ৰাজ্যৰ নিবনুৱাৰ বাবে বহু প্ৰত্যাশিত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক টে’ট পৰীক্ষাৰ তাৰিখ পিছুৱাই ১০ নৱেম্বৰ কৰা হৈছে বুলি এখন জাননীযোগে জনোৱা হৈছে।
পূৰ্বে এই পৰীক্ষাটো ২০ অক্টোবৰত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল শিক্ষা বিভাগে।
ইয়াৰ উপৰি শিক্ষা বিভাগে পূৰ্বৰ বিজ্ঞাপনটোৰ আন কেইবাটাও কথা সালসলনি কৰিছে।
দিব্যাংগসকলৰ পৰা অনলাইন আৱেদন গ্ৰহণৰ সময় বৃদ্ধি কৰি তেওঁলোকক ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত আৱেদন জমা দিয়াৰ সুযোগ দিয়া হৈছে।
এওঁলোকৰ মাজৰ পূৰ্বে আৱেদন কৰাসকলেও এই সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ এপ্লিকেইশ্যন নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি তেওঁলোকৰ আৱেদন সংশোধন কৰিব পাৰিব বুলি জাননীখনত জনোৱা হৈছে।
অন্য আৱেদনকাৰীসকলৰ মাজৰো যিসকলে বি এড/ডি এল এড পাঠ্যক্ৰম অধ্যয়ন কৰি আছে বুলি প্ৰপত্ৰ পূৰোৱাৰ সময়ত তথ্য দিছিল, তেওঁলোকে এই পাঠ্যক্ৰম লৈ থকা সবিশেষ তথ্য ১৯ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত নিজৰ অনলাইন আৱেদন সম্পাদনা বা সংশোধনৰ জৰিয়তে আপল’ড দিয়াটো বাধ্যতামূলক বুলি কোৱা হৈছে। সম্পাদনা বা সংশোধন নিজৰ এপ্লিকেইশ্যন নম্বৰ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি কৰিব পাৰিব।
এই সম্পৰ্কত আপল’ড কৰিব লগীয়া তথ্যবোৰ-
(ক) বৃত্তিমূলক পাঠ্যক্ৰমটোত (বি এড/ডি এল এড) এডমিশ্যন লোৱাৰ তাৰিখ।
(খ) বৃত্তিমূলক পাঠ্যক্ৰমটো (বি এড/ডি এল এড) গ্ৰহণ কৰি থকা প্ৰতিষ্ঠানটোৰ নাম।
(গ) বৃত্তিমূলক পাঠ্যক্ৰমটোৰ (বি এড/ডি এল এড) প্ৰকাৰ (ৰেগুলাৰ বা অ’ ডি এল)।
(ঘ) য’ত বৃত্তিমূলক পাঠ্যক্ৰমটো (বি এড/ডি এল এড) লোৱা হৈছে সেই প্ৰতিষ্ঠানটোৰ ছীলযুক্ত এডমিশ্যন ৰিচিপ্টটোৰ স্ব-স্বাক্ষৰিত প্ৰতিলিপি।
বৃত্তিমূলক পাঠ্যক্ৰম অধ্যয়ন কৰি থকা মানে এই সকলো আৱেদনকাৰীক বুজোৱা হৈছে, যিসকলে বি এড/ডি এল এড অৰ্হতাটো অৰ্জন নকৰা সত্ত্বেও আৱেদনপত্ৰ পূৰ কৰিছিল।
যিসকল প্ৰাৰ্থীয়ে এই তথ্য/নথিবোৰ নিৰ্ধাৰিত তাৰিখৰ ভিতৰত আপল’ড নকৰে, তেওঁলোকক প্ৰত্যাখ্যান কৰা হ’ব আৰু তেওঁলোকৰ মাচুল ঘূৰাই দিয়া হ’ব, জাননীখনত এইদৰে কোৱা হয়।
টে’ট পৰীক্ষাৰ সম্পৰ্কীয় পূৰ্বৰ বিজ্ঞাপনটো শিক্ষা বিভাগে ৩০ আগষ্টত প্ৰকাশ কৰিছিল আৰু ২ ছেপ্টেম্বৰৰ পৰা অনলাইন আৱেদন পূৰোৱা কাম আৰম্ভ হৈ ১৭ ছেপ্টেম্বৰত শেষ হৈছিল।