• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্ত:ৰাষ্ট্ৰীয় কন্যা দিৱসত লিংগ-সমতা আধাৰিত সমাজ গঢ়াত সন্মিলিত প্ৰচেষ্টাৰ পোষকতা মাজুলীৰ উপায়ুক্তৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
October 12, 2019 6:54 am
IMG-20191011-WA0031

আন্ত:ৰাষ্ট্রীয় কন্যা দিবসৰ অনুষ্ঠানত বক্তৱ্য ৰাখিছে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে। ফটো : নৰ্থইষ্ট নাও

3.5k
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মাজুলীতো শুকুৰবাৰে ‘আন্তঃৰাষ্ট্ৰীয় কন্যা দিৱস-২০১৯’ উদযাপন কৰা হয়।

গড়মূৰৰ গোপালপুৰস্থিত শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই দিৱসৰ জিলাস্তৰীয় অনুষ্ঠান উদ্বোধন কৰে মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

তেওঁ লিংগ বৈষম্যৰ উৰ্ধলৈ গৈ এখন শিক্ষিত তথা সকলোৰে বাবেই সমান সা-সুবিধা উপলব্ধ সমাজ গঢ়াত সমাজৰ সকলোৱেই সন্মিলিতভাৱে প্ৰয়াস চলোৱাৰ পোষকতা কৰে।

আধুনিক পৃথিৱীখনত শিক্ষা, বিজ্ঞান, সাহিত্য-কলা-সংস্কৃতি-ক্ৰীড়া, ৰাজনীতি, প্ৰশাসন, সামৰিক বাহিনী, মহাকাশ বিজ্ঞান আদি সকলো ক্ষেত্ৰতে মহিলাই নিজৰ অদম্য প্ৰতিভা, দক্ষতা আৰু যোগ্যতাৰ উৎকৃষ্ট চানেকি দাঙি ধৰাৰ বিষয়ে উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে।

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কৈৰীয়ে মাজুলীৰ ছাত্ৰী, কিশোৰী-যুৱতী তথা নাৰী সমাজক লিংগ-কেন্দ্ৰিক কোনোধৰণৰ হীনমন্যতাক প্ৰশ্ৰয় নিদি পূৰ্ণ আত্মবিশ্বাস আৰু দৃঢ় মনোবলেৰে নিজকে সকলো দিশতে আগবঢ়াই নিবলৈ আহ্বান জনায়।

উপায়ুক্ত গৰাকীয়ে কয়, ‘’লিংগ কেতিয়াও কাৰোৰে বাবে সীমাবদ্ধতা হ’ব নোৱাৰে। বিশ্বত মহিলাই আজি যুদ্ধ বিমান চলাইছে, মহাকাশচাৰী হৈছে, দেশ চলাইছে। আনকি সমাজ জীৱন আৰু কেৰিয়াৰ সকলো ক্ষেত্ৰতে মহিলাই নিজৰ যোগ্যতা-প্ৰতিভা-দায়বদ্ধতাৰে সেৱা আগবঢ়াই পুৰুষকো চেৰ পেলাই আগবাঢ়ি গৈছে। আমাৰ কন্যা শিশু, কিশোৰী আৰু ছাত্ৰীসকলেও এতিয়াৰে পৰাই নিজকে সকলো দিশতে আগবঢ়াই নিবলৈ, বিকশিত কৰি তুলিবলৈ দৃঢ় আত্ম-মনোবল গঢ়ি তুলিব পাৰিব বুলি মই আশা কৰিছো।‘’

শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুল বৰাই সভাপতিত্বত কৰা এই অনুষ্ঠানত সহকাৰী আয়ুক্ত হিমাদ্ৰী বৰাই ‘বাল্য বিবাহ আৰু কন্যা শিশুৰ সুৰক্ষা’ বিষয়ক এক পাৱাৰ-পইণ্ট প্ৰেজেণ্টেশ্যন আগবঢ়ায়।

জিলা সমাজ কল্যাণ বিষয়া নিৰদা দেউৰীয়েও অংশগ্ৰহণ কৰা এই অনুষ্ঠানত মাজুলী জিলা শিশু কল্যাণ সমিতি (ডিচিডব্লিউচি)ৰ অধ্যক্ষ ড০ কমলা দত্ত, সদস্যাদ্বয় ৰেণুমালা দত্ত আৰু পাৰুল বৰুৱা মিলিয়ে সমল ব্যক্তি হিচাপে বক্তব্য আগবঢ়ায়।

জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, বিদ্যালয়খনৰ শিক্ষক সমাজ আৰু ছাত্ৰীসকলৰ লগতে ভালেকেইগৰাকী স্থানীয় জ্যেষ্ঠ নাগৰিক, মহিলায়ো আন্তঃৰাষ্ট্ৰীয় কন্যা দিৱসৰ এই জিলাস্তৰীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd