• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰহস্য! অপহৰণ, কেকো সাপৰ ব্যৱসায় আৰু এটা পাক ঘূৰণি খোৱা অপৰাধৰ কাহিনী

উত্তম শইকীয়া/অনিৰ্বাণ পাঠক by উত্তম শইকীয়া/অনিৰ্বাণ পাঠক
September 26, 2019 5:00 pm
864
VIEWS
Share on FacebookShare on Twitter

এজন যুৱকৰ অপহৰণ কাণ্ড। যুৱকজনৰ নাম মাইনা গগৈ। ঘৰ তেওঁৰ গোলাঘাটৰ মেৰাপানীত। তিনিদিন পূৰ্বে যুৱকজনক অপহৰণ হৈছিল।

যুৱকজনক মুকলি কৰি দিয়াৰ বিনিময়ত অপহৰণকাৰীয়ে বিচাৰিছিল ২০ লাখ টকাৰ মুক্তিপন।

অৱশেষত গোলাঘাটৰ বোকাখাত আৰক্ষীয়ে ওৰাং আৰক্ষীৰ সহযোগত অভিযান চলাই ওদালগুৰিৰ কোপাতি গাঁৱৰ পৰা যুৱজনক উদ্ধাৰ কৰে।

আৰক্ষীয়ে ঘটনা সংক্ৰান্তত মুস্তাফা আহমেদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।

ইপিনে, আৰক্ষীয়ে মাইনা গগৈক উদ্ধাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছে আন এক ঘটনা।

ঘটনা অনুসৰি, দেউতাকৰ এজন বন্ধুৰ সৈতে তেওঁ কলিয়াবৰলৈ আহিছিল। দেউতাকৰ বন্ধুজনৰ নাম নোমল চুতীয়া। লোকজনে কেকো সাপৰ ব্যৱসায়ৰ সৈতে জড়িত।

কেকো সাপ কিনিবলৈ অহা এটা দলৰ সৈতে মাইনা গগৈ কলিয়াবৰলৈ আহিছিল। ইয়াৰ পৰাই তেওঁৰ অপহৰণ হোৱা বুলি কোৱা হৈছে।

মাইনা গগৈক মুস্তাফা আহমেদ নামৰ লোকজনে আবদ্ধ কৰি ৰাখিছিল।মুস্তাফাৰ মতে মাইনাই কেকো সাপ কিনিবলৈ আহিছিল।

মুস্তাফাই জানিবলৈ দিয়া মতে, মাইনাক দেখুওৱা হৈছিল ১৬ ইঞ্চি দীঘল এডাল কেকো সাপ। কিন্তু মাইনাই চুই দিওতেই কেকো ডাল মৰি যায়। গতিকে কেকো ডালৰ দাম ২০ লাখৰ কিছু অংশহে দিবলৈ কৈছিল।

মুস্তাফা আহমেদৰ বিস্ফোৰক ভাষ্যত প্ৰকাশ পাইছে যে কেকো সাপডাল হেনো বন বিভাগৰহে আছিল।

বন বিভাগে কেকো ডাল টোপ হিচাপে দি চোৰ ধৰিবলৈ ফিৰোজ নামৰ এজন লোকক নিয়োগ কৰিছিল। উক্ত ফিৰোজে আকৌ সেই কামৰ দায়িত্ব দিছিল মুস্তাফাক।

ফিৰোজ বৰ্তনাম পলাতক হৈ আছে। তদুপৰি, মাইনা গগৈক লৈ অনা বোকাখাতৰ কেইবাজনো লোকৰ দলটোও পলাতক হৈ আছে।

বোকাখাত আৰক্ষীয়ে মুস্তাফা আহমেদক জিম্মাত লৈ এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

শেহতীয়াকৈ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৪(এ) ধাৰাৰ অধীনত ২৬৭/১৯ নং গোটৰ এটা ৰুজু কৰিছে।

বোকাখাত আৰক্ষীয়ে ভেলাগুৰি, মেৰাপানীৰ পৰা আমিৰ হুছেইন, নূৰ হুছেইন,আজিজুৰ ৰহমান আৰু নুমল চুতীয়া নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ঘটনাৰ তদন্তৰ পাছতহে হয়তো প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd