• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি বিধায়কৰ Live Video: “ৰাইজে চাওক, এইবোৰ সব অবৈধ কয়লাৰ ট্ৰাক গৈ আছে”

মই কাৰো দাবী-ধমকিত সেও মনা মানুহ নহয়, সঁচা কথাটো মই সদায় অন্তৰৰ পৰা কওঁ: ডিগবৈৰ শাসকীয় বিধায়ক সুৰেন ফুকন।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 27, 2019 10:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কয়লা চিণ্ডিকেটৰ অভিযোগত সোণোৱাল চৰকাৰ ধাৰাবাহিকভাৱে সমালোচিত হৈ অহাৰ মাজতে ডিগবৈৰ শাসকীয় বিধায়ক সুৰেন ফুকনে ঘটাইছে মহা অথন্তৰ।

সোমবাৰে মাজনিশা ফে’চবুকত লাইভ ভিডিঅ’ৰ জৰিয়তে ফুকনে “অসমৰ জনসাধাৰণ”ক প্ৰদৰ্শন কৰিছে তিনিচুকীয়া-মাৰ্ঘেৰিটাৰ মাজত চলা “অবৈধ কয়লা” পৰিবাহী ট্ৰাকৰ লানি।

Apply Now

ঘটনাটোৱে কোদো বাহত হাত দিয়াসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু চ’চিয়েল মিদিয়াত এতিয়া সি ভাইৰেল হৈ পৰিছে।

ফুকনে নিজ ঘৰ টিংৰাইত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ থাকি মাজ ৰাতি ১২ বজাত অহা যোৱা কৰি থকা “অবৈধ কয়লা” পৰিবাহী ট্ৰাকলৈ আঙুলিয়াই দিয়া দেখা গৈছে।

“এই ১২ বজাৰ পিছত অবৈধ কয়লা ট্ৰাকসমূহ কেনেধৰণে নিয়ে এই কথাখিনি মই জনাব বিচাৰিছো। ইয়াত পুলিচ-প্ৰশাসন সম্পূৰ্ণ জৰিত আছে, কয়লা মাফিয়া জৰিত আছে, বহুত দল-সংগঠনবিশেষ জৰিত আছে…এইখন ট্ৰাক গৈ আছে, চাওক, সব অবৈধ কয়লা,” “অসমৰ ৰাইজক” জনোৱাৰ বাবে এই ব্যৱস্থা কৰা বুলি উল্লেখ কৰি ভিডিঅ’টোত ফুকনে কৈছে।

ফুকনে প্ৰায় ৯ মিনিটৰ ভিডিঅ’টোত কোৱামতে, এই ট্ৰাকসমূহ ৰাতি ১০ বজাৰ পৰা পুৱা ৪ বজালৈকে চলে আৰু সেইবোৰ ৰখাবলৈ কোনো পুলিচ-প্ৰশাসন নাই।

অবৈধ কয়লা ব্যৱসায়ত ফুকন জৰিত বুলি চ’চিয়েল মিদিয়া আৰু কাকতত বাতৰি প্ৰকাশ পাই অহাৰ ফলতে ‘‘সত্য উদঘাটনৰ বাবে” এই পথ লোৱা বুলি ভিডিঅ’টোত তেওঁ কৈছে।

ফুকনৰ ভিডিঅ’টো বাতৰি লিখাৰ সময়ত তেওঁৰ ফে’চবুক একাউণ্টত নাই। বহুলোকে তেওঁক এই কথাক লৈ প্ৰশ্ন কৰাৰ বিপৰীতে ফুকনে তেৱেঁই ভিডিঅ’টো লাইভ কৰা বুলি দায়িত্ব স্বীকাৰ কৰিছে।

“এক্সিডেণ্টেলি ডিলিট হৈ গৈছে, কেনেবাকৈ মোৰ হাত লাগি গ’ল।…আৰে ডিলিট কৰিলে মানে কি? মই কাৰো দাবী ধমকিত সেও মনা মানুহ নহয়। সত্য মই সদায় কওঁ, সত্য কথা কওঁতে কাকো কেয়াৰ নকৰো, শাসক বিৰোধী যিয়েই নহওক, সঁচা কথাটো মই সদায় অন্তৰৰ পৰা কওঁ,” নৰ্থইষ্ট নাওত ফুকনে ভিডিঅ’টোৰ সত্যতাৰ নিশ্চিতি দি কয়।

সঁচা কথা ক’লেও মিডিয়াই তেওঁক “বেলেগ ধৰণে” উপস্থাপন কৰা বুলি মন্তব্য কৰি ফুকনে কয় তেওঁৰ কমেন্ট আজিকালি মিডিয়াই সকলো ওলোটা দিয়ে।

বহুলোকে চ’চিয়েল মিডিয়াত ফুকনৰ “সাহস আৰু সততা”ৰ শলাগ লোৱাৰ বিপৰীতে একাংশই তেওঁ বিধায়ক হৈয়ো কিয়নো আৰক্ষীৰ সহায় নল’লে বুলি প্ৰশ্ন কৰিছে।

কিন্তু, ফুকনে পূৰ্বে নিজে অবৈধ কয়লা ট্ৰাক ধৰাৰ কথা উল্লেখ কৰি কয় যে একাংশ সংবাদ পত্ৰই তেওঁক “বিতৰ্কিত বিধায়ক” বুলিহে তেতিয়া উল্লেখ কৰিছিল।

অসম প্ৰদেশ যুৱ কংগ্ৰেছে বিধায়ক ফুকনক “ধন্যবাদ” জনাইছে। বিধান সভাৰ মজিয়াত একেখিনি অভিযোগ উত্থাপন কৰিবলৈ তেওঁক আমি আহ্বান জনাইছো, যুৱ কংগ্ৰেছৰ সভাপতি কামৰুলে কয়।

অবৈধ কয়লাৰ বেহাক লৈ চৰকাৰলৈ আঙুলি তুলি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে হয় ফুকনৰ গ্ৰেপ্তাৰ, নহয় সোণোৱালৰ পদত্যাগ দাবী কৰিছে।

কথাটো যদি মিছা তেন্তে সুৰেন ফুকনক তৎকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু যদি সঁচা তেন্তে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পদত্যাগ কৰিব লাগে, গগৈয়ে কয়।

অবৈধ কয়লাক লৈ বিৰোধী কংগ্ৰেছ আৰু অসমৰ দল-সংগঠনৰ পিছত খোদ সতীৰ্থ বিধায়কৰ এই মুকলি স্থিতিৰ পিছত এতিয়া মুখ্য মন্ত্ৰী তথা গৃহ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ভূমিকা লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd