখণ্ড, উত্তৰাখণ্ড আদি প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এলেকাত) আদিবাসী-দলিত আদি সম্প্ৰদায়ৰ লোকৰ ভূমি অধিকাৰ নাকচ কৰি কোম্পানীবোৰক ভূমি লীজত দিবলৈ যো-জা চলোৱা হ’ল তেতিয়াই ভূমি অধিকাৰ বিষয়টোৰ ক্ষেত্ৰত দেশজুৰি ভালেমান চিন্তা-চৰ্চা আগবাঢ়িল।

এনে এক প্ৰেক্ষাপটতে বিগত কিছু বছৰত ভাৰতবৰ্ষত জন্মলাভ কৰিছে ‘ৰাষ্ট্ৰীয় ভূ-অধিকাৰ মৰ্চা’ শীৰ্ষক এক দেশব্যাপী গঢ় লৈ উঠা এক সাংগঠনিক তৎপৰতাৰ।

২০১৯ বৰ্ষৰ ১৪ ৰ পৰা ১৫ এপ্ৰিলৰ ভিতৰত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত ‘ভূমি অধিকাৰ’ বিষয়ক এখন দুদিনীয়া সৰ্বভাৰতীয় আলোচনা অনুষ্ঠিত হৈছিল। দেশৰ প্ৰায় ১৫ খন ৰাজ্যৰ ৮০ গৰাকী প্ৰতিনিধিয়ে ভাগ লোৱা এই আলোচনাৰ মূল বিষয় আছিল দলিত জনজাতীয় লোক আৰু মহিলাৰ ভূমি অধিকাৰ।

এই আলোচনাৰ কেন্দ্ৰীয় বিষয়বোৰ আছিল নিম্নোক্ত ধৰণৰ—

  • ভূমিহীন লোকক ভূমি প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰত ভূমি সংস্কাৰক এক কাৰ্যসূচী হিচাপে গঢ় দিব লাগে।
  • জনজাতীয় আৰু অজনজাতীয় বন আৱাসীসকলে যাতে সামূহিক বন অধিকাৰ লাভ কৰিব পাৰে তাৰবাবে বন অধিকাৰ আইন (Forest Right Act) খন প্ৰয়োগ কৰিব লাগে তথা এইসকল লোকৰ ভূমি হস্তান্তৰ ৰোধৰ ব্যৱস্থা হ’ব লাগে।
  • মহিলাৰ বাবে ভূমি অধিকাৰ সংৰক্ষিত হ’ব লাগে।
  • চৰকাৰৰ দ্বাৰা দলিত আৰু জনজাতীয় লোকৰ বাবে কিমান ভূমি বিতৰণ বা আবণ্টন কৰা হয় তাৰ পৰিমাণ নিৰূপণ কৰিব লাগে।
  • ৰাষ্ট্ৰীয় পৰ্যায়ত এক ভূমি অধিকাৰ প্ৰচাৰ চলাবলৈ আগবঢ়াৰ পৰিকল্পনা গ্ৰহণ কৰিব লাগে।

ভূপালত অনুষ্ঠিত এই সন্মিলনত ভাৰতবৰ্ষৰ জনসাধাৰণৰ ভূমি অধিকাৰ বিষয়ত সাংবিধানিক উপবন্ধৰ লগতে অন্যান্য কিছু বিষয় প্ৰসংগক্ৰমে আলোচনা কৰা হৈছিল। ইয়াত কোৱা হৈছিল যে, যিহেতু ভাৰতবৰ্ষৰ সংবিধানে ২১ নং অনুচ্ছেদৰ অধীনত দেশখনৰ প্ৰতিজন নাগৰিকক ‘জীৱনৰ অধিকাৰ’ (Right to life) প্ৰদান কৰিছে, সেয়েহে এই অধিকাৰৰ অৰ্থ হৈছে মৰ্যাদাপূৰ্ণ জীৱন যাপন, যথাযথ গৃহৰ সুবিধা, স্বাস্থ্যসন্মত খাদ্য, জীৱিকা, পানী আৰু সুৰক্ষাৰ অধিকাৰ।

ভূমি হৈছে এনে এবিধ সম্পদ যিয়ে নেকি পৰিয়ালৰ বিকাশ সুস্থিৰ কৰি ৰাখে। ভাৰতবৰ্ষৰ নিচিনা এখন কৃষি নিৰ্ভৰশীল দেশৰ ৫৪.৬ শতাংশ লোক কৃষি তথা ইয়াৰ লগত জড়িত কামৰ সৈতে সম্পৃক্ত হৈ আছে।

২০১৫-১৬ৰ কৃষি সমীক্ষা অনুযায়ী দেশখনৰ কৃষিকাৰ্য কৰা এলেকা ১৫৯.৯৯ মিলিয়ন হেক্টৰৰ পৰা (২০১০-১১) ১৫৭-১৪ মিলিয়ন হেক্টৰলৈ হ্ৰাস পাইছে। একেদৰে গড় হিচাপত খেতি কৰা মাটিৰ পৰিমাণ  ২০১০-১১ৰ ১.১৫ হেক্টৰৰ তুলনাত ১.০৮ হেক্টৰলৈ হ্ৰাস পাইছে।

এই সময়ছোৱাত সমগ্ৰ দেশখনতে ভূমিহীন লোকৰ সংখ্যা হৈ পৰিছে ১০১ মিলিয়ন।

ভূপালত হোৱা এই আলোচনাত দেশখনৰ বিভিন্ন প্ৰান্তৰ ভূমি আন্দোলনৰ কৰ্মীসকলে ভূমিহীন লোকৰ সংখ্যা বৃদ্ধি আৰু কৃষিভূমিৰ ওপৰত হোৱা আগ্ৰাসনৰ কিছু কাৰক চিনাক্ত কৰিবলৈ সক্ষম হৈছিল আৰু এইবোৰ হৈছে—

  • সত্তৰৰ দশকৰ আদিৰে পৰা ভূমিহীনক ভূমি প্ৰদান কৰিবলৈ, ৰায়তক ভূমিস্বত্ব দিবলৈ দেশখনত যিবোৰ কল্যাণকামী ভূমি আইন প্ৰণয়ন কৰা হৈছিল তাৰ প্ৰয়োগ ব্যৰ্থ হৈছে আৰু চৰকাৰেও তেনেবোৰ আইন ৰূপায়ণ কৰিবলৈ অকণো ইচ্ছুক নহয়।
  • নব্বৈৰ দশকৰ পাচৰ পৰা সমগ্ৰ দেশতে বিস্তৃত ৰূপত ৰূপায়ণ হোৱা মুক্ত অৰ্থনীতি, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে ভূমিৰ সমগ্ৰ বিষয়টোক অন্য এক দিশলৈ ঢাল খুৱাইছে। বিশেষকৈ উদ্যোগীকৰণৰ প্ৰভাৱত পৰি সমগ্ৰ দেশতে ব্যাপক হাৰত কৃষি ভূমিক অ-কৃষিভূমিলৈ ৰূপান্তৰিত কৰা হৈছে।
  • বিশেষ আৰ্থিক মণ্ডল গঠন (SEZ), মাটি ধৰি ৰখাৰ উৰ্ধসীমাৰ শিথিলকৰণ (Easing the Ceiling Limits), ৰায়তী আইনসমূহৰ শিথিলকৰণ, কৃষি, পানী, বনাঞ্চল আদিৰ ব্যাপক হাৰৰ ঠিকাদাৰীকৰণ আৰু কৰ্প’ৰেটকৰণ।
  • অধিক মুনাফা লাভৰ আশাত কোম্পানী, বৃহৎ কৰ্প’ৰেট আদিয়ে যিমান পাৰি সিমানেই মাটি বৈধ-অবৈধভাৱে নিজৰ হাতত মজুত কৰিছে। ফলত বঞ্চনাৰ বলি হ’বলগা হৈছে সাধাৰণ দৰিদ্ৰ কৃষক, দলিত সম্প্ৰদায় তথা পিছপৰা জাতি-জনগোষ্ঠীৰ লোকসকল। এনে প্ৰেক্ষাপটত ভূপালত সমাজৰ উদাস্তু শ্ৰেণীৰ মহিলা, বিশেষকৈ দলিতসকল ভূমি সুৰক্ষা, ভূমি বিতৰণ, পুনৰুদ্ধাৰ (reclamation) আদি কৰিবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এক সংঘবদ্ধ আন্দোলনৰ প্ৰচেষ্টা হাতত লোৱা হৈছিল।

সেই আন্দোলনৰ উদ্দেশ্যক সাৰোগত কৰি যোৱা ২১ আৰু ২২ জুনত ঝাৰখণ্ডৰ ৰাজধানী চহৰ ৰান্সীত এক আলোচনা সভাৰ আয়োজন হয়। ৰাষ্ট্ৰীয় ভূ-অধিকাৰ মৰ্চা শীৰ্ষক এই আলোচনাত এই লেখকো এগৰাকী প্ৰতিনিধি হিচাপে উপস্থিত আছিলো।

পৰিৱৰ্তিত প্ৰেক্ষাপটত আৰু সমাগত সময়ত ভূমিৰ ওপৰত ব্যাপক আগ্ৰাসনৰ শংকাক এই আলোচনাত বিস্তৃতভাৱে আলোচনা কৰা হয়। সাংগঠনিক আৰু বিধিগতভাৱে এনে শংকাক কেনেদৰে প্ৰতিহত কৰিব পৰা যায় তাৰ বাবে কিছু কৌশলৰ কথাও ৰান্সী ঘোষণাত সন্নিৱিষ্ট কৰা হয়।

ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ হোৱা এনে ভূমি আন্দোলনে যে সমাগত সময়ত দেশৰ ৰাজনীতিৰ এক কেন্দ্ৰীয় বিষয় হৈ পৰিব তাক আমি এতিয়াই স্বীকাৰ কৰি লোৱা উচিত।

 

(লেখকৰ ই-মেইল ঃ [email protected])

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

গুৱাহাটীস্থিত এজন নিয়মীয়া লেখক

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd