• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! কল খালে ভীমৰ বল নহয়, হ’ব পাৰে পেট-বুকুৰ মাৰাত্মক ৰোগ

মহানগৰীৰ ভিন্নস্থানত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি পকাইছে কল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 11, 2019 10:20 pm
Banana Main Photo

কাৰ্বাইড দি পকোৱা কল। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে সকলোৱে কল খাই ভাল পায়। কিন্তু কল খাওঁতে আপুনি সাৱধান হওঁক। আপুনি কল খাই শৰীৰত হাতীৰ সমান বল কৰিম বুলি ভাবিছে যদি চাই চিতিহে খাওঁক।

অনথ্যা বিষাক্ত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি পকোৱা কল খাই আপুনি পেট আৰু বুকুৰ মাৰাত্মক ৰোগত ভুগিবলগীয়া হ’ব পাৰে।

Apply Now

কিয়নো নৰ্থ ইষ্ট নাওৰ মহানগৰৰ সাংবাদিকে চলোৱা এক অভিযানত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য।

মহানগৰীৰ ছয়মাইলৰ সমীপৱৰ্তী দ্বাৰন্ধা অঞ্চলৰ বীমা পথৰ এটা ভাৰাতীয়া ৰুমত কিছুসংখ্যক অসাধু ব্যৱসায়ীয়ে চলাই আহিছে এৰাতিৰ ভিতৰতে কেঁচা কল পকোৱাৰ দৰে দুস্কাৰ্য।

গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য নাৰাখি তেওঁলোকে অধিক মুনাফা লাভ কৰিবলৈ কেলচিয়াম কাৰবাইড ব্যৱহাৰ কৰি এদিনৰ ভিতৰতে কেঁচা কল পকাই পাছদিনা মহানগৰীৰ ছয়মাইল,পল্টনবজাৰ, বেলতলা, গণেশগুৰি, ফাঁচীবজাৰকে ধৰি অন্যান্য স্থানত বিক্ৰীৰ বাবে উপযুক্ত কৰি তোলে।

নৰ্থ ইষ্ট নাওৰ চৰজমিন তদন্তত পোহৰলৈ আহিছে যে এই ৰমৰমীয়া ব্যৱসায় চলাই আছে হজৰত আলি নামৰ এজন অসাধু ব্যৱসায়ীয়ে।

তেওঁৰ সৈতে উক্ত অঞ্চলৰে এজন জোনাবো জৰিত থকা বুলি এক সুত্ৰৰ পৰা জানিব পৰা গৈছে। বহু বছৰ ধৰি বিজু আহমেদ নামৰ লোকজনৰ ভাড়াঘৰত থাকি তেওঁ কলৰ ব্যৱসায় চলাই আহিছে।

ধূপধৰাৰ পৰা কেঁচা কল আনি কাৰবাইড ব্যৱহাৰ কৰি তাৎক্ষণিকভাৱে পকাই বজাৰত বিক্ৰী কৰাৰ উপযুক্ত কৰি তোলে। মহানগৰীৰ ভিন্নস্থানৰ ফল-মূল বিক্ৰেতাই হজৰতৰ পৰা সেই কল পাইকাৰী দামত কিনি লৈ যায় বুলি সুত্ৰটোৱে দাবী কৰিছে।

নাম প্ৰকাশত অনিচ্ছুক এক সুত্ৰই নিজে সেই স্থানত গৈ কাৰবাইড ব্যৱহাৰ কৰি কল পকোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল। তাৰ পাছতে নৰ্থ ইষ্ট নাওৰ সাংবাদিক উক্ত স্থানত উপস্থিত হৈ গুদামটোত কাৰবাইডৰ গোন্ধ পোৱাৰ লগতে কাৰবাইড মিহলোৱা কেইটামান বাচনো প্ৰতক্ষ্য কৰিছিল।

গুদামটোত জাহাজী, চেনীচম্পা, মালভোগ কল জমা হৈ থকা দেখিবলৈ পোৱা গৈছিল।

Banana Storyr Majot
কাৰ্বাইড দিবৰ বাবে সাজু কৰি ৰখা হৈছে কল। ফটো: নৰ্থইষ্ট নাও

ইপিনে, সাধাৰণ গ্ৰাহকসকলে বজাৰৰ পৰা কাৰবাইডযুক্ত দেখিবলৈ ধুনীয়া লগা কলবোৰ ক্ৰয় কৰি লৈ যায়। সেই সমূহ কল বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া হ’লেও সোৱাদ কম হয়।

এতিয়া প্ৰশ্ন আহি পৰিছে কেনেদৰে চিনাকি কৰিব কৰবাইড ব্যৱহাৰ কৰি পকোৱা কল আৰু প্ৰাকৃতিকভাৱে নিজে পকা কলৰ মাজৰ পাৰ্থক্য?

কাৰবাইড ব্যৱহাৰ কৰি পকোৱা কল সাধাৰণতে পাতল হালধীয়া(পকা নেমু ৰং) ৰঙৰ হয় আৰু সেই কলবিলাকত সাধাৰণতে কলা দাগ অথবা ফুট নাথাকে।

আনহাতে, প্ৰাকৃতিকভাৱে পকা কলবোৰ ডাঠ হালধীয়া হোৱাৰ লগতে বাকলিটোত কলা ৰঙৰ দাগ আৰু ফুট ফুট থাকে। সেই কলসমূহ সোৱাদযুক্ত হয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, কেলচিয়াম কাৰবাইড ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকোৱা কল খাই আপুনি সন্মুখীন হ’বলগীয়া হ’ব বহুতো বেমাৰৰ। কাৰ্বাইড অতি বিষাক্ত আৰু আৰ্চেনিকযুক্ত।

কাৰ্বাইডত এক্টাইলিন গেছ, ফচফাইন, এৰচাইন আদি দ্ৰব্য মিহলি হৈ থাকে। যাৰ পৰা বমি, কফ, ডায়েৰিয়া, আলচাৰ, পেট-বুকুৰ জ্বলন-পোৰণ, ডিঙিৰ বিষ হ’ব পাৰে।

এক সুত্ৰৰ পৰা জানিব পৰা মতে, মহানগৰীৰ মালিগাঁৱতো একাংশ অসাধু ব্যৱসায়ীয়ে কাৰ্বাইড ব্যৱহাৰ কৰি কল পকাই বিক্ৰী কৰি আহিছে। পৰৱৰ্তী প্ৰতিবেদনত আমি প্ৰকাশ কৰিম আৰু বহু ভয়ংকৰ তথ্য।

উল্লেখ কৰিব পাৰি যে, মহানগৰীত খাদ্য সুৰক্ষা বিভাগে বিভিন্ন সময়ত কাৰ্বাইডযুক্ত ফল-মূলৰ বিৰুদ্ধে অভিযান চলাই আহিছে যদিও বৰ্তমান যেন গভীৰ নিদ্ৰাত বিভাগীয় বিষয়াসকল।

কিয়নো তেওঁলোকৰ নাকৰ তলেৰেই মহানগৰীত এইদৰে একাংশ দুষ্ট চক্ৰই চলাই গৈছে ৰমৰমীয়া ব্যৱসায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd