সোমবাৰে নেপালৰ মহিলা ক্ৰিকেট দলৰ বলাৰ অঞ্জলী চান্দে কোনো ৰান খৰচ নকৰাকৈ ৬টা উইকেট দখল কৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিলে।
দেশখনৰ পোখৰা (কাঠমাণ্ডু)ত চলি থকা ছাউথ এছিয়ান গেইমছত মালদ্বীপৰ বিৰুদ্ধে খেলা মেচত খেলুৱৈগৰাকীয়ে এই কাৰনামা কৰে।
আন্তঃৰাষ্ট্ৰীয় টি-২০ত পুৰুষে হওক বা মহিলাই হওক অঞ্জলীৰ পূৰ্বে এনেধৰণৰ প্ৰদৰ্শন কোনেও দাঙি ধৰিব পৰা নাছিল। টি-২০ত এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।
মেচখনত মালদ্বীপে প্ৰথমে বেট ধৰিব আহি নেপালৰ বলিং আক্ৰমণৰ সন্মুখত তিষ্ঠিব নোৱাৰি মাত্ৰ ১৬ ৰানতে ইনিংছ সামৰে। ইফালে নেপালে মাত্ৰ ৫টা বলতে নিজৰ লক্ষ্যত উপনীত হয়।
উল্লেখ্য যে ২৪ বছৰীয়া অঞ্জলীয়ে ইনিংছৰ ৭ নম্বৰ অ’ভাৰত তিনিটা, ৯ নম্বৰ অ’ভাৰত দুটা আৰু ১১ নম্বৰ অ’ভাৰত অন্তিমটো তথা ৬ নম্বৰ উইকেটো লাভ কৰে।
মধ্যম গতিৰ পেছ বলাৰ অঞ্জলীয়ে মেচখনত মাত্ৰ ১৩টা বল কৰে। তেওঁ অন্তিম তিনিটা বলত তিনিটা উইকেট দখলেৰে হেট্ৰিক অৰ্জন কৰিবলৈও সক্ষম হয়।
ইয়াৰ লগে লগে তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা টি-২০ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা বলাৰত পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই ৰেকৰ্ড মালদ্বীপৰ মাছ এলিছাৰ নামত আছিল।
আনহাতে পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় টি-২০ত সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ ৰেকৰ্ড ভাৰতৰ পেচ বলাৰ দীপক চাহাৰৰ নামত আছে। তেওঁ বাংলাদেশৰ বিৰুদ্ধে ৭ ৰানত ৬টা উইকেট দখল কৰিছিল।