• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ছৰি ভুটান”!! স্মাৰক স্তূপত উঠা ভাৰতীয়ৰ হৈ ক্ষমা বিচাৰিলে কেৰালাৰ বাইকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2019 8:21 pm
sorryBhutan
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভুটান ভ্ৰমণ কৰিবলৈ যোৱা এজন ভাৰতীয় পৰ্য্যটকে দেশখনৰ ডচুলা পাছত থকা এটা স্মাৰক স্তূপত আৰোহণ কৰি ভুটানীসকলৰ অনুভূতিত আঘাত দিয়া বাবে ক্ষমা বিচাৰিলে আন কেইজনমান ভাৰতীয়ই।

কুৱেনছেল (kuenselonline.com) নামৰ ভুটানৰ নিউজ প’ৰ্টেলটোত ভাৰতীয় যুৱককেইজনৰ ফটোৰ সৈতে দিয়া বাতৰিটোত কোৱা হৈছে, “ভাৰতৰ পৰা অহা বাইকাৰৰ এটা দলে তেওঁলোকৰ ভাৰতীয় ভাইজনে ভুটানীসকলৰ অনুভূতিত আঘাত দিয়া আচৰণ কৰা বাবে ক্ষমা খুজিছে।”

Apply Now

ফটোত দেখা গৈছে নজনীয়া যুৱকৰ দলটোৱে “ছৰি ভুটান” বুলি লিখা দুখন ডাঙৰ কাৰ্ড প্ৰদৰ্শন কৰে। আন এখন কাৰ্ডত লিখে, “তোমালোক আমাৰ প্ৰতিৱেশ, আমি বন্ধু দেশ আৰু তোমালোকৰ ঐতিহ্য আৰু বিশ্বাসক সন্মান জনোৱাটো আৰু ইয়াক অপবিত্ৰ নকৰাকৈ ৰখাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব।”

যুৱককেইজন ভাৰতৰ কেৰালা প্ৰদেশখনৰ বুলি জানিবলৈ দি বাতৰিটোত তেওঁলোকৰ ভাষ্যও প্ৰকাশ কৰা হৈছে।

“আমি ভাৰতীয়, আমি দুঃখিত যে আন এজন ভাৰতীয়ই তোমালোকৰ বিশ্বাসত আঘাত সানিলে। সকলো ভাৰতীয় আমাৰ ভাই-ভনী আৰু এজন ভাৰতীয় পৰ্য্যটক হিচাপে আমি এজন ভাৰতীয়ই কৰা ভুলৰ বাবে ক্ষমা বিচাৰিছো।”, প্ৰণৱ বিশ্বনাথ নামৰ এজন বাইকাৰে কুৱেনছেলক কয়।

বাতৰি প্ৰতিষ্ঠানটোৰ সাংবাদিকে তেওঁলোকক কি কথাই এইদৰে ক্ষমা প্ৰাৰ্থনাৰ বাবে প্ৰেৰণা দিলে বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰণৱে কয় যে তেওঁলোক পৰ্য্যটক আৰু ভুটানলৈ আহিয়ে থাকিব।

“আমাক আপোনালোকৰ মৰম আৰু সহযোগিতা লাগিব”, তেওঁৰ মন্তব্য।

সাংবাদিকৰ আগত প্ৰণৱে পূৰ্বৰ ঘটনাটোক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি ইয়াৰ বাবে সকলো ভাৰতীয় পৰ্য্যটকক অপবাদ নিদিবলৈ আহ্বান জনাই কয়, “আমি বুদ্ধ আৰু বৌদ্ধ ধৰ্মীয় কাহিনীবোৰ ভাল পাওঁ”।

অক্টোবৰৰ মাজভাগত ভাৰতৰ যুৱক-যুৱতীৰ এটা পোন্ধৰজনীয়া দলে বাইকেৰে ভুটান ভ্ৰমণ কৰোতে তাৰ মাজৰ অভিজিত ৰতন হাজাৰে নামৰ যুৱকজনে ডচুলা পাছত এটা স্মাৰক স্তূপত উঠা দেখা গৈছিল। দলটো মহাৰাষ্ট্ৰৰ পৰা গৈছিল।

ইয়াৰ ভিডিঅ’টো ৰাজহুৱা হোৱাত যুৱকজনক ভুটান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। অৱশ্যে পিছত অজ্ঞানতাৰ বাবে ভুল কৰা বুলি স্বীকাৰ কৰি ক্ষমা বিচৰাত আৰক্ষীয়ে এৰি দিয়ে।

ডচুলা পাছত মুঠ ১০৮টা স্মাৰক স্তূপ নিৰ্ধাৰিত শৃংখলাত আছে আৰু এইবোৰ ভুটান ৰয়েল আৰ্মিৰ ১০৮জন চহিদ জোৱানৰ স্মৃতিত নিৰ্মাণ কৰা। আলফাৰ বিৰুদ্ধে চলা “অপাৰেশ্যন অল ক্লিয়েৰ” সশস্ত্ৰ অভিযানৰ সময়ত মৃত্যু হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am
নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd