• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খিলঞ্জীয়া মুছলমানক আন মুছলমানৰ পৰা পৃথক জনগোষ্ঠীৰ মৰ্য্যাদা দিয়াৰ দাবী অধিবক্তা নেকিবুৰ জামানৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 2, 2019 6:04 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে দিহা-পৰামৰ্শসহ প্ৰতিবেদন প্ৰস্তুতৰ বাবে গঠিত উচ্চ স্তৰীয় সমিতিৰ আগত আজি নিজৰ দৃষ্টিকোণ দাঙি ধৰিলে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে।

মত দাঙি ধৰিবলৈ তেওঁক আজি সমিতিখনে নিমন্ত্ৰণ কৰিছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Apply Now

সমিতিক সাক্ষাৎ কৰাৰ সময়ত তেওঁ থলুৱা মুছলমানসকলক আন মুছলমানৰ পৰা সুকীয়া ধৰণে বিবেচনা কৰাৰ পৰামৰ্শ আগ বঢ়ায়।

গৰীয়া, মৰীয়া, দেশী, জোলহা, মাইমাল, কাছাৰী মুছলিম, পাংগাল এইসকলক খিলঞ্জীয়া মুছলমান আখ্যা দি তেওঁ এওঁলোকক আন মুছলমানৰ পৰা এটা পৃথক জনগোষ্ঠীৰ মৰ্য্যাদা প্ৰদান কৰিবলৈ আহ্বান জনায়।

নিজৰ যুক্তিৰ সমৰ্থনত সংবাদ মাধ্যমৰ আগত জামানে কয়, “ধৰ্মীয়ভাৱে একাকাৰ কৰি থোৱা বাবে, মুছলমান বুলি কৈ থোৱা বাবে আমি সকলো অধিকাৰৰ পৰা বঞ্চিত হৈছো। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ যিমান অনুদান, অনুমোদন আহে, সেইবিলাকৰ পৰা আমি বঞ্চিত হৈছো, আমাৰ ৰাজনৈতিক প্ৰতিনিধি নাই। সেয়ে কমিশ্যনৰ আগত আমি আহ্বান জনাইছো, আমাক, অৰ্থাৎ এই গোষ্ঠীকেইটাক এটা সুকীয়া জনগোষ্ঠীয় মৰ্য্যাদা দিব লাগে।”

জামানে এই জনগোষ্ঠীকেইটাৰ লোকপিয়লৰ ব্যৱস্থা কৰিব লাগে বুলিও দাবী কৰে।

ৱাকফ ব’ৰ্ডৰ সম্পত্তিবোৰ খিলঞ্জীয়া মুছলমানৰ সম্পত্তি বুলি দাবী কৰি জামানে এইবোৰৰ নিয়ন্ত্ৰণ কিন্তু খিলঞ্জীয়া মুছলমানৰ হাতত নাই বুলি মন্তব্য কৰে।

“ৱাকফ ব’ৰ্ডৰ সম্পত্তিবোৰৰ পৰা বছৰি ২-৩ হাজাৰ কোটি টকা আয় হ’ব লাগে, যদিও ৩৫-৪০ হাজাৰ আয় হৈ আছে।”, ৱাকফ ব’ৰ্ডৰ সম্পত্তিৰ ক্ষেত্ৰত দুৰ্নীতিৰ ইংগিত দি জামানৰ মন্তব্য।

তেওঁ লগতে কয়, “আমি মাইনৰিটি পৰিচয় বিচৰা নাই, আমাক এটা সুকীয়া জনগোষ্ঠীৰ মৰ্য্যাদাৰ বাবে দাবী উত্থাপন কৰিছো”।

তেওঁ থলুৱা মুছলমান সকলো প্ৰকাৰৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে বুলি কমিটীক জানিবলৈ দিয়া বুলি সংবাদ মাধ্যমক কয়।

উল্লেখ কৰিব পাৰি, যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ এখন উচ্চ স্তৰীয় সমিতি গঠন কৰি দিছিল যদিও কমিটীত অন্তৰ্ভুক্ত কৰা কোনোজনেই চৰকাৰৰ সেই ৰাজনৈতিক অংকৰ “ফিগাৰ” হ’ব নিবিচৰাত সেই সমিতিৰ আপোনা-আপুনি অপমৃত্যু ঘটিছিল।

ইয়াৰ পিছত যোৱা ১৬ জুলাইত গঠন কৰে এখন নতুন সমিতি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে এই নতুন সমিতিখনৰ।

৬ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লগীয়া সমতিখনে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ দল-সংগঠন আৰু ব্যক্তিৰ মত গ্ৰহণ কৰি আছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd