নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত চিৰাং জিলাত ভাৰতীয় সেনা বাহিনীয়ে অসম আৰক্ষী আৰু চি আৰ পি এফৰ সহযোগত এক অভিযান চলাই এজন এন ডি এফ বি(সং)ৰ সদস্যক আটক কৰিবলৈ সক্ষম হৈছে।
অভিযানকাৰী দলটোৰ হাতত আটক হোৱা সদস্যজন চিৰাং জিলাৰ দৈমুগুৰিৰ ৰাজু ব্ৰহ্ম বুলি চিনাক্ত কৰিছে।
ইফালে আটকাধীন উগ্ৰপন্থী সদস্যজনক সোধা পোচা কৰি কিছু তথ্য সংগ্ৰহ কৰি অভিযানকাৰী দলটোৱে ১৩ অক্টোবৰৰ ৰাতিপুৱা তেওঁৰ ঘৰত অভিযান চলায়।
অভিযানৰ সময়ত উগ্ৰপন্থী সদস্যজনৰ ঘৰৰ পাছফালৰ পৰা মাটিত পুতি থোৱা অৱস্থাত এটা বিদেশত নিৰ্মিত চিংগল ব’ৰ ৰাইফল (Single Bore Rifle), AK47 ৰাইফলত ব্যৱহৃত ১০ জাঁই সক্ৰিয় গুলী, হেণ্ড গ্ৰেণেডৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।
এই জব্দকৃত অস্ত্ৰ-শস্ত্ৰখিনি চিৰাং আৰক্ষীয়ে জব্দ কৰি উগ্ৰপন্থী সদস্যজনক পাণবাৰী আৰক্ষী থানালৈ লৈ যায়। সম্প্ৰতি সদস্যজনক পাণবাৰী আৰক্ষী থানাত জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।