‘মাজুলীৰ কৃষ্ণলীলা দৰ্শন কৰিলে আত্মা বিশুদ্ধ হৈ দুষ্ট জনৰো ভাল মানুহ হোৱাৰ বাসনা জাগে।’ আজি মাজুলী ৰাস মহোৎসৱ উদ্বোধন কৰি এইদৰে কয় মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালে।
অসম চৰকাৰৰ পৰ্যটন বিভাগ, অসম পৰ্যটন উন্নয়ন নিগম তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত আজি বিয়লি গড়মূৰ মিনি ষ্টেডিয়ামত এইবাৰ ৰাস মহোৎসৱ শুভাৰম্ভ কৰা হয়।
সভাত আদৰণি ভাষন প্ৰদান কৰি পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই কয় যে মাজুলীৰ ৰাসলীলাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ, দিল্লী কলিকতা এয়াৰপৰ্টত মাজুলীৰ ৰাসোৎসৱৰ অহৰহ প্ৰচাৰ কৰাত গুৰুত্ব প্ৰদান এক বিশ্বমানৰ মৰ্যাদা দিবলৈ যত্ন কৰা হৈছে।
তদুপৰি মাজুলীৰ কমলাবাৰী, গড়মূৰ আৰু জেংৰাইমুখত ১০০টা টেন্ট স্থাপন কৰি দেশী বিদেশী পৰ্যটকৰ ৰাস দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত টেন্টৰ প্ৰথমটো বুকিং বাংলাদেশৰ চাৰিজনীয়া এটা দলে কৰা বুলি জয়ন্তমল্ল বৰুৱাই সদৰী কৰে।
উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণব শিল্পী উপেন বৰবায়নে পৰিবেশন কৰা কেলিগোপাল নাটৰ এটি গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত মুখ্য মন্ত্রীয়ে ৰাসৰ এখন পুস্তিকা উন্মোচন কৰাৰ লগতে, আৱাসিক টেন্ট আৰু মাজুলীৰ ৰাস মঞ্চসমূহৰ স্থান চিহ্নিত কৰি প্ৰস্তুত কৰা মাজুলীৰ এখন মেপ উন্মোচন কৰে।
অনুষ্ঠানত গড়মূৰ সৰু সত্ৰৰ শিল্পীৰ দলে মহাৰাস প্ৰদৰ্শন কৰাৰ লগতে মাজুলীৰ ৬০ টা মঞ্চৰ আয়োজক সমিতিক মুখ্য মন্ত্রীয়ে সম্বৰ্দ্ধনা জনায়।
আজিৰ অনুষ্ঠানত মন্ত্রী নৱ কুমাৰ দলে, সাংসদ প্ৰদান বৰুৱা, বিধায়ক বিমল বৰা, ড০ ডম্বৰুধৰ নাথ, মাধুৰীমা সেন বৰুৱা, ঔৱা সত্ৰৰ সত্ৰাধিকাৰ শৰৎ চন্দ্ৰ গোস্বামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ গোস্বামীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইয়াৰ পিছতে মুখ্য মন্ত্রীয়ে মাজুলীৰ দক্ষিনপাট সত্ৰ আৰু উত্তৰ কমলাবাৰী সত্ৰৰ ৰাসলীলা উদ্বোধন কৰে।