অসম চৰকাৰে গুৱাহাটীত ‘ফিল্মফেয়াৰ এৱাৰ্ড’ অনুষ্ঠান আয়োজনৰ পৰিকল্পনা কৰিছে।
বলীউদৰ অতি জনপ্ৰিয় আৰু সৰ্ববৃহৎ বঁটা প্ৰদানৰ অনুষ্ঠান হিচাপে বিবেচিত ‘ফিল্মফেয়াৰ এৱাৰ্ড’ৰ আয়োজন কৰিব ৰাজ্যৰ পৰ্যটন বিভাগে।
ট্যুৰ অপাৰেটৰ সমাৰোহত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিষয়ে সদৰী কৰে।
‘ফিল্মফেয়াৰ এৱাৰ্ড’ৰ বাবে টাইমছ গ্ৰুপে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱত সঁহাৰি দিয়া বুলি জানিব পৰা গৈছে।
দেশৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় ‘ফিল্মফেয়াৰ বঁটা’ বলীউদৰ ছবিসমূহৰ শিল্পী, কলা-কুশলীসকলক আগবঢ়োৱা হয়।
অসমত এই বঁটা প্ৰদান অনুষ্ঠিত হ’লে দেশৰ চলচ্চিত্ৰ জগতৰ তাৰকা-মহাতাৰকাসকলৰ গুৱাহাটীত সমাৱেশ ঘটিব।
তদুপৰি, অনুষ্ঠানটোৱে অসম পৰ্যটনক বিশেষভাৱে উপকৃত কৰিব বুলি ভৱা হৈছে।
অসমক বিশ্বৰ পৰ্যটন মানচিত্ৰত বিশেষভাৱে পৰিচিত কৰি তোলাৰ পদক্ষেপৰ এক অংশ হিচাপে মুখ্য মন্ত্ৰী সোণোৱালে এই উদ্যোগ গ্ৰহণ কৰিছে।
উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰে ৩০০ কোটি টকা আৱণ্টন দিয়াৰ কথা শনিবাৰে মুখ্য মন্ত্ৰীয়ে সদৰী কৰিছিল।