• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অচিৰেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি হ’ব পাৰে ন্যায়াধীশ হৃষিকেশ ৰয়ৰ

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
September 6, 2019 2:59 pm
Justice-Hrishikesh-Roy

ন্যায়াধীশ হৃষিকেশ ৰয়ৰ ফাইল ফটো। উৎস : livelaw.in

22.6k
VIEWS
Share on FacebookShare on Twitter

অসমত জন্মলাভ কৰা কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৃষিকেশ ৰয়ক সোনকালেই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হ’ব পাৰে।

সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ হিচাপে চাৰিগৰাকী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদোন্নতিত উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচন সমিতিয়ে অনুমোদন জনোৱা ফাইল এটা আইন মন্ত্ৰালয়ে প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে।

কলেজিয়ামে ইয়াৰ অনুমোদনত কয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ চাৰি গৰাকী প্ৰাৰ্থীয়ে অতি যোগ্য আৰু উপযুক্ত।

ন্যায়াধীশ হৃষিকেশ ৰয়ৰ উপৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, হিমাচল প্ৰদেশৰ মুখ্য ন্যায়াধীশ আৰু পঞ্জাৱ-হাৰিয়ানাৰ মুখ্য ন্যায়াধীশৰ নামো পদোন্নতিৰ বাবে অনুমোদন জনোৱা হৈছে।

ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়ান হিমাচল প্ৰদেশৰ মুখ্য ন্যায়াধীশ আৰু পঞ্জাৱ-হাৰিয়ানাৰ মুখ্য ন্যায়াধীশ হৈছে ন্যায়াধীশ কৃষ্ণ মুৰাৰি।

ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট বৰ্তমান ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।

উচ্চতম ন্যায়ালয়ত এই চাৰিগৰাকী ন্যায়াধীশ নিযুক্তিয়ে ইয়াৰ শক্তি এতিয়ালৈকে সৰ্বাধিক ৩৪ গৰাকীলৈ বৃদ্ধি কৰিব।

অলপতে, সাংসদে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্য ৩১গৰাকীৰ পৰা ৩৪ গৰাকীলৈ বৃদ্ধি কৰিছিল।

যদি ন্যায়াধীশ হৃষিকেশ ৰয়ে উচ্চতম ন্যায়ালয়ত নিযুক্তি লাভ কৰে, তেতিয়াহ’লে উচ্চতম ন্যায়ালয়ত অসমৰ পৰা ন্যায়াধীশ পদ লাভ কৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পাছতে তেওঁ হ’ব দ্বিতীয়গৰাকী ব্যক্তি।

১৯৮২ চনত ন্যায়াধীশ হৃষিকেশ ৰয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে আৰু প্ৰথমতে দিল্লী বাৰ কাউন্সিলৰ অধীনত নাম লগায় যদিও পাছত তেওঁ গুৱাহাটীলৈ আহে।

তেওঁ অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ ষ্টণ্ডিং কাউন্সেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০৪ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মৰ্যাদা লাভ কৰে। হৃষিকেশ ৰয়ে ২০০৬ চনৰ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অতিৰিক্ত ন্যায়াধীশ হিচাপে আৰু ২০০৮ চনত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

২০১৮ চনৰ মে’ত ন্যায়াধীশ ৰয়ক ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হয়। তেওঁ ২০১৮ চনৰ ৮ আগষ্টত উচ্চ ন্যায়ালয়খনৰ স্থায়ী মুখ্য ন্যায়াধীশ নিযুক্ত হয়।

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে সোনকালেই উচ্চতম ন্যায়ালয়লৈ এই চাৰিগৰাকী ন্যায়াধীশৰ পদোন্নতি সন্দৰ্ভত সিদ্ধান্ত ল’ব।

জানিব পৰা মতে, আইন মন্ত্ৰালয়ে পৰামৰ্শদাতা ন্যায়াধীশৰ মতামতসহ এটা টোকা প্ৰেৰণ কৰিছে।

একাংশ পৰামৰ্শদাতা ন্যায়াধীশে প্ৰাৰ্থীকেইগৰাকীৰ প্ৰস্তাৱিত পদোন্নতিত প্ৰশ্ন উত্থাপন কৰিছে যিসকল সৰ্বভাৰতীয় জ্যেষ্ঠতাৰ তালিকাত ক্ৰম অনুযায়ী তলৰ পিনে আছে।

কিন্তু পৰামৰ্শদাতা ন্যায়াধীশৰ মতামত কলেজিয়ামত ধৰা নহয়। প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়েও অচিৰেই আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টো বিবেচনা কৰিব।

ন্যায়াধীশ হৃষিকেশ ৰয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অৱসৰৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত এক স্থান লাভ কৰিব বুলি আশা কৰা হৈছে।

তথ্য অনুসৰি, ন্যায়াধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd