ৰাজ্যত শেহতীয়াভাৱে হাতী-মানুহৰ সংঘাতে গুৰুতৰৰূপ ধাৰণ কৰিছে। মঙলবাৰে পুৱতি নিশাৰ পৰা ১২ ঘণ্টাৰ ভিতৰত তিনিগৰাকী লোক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱাৰ পিছত এইবাৰ আন এক ঘটনাত ওদালগুৰিত বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয় হাতীৰ মৃত্যু হয়।
মঙলবাৰে নিশা ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং ভূটীয়াচাং চাহ বাগিচাৰ সমীপৰ এখন পথাৰত বেৰা দি থোৱা বৈদ্যুতিক তাঁৰত লাগি ১০ বছৰীয়া উক্ত হাতীটো মৃত্যুমুখত পৰে।
‘বুধবাৰে গাঁওবাসীয়ে মৃত হাতীটোক দেখা পাই আমাক খবৰ দিয়াত আমি ঘটনাস্থলীত গৈ হাতীটোক উদ্ধাৰ কৰো। আমি বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলতে হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছো যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই কথা স্পষ্ট হ’ব।‘ এগৰাকী বন বিষয়াই কয়।
হাতীৰ জাকক পথাৰত সুমুৱাৰ পৰা বাধা দিবৰ বাবে গাঁওবাসীয়ে সাধাৰণতে এইদৰে বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰা দিয়ে। আনহাতে গাঁৱৰ লোকসকলে ফুল আদিৰে মৃত হাতীটোক শেষ বিদায় জনোৱা দেখা যায়।
উল্লেখযোগ্য যে ঘটনা সংঘটিত হোৱা ঠাইখিনি ননৈ সংৰক্ষিত বনাঞ্চলৰ অধীনত পৰে। ওদালগুৰিৰ সদৰৰ পৰা ইয়াৰ দূৰত্ব ৩০ কিঃমিঃ।
চৰকাৰী হিচাপ মতে ২০১৯ চনত এতিয়ালৈকে হাতী-মানুহৰ সংঘাতৰ ফলত জিলাখনত ৬টা হাতী আৰু ২০ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে।