• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাণু মণ্ডলৰ নতুন মেক-আপক লৈ ছ’চিয়েল মিডিয়াত অশোভনীয় ব্যংগ-বিদ্ৰূপৰ জোৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2019 5:02 pm
Ranu Mandol make-up
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ছ’চিয়েল মিডিয়া য়ুজাৰসকলক আশা কৰাতকৈ সোনকালেই ৰাণু মণ্ডলৰ প্ৰতিভাক একাষৰীয়া কৰি তেওঁৰ চেহেৰা আৰু সাজপাৰ কেন্দ্ৰিক তুচ্ছ আলোচনাত ব্যস্ত হৈ পৰা দেখা গৈছে।

যোৱা কেইবাদিন ধৰি ৰাণুক ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণে উপহাস কৰা হৈছে। এজন অনুৰাগীক অশভোনীয় ব্যৱহাৰ কৰা, অনুৰাগীৰ সৈতে ছেলফি উঠিবলৈ অস্বীকাৰ কৰা ইত্যাদি সৰু-সুৰা কথাক লৈ টুইটাৰত ৰাণুক বিদ্ৰূপ আৰু ভেৰাকূটি কৰি বিভিন্ন টুইট দিয়া হৈছে আৰু বিভিন্ন ব্যংগচিত্ৰও আপল’ড কৰা হৈছে।

শেহতীয়াকৈ ৰাণুৰ অত্যধিক মেইক-আপ কৰা মুখমণ্ডলৰ এখন ফটোক লৈও ছ’চিয়েল মিডিয়া য়ুজাৰ ব্যস্ত হৈ পৰিছে হাস্য-ব্যংগ কৰাত।

এটা বিৰল শুৱলা কণ্ঠৰ অধিকাৰী ৰাণুৱে পশ্চিম বংগৰ ৰাণাঘাট ৰে’ল ষ্টেইশ্যনত গান গাই থকা মুহূৰ্তত এজন লোকে ফেইচবুক লাইভ কৰাত তেওঁ কেইদিন মানৰ ভিতৰতে গোটেই দেশবাসীৰ পৰিচিত হৈ উঠিছিল।

তাৰ পিছতে তেওঁক বলিউডত গান গোৱাৰো একাধিক সুযোগ দিয়া হয়। তেওঁ যথেষ্ট ধনো লাভ কৰে পাৰিশ্ৰমিক হিচাপে আৰু এগৰাকী চেলিব্ৰেটিৰ দৰে হৈ পৰে। এই আকস্মিক পৰিৱৰ্তন তেওঁৰ চাল-চলন, আশা-আকাংক্ষাতো ফুটি উঠা বুলি কোৱা হয়।

কিন্তু কম শিক্ষা-দীক্ষা থকা বাবে আৰু তথাকথিত নগৰীয়া “সভ্যতা”ৰ সৈতে সু-অভ্যস্ত নোহোৱা ৰাণুৱে মাজে মাজে খাপ নোখোৱা ধৰণৰ বা অবাঞ্ছিত ধৰণৰ মনোভাবৰ (attitude) বহিঃপ্ৰকাশ ঘটাই আহিছে, যিটো অলপো পলম নকৰি ছ’চিয়েল মিডিয়া য়ুজাৰে গায়িকাগৰাকীক হেয় কৰিবলৈ ব্যৱহাৰ কৰি আহিছে।

শেহতীয়াকৈ এই মে’ক আপ কেন্দ্ৰিক চৰ্চাত তেওঁক য়ুজাৰসকলে “নান”, “লেডি জ’কাৰ” আদি অপমানজনক শব্দ ব্যৱহাৰ কৰা দেখা গৈছে।

অৱশ্যে সকলোৱে যে এনেকুৱা কৰিছে বা কোনেও যে ৰাণুৰ প্ৰতি হোৱা এই অন্যায়ৰ প্ৰতিবাদ কৰা নাই তেনে নহয়। বহুতে তেওঁৰ প্ৰতিভাক এতিয়াও অগ্ৰাহ্য কৰা নাই বা “এক প্যাৰ কা নাগমা হ্যে”ৰ মিঠা আৱেদনক এতিয়াও উপেক্ষা কৰা নাই।

গায়িকাগৰাকীৰ প্ৰতিভাকহে অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়ো বহুতো পোষ্ট আৰু মন্তব্য দেখা যায়।

এজন য়ুজাৰে কৈছে, “তোমালোকক ধিক্কাৰ দিছো, যিসকলে এগৰাকী মহিলাক ট্ৰ’ল কৰিবলৈ এই অশোভনীয় আৰু কাল্পনিক ভেৰাকুটিবোৰ ব্যৱহাৰ কৰিছা।”

আন এগৰাকীয়ে কৈছে, “তেওঁৰ চেহেৰা আৰু সাজপাৰক নহয়, প্ৰতিভাক গুৰুত্ব দিয়ক।”

সুনীতা সিং নামৰ এগৰাকী মহিলাই কৈছে, “ষ্টেইশ্যনেই ঠিক আছিল, এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে একো নাজানে তেওঁক কেন্দ্ৰ কৰি কিবোৰ হৈ আছে।”

উল্লেখযোগ্য যে বহুল পৰিচিতি লাভেৰে আজিৰ স্থানলৈ অহাৰ পূৰ্বে বিৰাট প্ৰতিভা থকা সত্ত্বেও জীৱনৰ পাঁচটা দশক ৰাজহুৱা দৃষ্টিৰ আঁতৰত দুখ-কষ্টৰ জীৱন পাৰ কৰিছিল ৰাণুৱে। তেওঁ ৰেইল ষ্টেইশ্যনটোত গান গাই ভিক্ষা খুজি জীৱন কটাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd