• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন আৰ চিৰ নতুন বিড়ম্বনা : খচৰাত দৰাৰ নাম নথকা বাবেই কইনা দিবলৈ অস্বীকাৰ দেউতাকৰ

কন্যাদানৰ পৰিৱৰ্তে দেউতাকে দিলে গোচৰ; কিন্তু প্ৰেমে নামানে এন আৰ চিৰ বিধি-পথালি; পলাই গ’ল দৰা-কইনা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 19, 2019 5:52 pm
Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

2.9k
VIEWS
Share on FacebookShare on Twitter

অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ কাৰণে লাখ লাখ লোক হাৰাশাস্তিৰ সন্মুখীন হোৱা, বহুজনে আত্মহত্যা কৰা, বহুজন দুৰ্ঘটনাত পতিত হোৱাৰ পিছত এইবাৰ ইয়াৰ সৈতে সাঙুৰ খাইছে বিয়া ভগাৰ ঘটনা।

খচৰাত দৰাৰ নাম নথকা বাবেই কইনা ঘৰে ছোৱালী দিবলৈ অস্বীকাৰ কৰা ঘটনাটো শিলচৰৰ মাজমজিয়াৰ বেৰেংগা পঞ্চম খণ্ডৰ নয়াগ্ৰামৰ। বাতৰিটো প্ৰকাশ কৰিছে “বৰাক বুলেটিন” নামৰ নিউজ পৰ্টেলটোৱে।

এই বিড়ম্বনাৰ সন্মুখীন হোৱা পাত্ৰজনৰ নাম দিলৱাৰ হুছেইন লস্কৰ আৰু তেওঁ কইনাগৰাকীৰ প্ৰতিৱেশীও। দিলৱাৰৰ ছোৱালীগৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল।

দুয়োঘৰে বুজাবুজিত উপনীত হৈ আনুষ্ঠানিকভাৱে বিয়া পাতি দিবলৈ আগ বাঢ়ে যদিও বিয়াৰ সকলো কথাবতৰাৰ মাজতে দৰাৰ এন আৰ চিত নাম আছে নাই জানিব বিচাৰোতেই গণ্ডগোল লাগে।

দৰাৰ এন আৰ চিৰ খচৰাত নাম নাই বাবে কইনাৰ দেউতাক নিজৰ ছোৱালীক বিয়া দিবলৈ অমান্তি হয়।

অৱশ্যে কইনা আৰু দৰাৰ মাজত এই ঘটনাই বিচ্ছেদ ঘটাব নোৱাৰিলে। কইনাঘৰে ছোৱালী দিবলৈ অমান্তি হোৱা জানিব পাৰি দুয়ো গোপনে ঘৰ এৰি গুচি যায়। এতিয়ালৈকে তেওঁলোকৰ সন্ধান নাই বুলি জানিব পৰা গৈছে।

ইপিনে পাত্ৰ দিলৱাৰ হুছেইন লস্কৰ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে শিলচৰ থানাত যোৱা ১৭ আগষ্টত শিলচৰ থানাত গোচৰো দিছে কাইনাৰ দেউতাকে। এজাহাৰত দিলৱাৰে তেওঁৰ জীয়েকক অপহৰণ কৰা বুলি অভিযোগ কৰিছে কইনাৰ দেউতাকে।

দৰা দিলৱাৰ হুছেইন লস্কৰৰ পৰিয়ালে জনোৱামতে, পৰিয়ালৰ আন সকলোৰে নাম আছে যদিও দিলৱাৰৰ নাম খচৰাত নাই। কিবা ভুলত থাকি যোৱা বুলি ধৰি লৈ মূল এন আৰ চিত তেওঁৰ উঠোৱাৰ বাবে সকলো যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে।

দিলৱাৰৰ পৰিয়ালৰ অভিযোগ, দাবী কৰা টকা নোপোৱা বাবেহে কইনাৰ পৰিয়ালে এইবোৰ কৰিছে। তেওঁলোকৰ মতে কইনাৰ দেউতাকে ৫ লাখ টকা দাবী কৰিছিল আৰু দিবলৈ অমান্তি হোৱা বাবেই এই ষড়যন্ত্ৰ।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd