সংৰক্ষণ আইন সম্পূৰ্ণৰূপে কাৰ্য্যকৰীকৰণ, অনুসূচিত জাতিৰ লোকসকলৰ সাংবিধানিক অধিকাৰ কাৰ্য্যকৰী কৰাৰ দাবীৰে শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাই বুধবাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদকাৰী সকলে শতাধিক ৰাইজৰ উপস্থিতিত শিৱসাগৰ জিলাৰ ব’ৰ্ডিং খেলপথাৰৰ পৰা শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই সংৰক্ষণ আইন মানি চলক, প্ৰবঞ্চনা বন্ধ কৰক, জিলা প্ৰশাসন হুচিয়াৰ, অসম চৰকাৰ হায় হায় ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি পৰশ জ্যোতি দাসে ৰাজ্যৰ অনুসূচিত জাতিৰ লোকসকলে নিৰাপত্তাহীনতাত ভোগা বুলি উল্লেখ কৰাৰ লগতে অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত ককবকাই ফুৰিব লগা হৈছে বুলি মন্তব্য কৰে।
সংবিধানিক অধিকাৰৰ পৰা অনুসূচিত জাতিক বঞ্চিত কৰি তেওঁলোকক নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰাৰ হৈছে বুলিও দাসে অভিযোগ উত্থাপন কৰে।
আনহাতে, প্ৰতিবাদকাৰী সকলে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।
প্ৰতিবাদী সভাখনত অংশলৈ সন্থাৰ উপসভাপতিদ্বয় মতিক্য প্ৰসাদ দাস, বিদ্যুৎ দাস আৰু ৰবীন চন্দ্ৰ বড়াই দিচাংমুখ পঞ্চায়তত হৈ চৰম অন্যায়ৰ কথা উল্লেখ কৰি শীঘ্ৰে ইয়াক সমাধানৰ বাবে দাবী জনায়।
দিচাংমুখ গাঁও পঞ্চায়তত অনুসূচিত জাতিৰ লোকক বঞ্চিত কৰাৰ ক্ষেত্ৰত পূৰ্বেও প্ৰশাসনক জনোৱা হৈছিল যদিও প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তোলে প্ৰতিবাদকাৰী সকলে।
তদুপৰি, অঞ্চলটোত চলি থকা অবৈধ মাটি খনন আৰু প-পত্ৰ বিহীন যাত্ৰীবাহী বাছৰ চলচলৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবেও প্ৰতিবাদকাৰী সকলে জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে দাবী জনায়।