দেশত ধাৰাবাহিকভাৱে চলি থকা মন্দাৱস্থাৰ কাৰণ বিচাৰি পাইছে অসমৰ এজন লোকে।
দেশৰ মুদ্ৰাৰ প্ৰধান একক টকাৰ প্ৰতীকটোত বাস্তুশাস্ত্ৰজনিত বিসংগতি থকা বাবেই এইদৰে দেশে অৰ্থনীতিত মহা সংকটৰ সন্মুখীন হ’ব লগীয়া হৈছে বুলি দাবী কৰিছে ৰাজকুমাৰ ঝানঝাৰী নামৰ লোকজনে।
ঝানঝাৰী গুৱাহাটী নিৱাসী এজন বাস্তুশাস্ত্ৰ পৰামৰ্শদাতা।
“মই সাত বছৰ পূৰ্বেই কৰা অনুমান সত্য হ’ল”, টকাৰ প্ৰতীক “ৰূপী”ত গণ্ডগোল থকা বুলি দাবী কৰি ঝানঝাৰীয়ে আজি এই মন্তব্য কৰে।
“ডলাৰৰ বিপৰীতে টকাৰ মূল্য ধাৰাবাহিকভাৱে পৰি আছে। জি ডি পি ধাৰাবাহিকভাৱে পৰি আছে। ২০১০ চনতে যেতিয়া টকাৰ নতুন প্ৰতীকটো গ্ৰহণ কৰা হৈছিল, তেতিয়া ডলাৰৰ বিপৰীতে টকাৰ সোণালী সময় চলি আছিল, যিটো আছিল ১ ডলাৰৰ বিপৰীতে ৪৪ টকা। আৰু সেই সময়ত জি ডি পিৰ বৃদ্ধিৰ হাৰ আছিল ৯ শতাংশ”, বাস্তুশাস্ত্ৰবিদজনে কয়।
তেওঁ এতিয়াৰ এই অৰ্থনৈতিক পৰিস্থিতিটোৰ বাবে টকাৰ প্ৰতীকচিহ্নটোত বাস্তুশাস্ত্ৰজনিত ত্ৰুটি ৰৈ যোৱাটোক জগৰীয়া কৰে।
তেওঁ এই কথা পূৰ্বেও কোৱা বুলি দাবী কৰি কয়, “মই এইটো অনুমান কৰিছিলো আৰু ২০১১ চনতে তেতিয়াৰ প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙলৈ এখন চিঠি লিখিছিলো আৰু দেশৰ বৃহত্তৰ স্বাৰ্থত প্ৰতীকচিহ্নটোত শুধৰণি কৰিবলৈ অনুৰোধ কৰিছিলো।”
তেওঁ জানিবলৈ দিয়ে, এই বিষয়টোত নিজৰ দাবীৰ সপক্ষে দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে ২০১১ চনত ফেন্সি বজাৰস্থিত মহাবীৰ উদ্যানত অনশন ধৰ্মঘটতো বহিছিল।
“কিন্তু আজি গোটেই দেশখনে এটা ভয়ংকৰ অৰ্থনৈতিক সংকটত ভুগিছে একমাত্ৰ এই টকাৰ প্ৰতীকচিহ্নটোত থকা বাস্তুশাস্ত্ৰজনিত ত্ৰুটিৰ বাবে। বিজেপিয়ে এইটো শুধৰণি কৰিবলৈ পদক্ষেপ ল’বই লাগিব”, প্ৰায় ১৫০০০ পৰিয়ালক বিনামূল্যে বাস্তুৰ পৰামৰ্শ দিয়া বুলি দাবী কৰি ঝানঝাৰীয়ে কয়।
উল্লেখ কৰিব পাৰি যে বৰ্তমানৰ প্ৰতীকটো গ্ৰহণ কৰাৰ পূৰ্বে টকাৰ নিৰ্দিষ্ট প্ৰতীকৰ পৰিৱৰ্তে ইংৰাজী Rs আখৰকেইটাৰ দ্বাৰা বুজোৱা হৈছিল। গুৱাহাটী আই আই টিৰ অধ্যাপক উদয় কুমাৰে এই নতুন প্ৰতীকচিহ্নটো ২০১০ চনত প্ৰস্তুত কৰে আৰু আন বহুতৰ মাজৰ পৰা তেওঁৰ নক্সাটোকে ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল।