চলিত আই এছ এলত এই পৰ্যন্ত পৰাস্ত নোহোৱা নৰ্থ-ইষ্ট য়ুনাইটেড আৰু এফ চি গোৱাৰ মাজত আজি অনুষ্ঠিত হ’ব লীগৰ এখন গুৰুত্বপূৰ্ণ মেচ।
হাই ভল্টেজ মেচখন গুৱাহাটীৰ সৰুসজাইস্থিত ক্ৰীড়া প্ৰকল্পৰ ইণ্ডিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।
ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰু এফ চিৰ বিৰুদ্ধে ড্ৰ’ আৰু ওড়িশা এফ চিৰ বিৰুদ্ধে জয়ী হৈ চাৰি পইণ্ট অৰ্জন কৰা ৰবাৰ্ট জাৰ্নিৰ দল নৰ্থ-ইষ্ট য়ুনাইটেডৰ শিবিৰ আত্ম বিশ্বাসেৰে ভৰি আছে।
নৰ্থ-ইষ্টৰ প্ৰতিদ্বন্দ্বী গোৱাও যথেষ্ট শক্তিশালী। গোৱাই এই পৰ্যন্ত খেলা দুখন মেচৰ এখনত ডিফেণ্ডিং চেম্পিয়ন বেংগালুৰুৰ বিৰুদ্ধে ড্ৰ’ আৰু চেন্নাইন এফ চিক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছে।
ইফালে পৰিসংখ্যাৰ দিশৰ ফালে চালে আজিৰ মেচখনত কোনো এটা দলকে ফেভাৰিট হিচাপে আখ্যা দিব নোৱাৰি। কিয়নো গোৱাৰ বিৰুদ্ধে ঘৰুৱা দল নৰ্থ-ইষ্টৰ প্ৰদৰ্শন খুবেই বেয়া আৰু গুৱাহাটীত ২০১৭ চনৰ পৰা জয়ৰ মুখ দেখা নাই গোৱাই।
এই সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত নৰ্থ-ইষ্টৰ প্ৰশিক্ষক ৰবাৰ্টে কয় যে গোৱাৰ বিৰুদ্ধে যি পৰিসংখ্যা দাঙি ধৰা হৈছে আজিৰ মেচখনত সেই পৰিসংখ্যা শুধৰাবলৈ চেষ্টা কৰা হ’ব।