• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবড়োৰ আৰ্মি গঠন কৰিব কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2019 7:06 pm
Kokrajhar MP Sarania to mould Non-Bodo army in Assam's BTAD

মঙলবাৰে সংবাদমেলত নৱ শৰণীয়া। ছবি- নৰ্থ ইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই গঠন কৰিব অবড়োৰ আৰ্মি।

গুৱাহাটীত মঙলবাৰে এই কথা ঘোষণা কৰিছে সাংসদগৰাকীয়ে।

Apply Now

অহা ছেপ্তেম্বৰৰ ভিতৰত বি টি এ দিকেন্দ্ৰিক এই আৰ্মি গঠন কৰা হ’ব, শৰণীয়াই জনায়।

সাংসদগৰাকীৰ মতে, এই আৰ্মিৰ উদ্দেশ্য হৈছে বি টি এ দিত অবড়োৰ “অধিকাৰ সুৰক্ষা”।

“অবড়োসকলৰ অৰ্থনৈতিক অধিকাৰ, ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে এই আৰ্মি গঠন কৰা হ’ব,” অবড়ো সুৰক্ষা আন্দোলনৰ নেতৃবৃন্দৰ উপস্থিতিত এই মন্তব্য শৰণীয়াৰ।

প্ৰাক্তন আলফা নেতাগৰাকীয়ে অৱশ্যে জনায় যে এই আৰ্মি সশস্ত্ৰ নহ’ব, কিন্তু প্ৰত্যাক্ৰমণৰ বাবে উন্মুক্ত থাকিব।

“এই আৰ্মি সশস্ত্ৰ নহ’লেও কোনো অবড়োক আক্ৰমণ কৰিলে সশস্ত্ৰ বাহিনীক প্ৰতিহত কৰাৰ বাবে এই আৰ্মি সষ্টম থাকিব,” তেওঁ কয়।

বি টি চি বিষয়টো কেৱল “ৰাজনৈতিকভাৱেহে” সমাধান কৰিব পাৰি বুলিও তেওঁ মত প্ৰকাশ কৰিছে।

“পৃথক বড়োলেণ্ড” সন্দৰ্ভতো শৰণীয়াই পূৰ্বৰ স্থিতিকে দোহাৰিছে।

“বিজেপি চৰকাৰে বি পি এফৰ কথাত বা অসম বিদ্ৰোহী বিশ্বজিত দৈমাৰীৰ কথা শুনি যদি তেনে সিদ্ধান্ত লয়, তেন্তে অবড়ো সুৰক্ষা সমিতি বহি নাথাকে,” পৃথক বড়োলেণ্ডৰ পক্ষপাতি নহওঁ বুলি উল্লেখ কৰি তেওঁ কয়।

তেওঁ কয় যে অসমৰ পুনৰ খণ্ডিতকৰণে ইয়াৰ ভাষা-সংস্কৃতি-ঐক্য সকলো শেষ কৰিব।

“অবড়ো সুৰক্ষা সমিতিয়ে ষষ্ঠ অনুসূচী শেষ কৰি দিবলৈ কেতিয়াও কোৱা নাই। ঠিক সেইদৰে অবড়োসকলৰো অধিকাৰ সুৰক্ষিত কৰিব লাগিব,” তেওঁৰ মন্তব্য।

এই পটভূমিত বি টি চি নিৰ্বাচনত “আমি” গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ মন্তব্য কৰে।

কোকৰাঝাৰৰ দুবাৰৰ সাংসদ শৰণীয়াই কয় যে আগন্তুক বি টি চি নিৰ্বাচনত বি পি এফ-বিজেপি ধূলিস্যাৎ হ’ব।

“এইবাৰ কাউন্সিল দখল কৰিমেই আমি। ৪০খনৰ ৩৫খন আসনেই আমি দখল কৰিম। বি পি এফ আৰু ইউ পি পি এল লগ লাগিলেও শংকিত নহওঁ,” তেওঁ কয়।

দেশৰ ৫৪২ টা সমষ্টিৰ ভিতৰত কোকৰাঝাৰত অতিকৈ কঠিন নিৰ্বাচন হৈছিল, শৰণীয়াই কয়। “সকলোৱে মোক হৰুৱাবলে চেষ্টা কৰিছিল যদিও সফল নহ’ল।”

আনহাতে, চূড়ান্ত এন আৰ চি প্ৰকাশৰ পিছৰ পৰিস্থিতিৰ বাবে সাংসদ শৰণীয়া আৰু অবড়ো সুৰক্ষা সমিতি সাজু বুলি তেওঁলোকে সংবাদমেলত প্ৰকাশ কৰে।

কোনো স্বদেশী লোকৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত নহ’লে তেওঁলোকে সেইসকলক “আইনগতভাৱে” সহায় কৰা হ’ব বুলি সদৰী কৰিছে। “সাংসদ হিচাপে দায়িত্ব আছে,” তেওঁ কয়।

দৰকাৰ হ’লে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৫০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব আৰু তেওঁলোকে নাম বাদ পৰাসকলক আবেদন পূৰণ কৰাত সহায় কৰিব।

পাঠশালাৰ গৌৰীপুৰত তেওঁৰ কনভয়ত পাথৰ নিক্ষেপৰ ঘটনাটো “পৰিকল্পিত” বুলি তেওঁ সংবাদমেলত মন্তব্য কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

মিজোৰামৰ আদালতৰ কঠোৰ ৰায়: ধ*ৰ্ষণ আৰু এচিড আক্ৰমণৰ গোচৰত দুগৰাকী বি এছ এফ জোৱানক ৪২ বছৰৰ সশ্ৰম কাৰাদণ্ড

June 17, 2026 12:59 pm
কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

কাছাৰৰ হোটেলত অবৈধ দেহ ব্যৱসায়ৰ সন্দেহ! তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা নাবালিকা উদ্ধাৰ

June 17, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

দিল্লীত গাৰ নোম শিয়ৰি উঠা ঘটনা! ফ্লাইঅভাৰৰ পৰা জাঁপ দিব খোজা এজন লোকক জীৱনদান দিলে আৰক্ষী বিষয়াই

June 17, 2026 1:34 pm
এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

June 17, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd