• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুখুৰীত গা ধুবলৈ গৈ একেটা পৰিয়ালৰ তিনিটা শিশুৰ সলিল সমাধি

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 30, 2019 2:02 pm
Two children drown in Tripura

প্ৰতিনিধিত্বমূলক ছবি

1.7k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ দুধনৈৰ অসম-মেঘালয় সীমান্তৰ মিয়াপাৰাত মঙলবাৰে সন্ধিয়া পুখুৰীত গা ধুবলৈ গৈ তিনিটা শিশুৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

কৰুণ ঘটনাটোত মৃত্যুমুখত পৰা শিশু তিনিজন প্ৰভাত জুৰোৰ পুত্ৰ দীপেন জুৰো(৫), ৰঞ্জয় জুৰোৰ পুত্ৰ ঋষভ জুৰো(৪) আৰু বহাগী জুৰোৰ পুত্ৰ ৰাণবীৰ জুৰো(৬) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, তিনিওটা শিশুৱে আবেলি খেলি আছিল আৰু সেই সময়ত আটাই কেইজনৰে মাকে পথাৰত ধান কাটি আছিল। মাক কেইগৰাকীয়ে ধান কটাত ব্যস্ত হৈ থকাৰ সময়তে শিশু কেইটিয়ে কাষতে থকা পুখুৰীত গা ধুবলৈ গৈ তিনিও টি শিশুৱে পানীত ডুব যোৱাত কৰুণ মৃত্য়যুক সাৱটি লয়।

ইফালে সন্ধিয়া হোৱাত শিশু কেইটাক নেদেখি মাক কেইগৰাকীৰ মাজত বিচাৰ-খোচাৰ লাগে। লগে লগে পুখুৰীৰ পাৰলৈ যোৱাত এটি শিশু উপঙি থকা দেখিবলৈ পায় আৰু তেওঁলোকৰ মাজত হুৱা দুৱা লাগে। পাছত গাঁৱৰ লোক আহি পুখুৰীৰ দ’ পানীৰ পৰা আন দুটি শিশুক উদ্ধাৰ কৰে।

পানীৰ পৰা উদ্ধাৰ কৰি শিশু কেইটাক দুধনৈ চিকিৎসালয়লৈ আনিছিল যদিও ইতিমধ্যে শিশু তিনিটাৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে।

মৃত দীপেন আৰু ঋষভ মানিকগঞ্জ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ নাৰ্চাৰী শ্ৰেণীৰ ছাত্ৰ আছিল আৰু ৰাণবীৰ জুৰো মেন্দিপথাৰ চেইণ্ট থমাচ হায়াৰ চেকেণ্ডাৰী স্কুলৰ প্ৰথম শ্ৰেণীৰ  ছাত্ৰ আছিল।

উল্লেখ্য যে, নিহত তিনিওটি শিশু একেটা পৰিয়ালৰে আছিল। শিশু কেইটাৰ পিতৃ প্ৰভাত জুৰো, ৰঞ্জয় জুৰো আৰু বহাগী জুৰো আটায়ে ককায়েক-ভনীয়েক।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd