সংস্কাৰ ভাৰতীয় উত্তৰ-পূৰ্বাঞ্চল ক্ষেত্ৰ ‘সংস্কাৰ ভাৰতীয় পূৰ্বোত্তৰ’ৰ উদ্যোগত এইবাৰো ৪ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটী পাঞ্জাবাৰীস্থ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ ইণ্টাৰনেচনেল পেক্ষাগৃহত অনুষ্ঠিত হ’ব ‘তৃতীয় ভৰতমুনি নাট্য সমাৰোহ’।
গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত শনিবাৰে ভৰতমুনি নাট্য সমাৰোহৰ আয়োজক সমিতিৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মাই কোৱা অনুসৰি দেওবাৰে সন্ধিয়া ৫.৩০ বজাত নাট্য সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ পাছতো সন্ধিয়া ৬ বজাৰ মণিপুৰৰ ট্ৰেজাৰ আৰ্ট এছ’চিয়েচনৰ মোহন যোশী ৰচিত আৰু চাজিদা চাজি পৰিচালিত হিন্দী নাট ‘তামাচা এ নৌতংকি মঞ্চস্থ হ’ব।
আনহাতে ৫ ফেব্ৰুৱাৰিৰ সন্ধিয়া ৪.৪৫ বজাত নগালেণ্ডৰ জ্যোতিষ্মান নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিব ৰিপম ভৰদ্বাজ পৰিচালিত নাট ‘কেশৰী’। সন্ধিয়া ৬.১৫ বজাত বেনাৰসৰ শ্ৰীনগৰ নাট্য মণ্ডলীৰ নিবেদিত অৰ্পিত শিধোৰ পৰিচালিত সংস্কৃত নাট ‘মধ্যম ব্যায়োগ’ মঞ্চস্থ হ’ব। ৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪.৪৫ বজাত গোৰখপুৰৰ নাট্য দল দৰ্পণে ৰামধাৰী সিং দিনকাৰ ৰচিত আৰু শান্ত কুমাৰ শ্ৰীবাস্তৱ পৰিচালিত হিন্দী নাট ‘ৰশ্মিৰথী’ আৰু সন্ধিয়া ৬.১৫ বজাত ত্ৰিপুৰাৰ কালচাৰেল কেম্পেইনে সঞ্জয় কৌৰ ৰচিত আৰু অৰূপ পাল পৰিচালিত বাংলা নাট ‘গুদ্দু গুদিৰ দুনিয়া’ মঞ্চস্থ কৰিব।
৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত অসমৰ ভইচ থিয়েটাৰ আৰু বি জালান প্ৰডাকচনে অতুল অশোকে অনুবাদ কৰা জিতেন শৰ্মা ৰচিত তথা মাণিক ৰয় পৰিচালিত হিন্দী নাট ‘শংকৰদেৱ’ মঞ্চস্থ কৰাৰ বিপৰীতে ৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত মুম্বাইৰ নাট্যদল বিগ বেংগ থিয়েটাৰ ফাউণ্ডেচনে মুদ্ৰা ৰাক্ষস ৰচিত আৰু বিবেক উপাধ্যায় পৰিচালিত হিন্দী নাট ‘আলা আফচাৰ‘ মঞ্চস্থ কৰিব বুলি সংবাদমেলত সদৰী কৰে সভাপতি শৰ্মাই।
নাট্য সমাৰোহৰ আজি উদ্বোধনী অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ দিলীপ পাল, প্ৰবীণ সাহিত্যিক কনকসেন ডেকা, সমাজধৰ্মী জি এল আগৰৱালা প্ৰমুখ্যে বিশিষ্ট লোকসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।