• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অযোধ্যা বিবাদৰ ধৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমস্যা সমাধান কৰিব লাগে :  হাগ্ৰামা মহিলাৰী

পৃথক ৰাজ্যৰ দাবী বাদ নিদিলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো দল, সংগঠনৰ সৈতে কথা নাপাতে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
December 3, 2019 7:42 pm
Hagrama

হাগ্ৰামা মহিলাৰী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বি পি এফ দলে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত যি আলোচনাত মিলিত হৈছে,  তাত বি পি এফ দলে বিশেষ একো মন্তব্য কৰা নাই। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অসমৰ বিভিন্ন জাতীয় দল-সংগঠন  তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক  দলৰ মুৰব্বী সকলক সন্মান প্ৰদৰ্শন কৰি আলোচনালৈ মাতি নি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাক লৈ যি মত বিনিময় কৰিছে,  এই মত বিনিময় অনুষ্ঠানত বি পি এফক তৰফৰ  পৰা যিদৰে  অযোধ্যাৰ  ৰাম মন্দিৰ আৰু বাবৰী মছজিদৰ সমস্যা সমাধান কৰা হৈছে ঠিক সেইদৰেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ  সমস্যাও সমাধান কৰিব লাগে’’ বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়।

আজি বাক্সা জিলাৰ নাগ্ৰীজুলিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৪ কোটি ৯০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৩০ খন বিচনাযুক্ত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়খনৰ শুভ উদ্বোধন  কৰাৰ পাছত  চিকিৎসালয় চৌহদত অনুষ্ঠিত  এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে  এইদৰে মন্ত্যৱ কৰে।

Apply Now

৩ ডিচেম্বৰ শনিবাৰে দিনৰ ১১-৩০ বজাত নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় চৌহদত স্বাস্থ্য বিভাগৰ যুটীয়া সচিব দীনেশ বড়োয়ে সঞ্চালনা কৰা বিশাল ৰাজহুৱা সভাত ৰাইজক সম্বোধি বিটিচি প্ৰধান  হাগ্ৰামা মহিলাৰীয়ে  কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এনডিএফবি প্ৰগতিশীল গোটৰ লগত আলোচনাৰ প্ৰক্ৰিয়াত মিলিত হৈছে আৰু চুক্তি সম্পন্ন হবলৈ গৈ আছে।

‘‘পৃথক বড়ো ৰাজ্যৰ দাবী বাদ দিয়া বাবেই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এনডিএফবি প্ৰগতিশীলৰ ধীৰেন বড়ো গোটৰ লগত আলোচনাত মিলিত হৈছে আৰু অচিৰেই চুক্তিও সম্পন্ন হব,’’হাগ্ৰামাই লগতে কয়।

ইতিমধ্যে, এনডিএফবিৰ জংঘলত থকা বি বিদাই নেতৃত্বাধীন আৰু অন্য গোটকো  আলোচনাৰ মেজলৈ অনাৰ প্ৰচেষ্টা হাতত লোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা অনুমতি বিচাৰি থকা হৈছে যাতে বিটিএডি তথা ৰাজ্যত স্থায়ী শান্তি প্ৰতিষ্ঠা হয় বুলিও হাগ্ৰামাই সভাত কয়।

আনহাতে, নিখিল বড়ো ছাত্র সন্থা  আৰু এনডিএফবিৰ গোবিন্দ বসুমতাৰী গোটক কটাক্ষ কৰি ৰাজহুৱা সভাখনত হাগ্ৰামা মহিলাৰীয়ে কয় যে, নিখিল বড়ো ছাত্র সন্থা  আৰু গোবিন্দ বসুমতাৰী গোটে দিল্লীত গৈ পৃথক ৰাজ্য নালাগে বুলি কৈ আলোচনাৰ পোষকতা কৰে।  কিন্ত অসমলৈ ঘূৰি আহি ডিভাইড আচাম ফিফটি ফিফটি শ্লোগান দি পৃথক বড়ো ৰাজ্যৰ দাবীত আন্দোলন কৰে।

পৃথক ৰাজ্যৰ দাবী বাদ নিদিলে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে কোনো কাৰণতে কোনো দল সংগঠনৰ লগত আলোচনা নকৰে বুলি হাগ্ৰামা মহিলাৰীয়ে আজিৰ এই ৰাজহুৱা সভাত স্পষ্ট ভাবে মন্তব্য কৰে।

নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয় উদ্বোধনৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত আদৰণি ভাষণ ৰাখি তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিটিচিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ বহু ৰাজ্যতকৈ বিভিন্ন ক্ষেত্ৰৰ লগতে  বিটিচিৰ যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নয়ন হৈছে । বিধায়ক গৰাকীয়ে সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰি তেওঁ নিজেই জনজাতীয়   লোক হয় যদিও অজনজাতীয়  লোক সকলক বুৰ্বক সাজি, ঠগি আহিছে আৰু দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে বুলি কয়।

আজিৰ অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বাসুমতাৰী, কাৰ্যবাহী সদস্য বিজিত গৌৰা নাৰ্জাৰী, নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ন দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক প্ৰফেছৰ এ কে বৈশ্য, বাক্সা জিলাৰ উপযুক্ত ৰঞ্জন শৰ্মা, বাক্সা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গুনীন দেৱ শৰ্মাকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকলে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd