• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লঘু যাত্ৰীবাহী বাহন ক্ৰয়ত ১০ হাজাৰ যুৱকলৈ ৰাজ সাহায্য চৰকাৰৰ; ১ হাজাৰজন যুৱ সাহিত্যিকক ৫০ হাজাৰকৈ টকা

চৰকাৰী বিদ্যালয়ত হ'ব বিনামূলীয়া চেনিটেৰি নেপকিন ভেণ্ডিং মেচিন থকা গাৰ্লছ কমনৰূমৰ পৰীক্ষামূলক ৰূপায়ণৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 7:28 pm
Assam CM Sonowal greets people on Eid-Ul-Fitr

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিবনুৱাৰে ভৰি থকা ৰাজ্যখনৰ দহ হাজাৰ যুৱকক চৰকাৰে লঘু যাত্ৰীবাহী বাহন ক্ৰয় কৰাৰ বাবে ৰাজ সাহায্য আগ বঢ়াবলৈ সিদ্ধান্ত কৰিছে।

ৰাজ্যৰ দহ হাজাৰখন গাঁৱৰ দহ হাজাৰজন নিবনুৱা যুৱকলৈ এই সকাহ আগ বঢ়াব বুলি মুখ্য মন্ত্ৰীয়ে যোৱা স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীতে ঘোষণা কৰিছিল। যুৱকসকলে এই বাহন ক্ৰয়ত ২৫ শতাংশ ৰাজসাহায্য পাব।

Apply Now

মুখ্য মন্ত্ৰীয়ে আজি বাজেট সন্নিৱিষ্ট শিক্ষা বিভাগৰ বিভিন্ন ঘোষণা আৰু স্বাধীনতা দিৱসত নিজেই কৰা ঘোষণাৰ ৰূপায়ণৰ পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল।

অহা ২ অক্টোবৰত এই আঁচনিৰ প্ৰাৰম্ভণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে ৰাজ্যৰ পৰিবহণ বিভাগক নিৰ্দেশ দিয়া বুলি চৰকাৰৰ বিবৃতিত প্ৰকাশ।

একেদৰে, ৰাজ্যখনৰ ১ হাজাৰজন যুৱ সাহিত্যিকক ৫০ হাজাৰকৈ টকাৰ এককালীন সাহায্য আগ বঢ়োৱা হ’ব বুলি বাজেটত সন্নিৱিষ্ট শিক্ষা বিভাগৰ ঘোষণাটো ৰূপায়ণৰ সূচনা কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰীয়ে। এই ৫০ হাজাৰ টকাৰ এককালীন ৰাজ সাহায্য বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাসমূহৰ দ্বাৰা নিৰ্বাচিত সাহিত্যিকক আগ বঢ়োৱা হ’ব।

ইয়াৰোপৰি আজিৰ বৈঠকত ১ লাখ পৰিয়ালৰ গৃহত অনাময় শৌচাগাৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগ বঢ়োৱা বিষয়টোও আলোচনা হয়। এই সাহায্য আগ বঢ়াওঁতে বান-ক্ষতিগ্ৰস্ত এলেকাৰ পৰিয়ালবোৰক অগ্ৰাধিকাৰ ভিত্তিত সামৰি ল’বলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে।

ৰাজ্যৰ সকলো চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰানিং ৱাটাৰ, টয়লেট আৰু বিনামূলীয়া চেনিটেৰি নেপকিন ভেণ্ডিং মেচিনৰ সুবিধা থকা গাৰ্লছ কমনৰূম নিৰ্মাণ আদি দিশৰো বিতং আলোচনা হয়। মুখ্য মন্ত্ৰীয়ে অহা ১৫ অক্টোবৰৰ পৰা ৰাজ্যৰ কেইখনমান বিদ্যালয়ত পাইলট প্ৰজেক্ট হিচাপে এই কামৰ শুভাৰম্ভ কৰিবলৈ শিক্ষা বিভাগৰ নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াৰ উপৰি শিক্ষা বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব সকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd