• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“দুৰ্ঘটনাজনিত” আছিল গান্ধীজীৰ মৃত্যু?

“জাতিৰ পিতা”ৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক অ’ড়িছা চৰকাৰে বিলোৱা চৰকাৰী পুস্তিকাৰ তথ্যক লৈ বিতৰ্ক।

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2019 8:48 pm
Rare studio photograph of Mahatma Gandhi taken in London England UK at the request of Lord Irwin 1931

মহাত্মা গান্ধী। ছবি-- উইকিমিদিয়া কমনছ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ “জাতিৰ পিতা”ৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ দেশজোৰা চৰকাৰী আয়োজনৰ মাজতে অ’ড়িছাৰ শিক্ষা বিভাগে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক কৈছে গান্ধীজীৰ মৃত্যু “দুৰ্ঘটনাজনিত” আছিল।

আমা বাপুজী: আকা ঝলকা (আমাৰ বাপুজী: এক জিলিঙনি) শীৰ্ষক ৰঙীন পুস্তিকাখনত কোৱা হৈছে, “১৯৪৮ চনৰ ৩০ জানুৱাৰিত নতুন দিল্লীৰ বিৰলা হাউচত তেওঁৰ মৃত্যু হৈছিল ঘটনাক্ৰমৰ এক দুৰ্ঘটনাজনিত কাৰণত”।

তাৎপৰ্য্যপূৰ্ণভাৱে, দুই পৃষ্ঠাৰ পুস্তিকাখন গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবেই অ’ড়িছা চৰকাৰে প্ৰকাশ কৰিছে।

নাথুৰাম গদছেই কেইবাশও লোকৰ উপস্থিতিত গান্ধীজীক গুলীয়াই মৰা বুলি সকলোৱে জনা তথ্যটোৰ অনুপস্থিতিৰ বাবে বহুলোকে পুস্তিকাখনত আপত্তি দৰ্শাইছে আৰু অ’ড়িছা চৰকাৰৰ উদ্দেশ্যত প্ৰশ্ন উত্থাপন কৰিছে।

উগ্ৰ হিন্দুত্ববাদী গদছেক গান্ধী-হত্যাত দোষী সাব্যস্ত কৰা হৈছিল আৰু তেওঁক ফাঁচী দিয়া হৈছিল।

বহুলোকে এতিয়া পুস্তিকাখনে ঐতিহাসিক সত্যত ঢাকনি দি নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিব বুলি অভিযোগ তুলিছে, আৰু ইয়াক বাতিল কৰাৰ দাবী উত্থাপন কৰিছে।

কিছু লোকে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী সমীৰ দাসৰ পদত্যাগ দাবী কৰিছে।

মন্ত্ৰী দাসে পুস্তিকাখন সন্দৰ্ভত কি কৰিব পৰা যায় চোৱাৰ আশ্বাস দিছে, কিন্তু বিষয়টোক একধৰণৰ মান্যতাও দিছে।

তেওঁৰমতে, কোমলমতীয়া ল’ৰা-ছোৱালীবোৰৰ সংবেদনশীলতাক আঘাত নকৰাৰ বাবেই হত্যা-গুলীৰ দৰে শব্দ ব্যৱহাৰ কৰা হোৱা নাছিল।

“গুলীওৱাৰ ঘটনাটোও আনকি এক দুৰ্ঘটনা,” পুস্তিকাখনত ব্যৱহৃত “ঘটনাক্ৰমৰ দুৰ্ঘটনাজনিত কাৰণ” বাক্যটোৰ উদ্দেশ্য ইতিহাস বিকৃতকৰণৰ কোনো অভিপ্ৰায় নহয় বুলি উল্লেখ কৰি দাসে এক সংবাদপত্ৰক কয়।

পুস্তিকাখনত বিষয়টো অধিক বিস্তাৰিতভাৱে উল্লেখ থকা হ’লে ভাল আছিল বুলি অৱশ্যে মন্ত্ৰীজনে মন্তব্য কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd