সম্প্ৰতি কিছুমান কোম্পানীৰ স্মাৰ্ট ৱাটছ বজাৰলৈ আহিছে। ইয়াক আপোনাৰ ব্যক্তিগত সহায়ক বুলিও ক’ব পাৰি।
ই ব্যৱহাৰকাৰীৰ শৰীৰৰ প্ৰতিটো গতিবিধি দৌৰা, খোজকঢ়া, সাঁতোৰা, হাৰ্ট বিটলৈকে খৱৰ ৰাখিব।
তদুপৰি, ই নটিফিকেশ্যন আৰু ৰিমাইণ্ডাৰৰ জৰিয়তে আপোনাৰ দিনটোৰ জৰুৰী কামসমূহো মনত পেলাই দিব।
আপুনি যদি স্মাৰ্ট ৱাটছ ক্ৰয় কৰাৰ কথা ভাৱিছে আৰু বজাৰৰ বিভিন্ন ঘড়ীসমূহৰ মাজত আপোনাৰ মনে বিচৰাটো বিচাৰি উলিওৱা কঠিন হৈ পৰিছে তেনেহ’লে ১৫ হাজাৰ টকাৰ কম বাজেটৰ পাঁচটা জনপ্ৰিয় স্মাৰ্ট ৱাটছত এবাৰ চকু ফুৰাই চাওক।
১. হুৱামি অ’মেজফিট ছিৰিজ
শ্বায়ামিৰ বিয়েৰেব’ল ব্ৰেণ্ড মেনুফেকছাৰিং কোম্পানী হুৱামিয়ে অ’মেজফিট ছিৰিজৰ স্মাৰ্ট ৱাটছক ভাৰতীয় বজাৰত মুকলি কৰিছে।
ইয়াৰ মূল্য ৫,৪৯৯ টকাৰ পৰা ১২,৯৯৯ টকালৈকে আছে।
৯,৯৯৯ টকা মূল্যৰ স্মাৰ্ট ৱাটছটো এমাজনৰ (Amazon) পৰা ক্ৰয় কৰিব পাৰে। ইয়াত এণ্ড্ৰইড আৰু আই অ’ এছ দুয়োটাতে সমৰ্থন কৰে। মিটফিট ৱেপাৰত ১.৩৯ ইঞ্চিৰ স্কীম পাব য’ত ফিটনেট ট্ৰেকাৰৰ লগতে হাৰ্ট বিট মনিটৰ আদি সুবিধা আছে।
ই ব্যৱহাৰকাৰীক টেক্সট্ মেছেজ, কল, নটিফিকেশ্যন সম্পৰ্কতো সতৰ্ক কৰি দিয়ে। ইয়াৰ দ্বাৰা ঘৰৰ স্মাৰ্ট হোম ডিভাইচ কন্ট্ৰলো কৰিব পৰা যায় আৰু লগতে দূৰৰ পৰা ছেল্ফিও ল’ব পৰা যায়।
২. অঁনৰ ৱাটছ মেজিক
চীনৰ কোম্পানী অঁনৰে তেওঁলোকৰ নিজৰ মেজিক স্মাৰ্ট ৱাটছ ভাৰতীয় বজাৰত মুকলি কৰি দিছে। ইয়াক ১০,৯৯৯ টকাত এমাজনৰ পৰা ক্ৰয় কৰিব পৰা যায়। ১.২ ইঞ্চিৰ এম’লেড কালাৰ্ছ ডিচপ্লে’যুক্ত এই ঘড়ীটো চিংগ’ল চাৰ্জিঙেৰে এসপ্তাহ পৰ্যন্ত চলাব পাৰি। ইয়াক ৫ এটিএম ৱাটাৰ ৰেজিষ্টেন্স ৰেটিং দিয়া হৈছে।
৩. হুৱাৱে ৱাটছ জীটী
অঁনৰেৰ লগতে হুৱাৱেও তেওঁলোকৰ ঘড়ী জীটী স্মাৰ্ট ৱাটছ ভাৰতীয় বজাৰত মুকলি কৰিছে। ১.৩ ইঞ্চিৰ এম’লেড ডিচপ্লে যুক্ত হুৱাৱে ঘড়ী জীটী স্মাৰ্ট ৱাটছ চিংগ’ল চাৰ্জিঙেৰে দুসপ্তাহৰ বেটাৰী বেকআপ দিয়ে।
কিছুমান ফিটনেছ মুডক ছাপোৰ্ট কৰা এই স্মাৰ্ট ৱাটছে ৱিল্ড-ইন জিপিএছৰ জৰিয়তে ৰিয়েল টাইমত হাৰ্ট বিট আৰু টোপনিৰো পৰ্যবেক্ষণ কৰে।
ইয়াক ৫০ মিটাৰ পৰ্যন্ত দ পানীতো ব্যৱহাৰ কৰিব পৰা যায়। ইয়াক এমাজনৰ পৰা ১১,৯৯৯ টকাত ক্ৰয় কৰিব পাৰি।
৪. মোববাই টিকৱাটছ ই২
মোববাই টিকৱাটছ ই২ এমাজনত ১৩,৯৯৯ টকাত পোৱা যায়। ই ৫এটিএম ৱাটাৰ ৰেজিষ্টেন্সৰ সৈতে ছীমপ্ৰুফ। ২৪ ঘন্টা হাৰ্ট বিট পৰ্যবেক্ষণ কৰা এই স্মাৰ্টৱাটছ ৱিল্ড-ইন জিপিএছৰ সৈতে পোৱা যায়।
ইয়াত গুগল প্লে ষ্ট’ৰ এপকো চলাব পৰা যায়। ইয়াত ৱিল্ড-ইন গুগল এছিটেন্ট ছাপোৰ্টো পোৱা যায়।
৫. ফিটবিট বৰ্সা লাইট
ফিটবিটৰ এই স্মাৰ্টৱাটছে ৱিল্ড-ইন জিপিএছ, হাৰ্ট বিট মনিটৰ, শ্লিপ ট্ৰেপিং আৰু সমগ্ৰ দিনটোৰ কামকাজ পৰ্যবেক্ষণ কৰিব পাৰে। ই ১৫ ধৰণৰ এক্সাৰচাইজ মুডক ছাপোৰ্ট কৰে। চিংগল চাৰ্জিঙত ই ৪ দিন পৰ্যন্ত বেকআপ দিব পাৰে। ইয়াক ফ্লিপকাৰ্টত ১৪,৯৯৯ টকাত ক্ৰয় কৰিব পাৰে।