• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগা পতাকা আৰু সংবিধান চূড়ান্ত চুক্তিত থাকিব লাগিব: ৰাজ্যপাল ৰৱিক এন পি এফ

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
October 5, 2019 10:02 pm
Zeliang NPF wants inclusion of Naga flag and constitution in the final agreement on Naga political issue

জেলিয়াং আৰু ৰাজ্যপাল ৰৱি। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা আলোচনাৰ চূড়ান্ত সমাধানক লৈ চলিত ব্যাপক চৰ্চাৰ মাজতে, নাগা পীপলছ ফ্ৰণ্টে চুক্তিত নাগা পতাকা আৰু সংবিধান থাকিব লাগিব বুলি মত প্ৰকাশ কৰিছে।

তেওঁলোকৰ এক প্ৰতিনিধি দলে শনিবাৰে ৰাজ্যপাল আৰ এন ৰৱিক সাক্ষাৎ কৰাৰ পিছতে নাগালেণ্ডৰ প্ৰধান বিৰোধী দলটোৱে বিষয়টোত নিজৰ পূৰ্বৰ স্থিতিকে দোহাৰিছে।

Apply Now

চলিত আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰাজ্যপাল ৰৱিয়ে নাগালেণ্ডৰ বাবে পৃথক সংবিধান আৰু পতাকাৰ দাবীক কেন্দ্ৰীয় চৰকাৰে নাকচ কৰাৰ কথা শেহতীয়াকৈ সদৰী কৰিছিল।

এন পি এফ প্ৰতিনিধি দলটোৱে চলিত শান্তি আলোচনাৰ সমাধান শ্বিলং চুক্তিৰ পুনৰাবৃত্তি নোহোৱাৰ প্ৰতি চকু দিবলৈয়ো ৰাজ্যপাল ৰৱিক আহ্বান জনাইছে।

প্ৰাক্তন মুখ্য মন্ত্ৰী তথা চলিত নাগালেণ্ড বিধান সভাৰ বিৰোধী দলপতি টি আৰ জেলিয়াঙৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰিছে।

নাগা-ভাৰত চৰকাৰ শান্তি আলোচনা সন্দৰ্ভত স্থিতি স্পষ্ট কৰি এন পি এফে কৈছে যে চূড়ান্ত সমাধানটো স্থায়ী শান্তি প্ৰতিষ্ঠাত বিফল হোৱা পূৰ্বৰ ১৬ দফীয়া চনদ বা শ্বিলং চুক্তিৰ পুনৰাবৃত্তি হ’ব নালাগে।

এই কথা নিশ্চিত কৰাৰ বাবে চূড়ান্ত চুক্তিত সকলো নাগা গোটকে সামৰি ল’বলৈ নাগা আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰাজ্যপাল ৰৱিক দলটোৱে আহ্বান জনাইছে।

“চূড়ান্ত সমাধানৰ পূৰ্বে আদিন’ ফিজ’ নেতৃত্বাধীন গোটটোকে ধৰি সকলো নাগা গোটকে লগত ল’বলৈ ৰাজ্যপালক আমি জোৰ দিছো। নাগাসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত  চূড়ান্ত চুক্তিৰ পৰা কোনো সশস্ত্ৰ গোটকে বাদ দিব নালাগে,” এন পি এফৰ বিবৃতিত প্ৰকাশ।

ৰাজ্যখনৰ প্ৰধান বিৰোধী দলটোৱে লগতে কৈছে যে কেন্দ্ৰই কোনোধৰণৰ “পক্ষপাতিত্বমূলক চুক্তি” (piecemeal agreement)ত সন্মতি দিয়াটো উচিত নহ’ব।

“চূড়ান্ত সমাধান নাগাসকলৰ মাজতে মতানৈক্যৰ কাৰণ হৈ উঠিব নালাগে,” এন পি এফৰ মত।

আনহাতে, ৰাজ্যখনত প্ৰযোজ্য হৈ থকা ভাৰতীয় সংবিধানৰ ৩৭১ (এ) অনুচ্ছেদৰ কিছু দফাৰ “আঁসোৱাহ”ও দলটোৱে ৰাজ্যপালক আঙুলিয়াই দিছে।

“ইয়াক (অনুচ্ছেদটো) শক্তিশালী কৰিব লাগে আৰু অস্পষ্টতা দূৰ কৰাৰ বাবে অধিক দফা ইয়াত সংযোজন কৰিব লাগে,” এন পি এফে কয়।

ৰৱিয়ে তেওঁলোকৰ কথা “ধৈৰ্য্যসহকাৰে” শুনা বুলি উল্লেখ কৰি দলটোৱে প্ৰকাশ কৰা মতে ৰাজ্যপালজনে খুব সোনকালেই এক “ঐতিহাসিক সমাধান” আহিব বুলি আশা ব্যক্তি কৰিছে।

ৰাজ্যপালে নাগাসকলৰ স্বাৰ্থ আৰু কল্যাণ সুৰক্ষিত কৰাৰ বাবে প্ৰতিশ্ৰুতি আগবঢ়াইছে, বিবৃতিটোত প্ৰকাশ।

ৰাজ্যপাল আৰ এন ৰবি আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মাজত নতুন দিল্লীত হোৱা শেহতীয়া বৈঠকত নাগা আলোচনাৰ বিষয়টো আলোচিত হোৱা বুলি বাতৰি প্ৰকাশ পাইছে।

১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰৰ লগত আলোচনাত থকা এন এচ চি এন (আই এম) নেতা থুইংগালেং মুইভাই কেন্দ্ৰৰ স্থিতিৰ বিৰোধিতা কৰি সুকীয়া পতাকা আৰু সংবিধানক নাগা আলোচনাৰ মূল বিষয়ৰূপে অভিহিত কৰিছিল।

তাৰ পিছতেই আলোচনাটোৰ “ফ্ৰে’মৱৰ্ক এগ্ৰিমেণ্ট”খনৰ নীতি শীঘ্ৰে কাৰ্য্যকৰী কৰাৰ দাবীত নাগা ষ্টুডেণ্টছ ফেডাৰে’চনে নতুন দিল্লীত সমদল বাহিৰ কৰিছিল।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd